নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোন দিশে জ’বাইডেন

-পলাশ জ্যোতি বৰা

জ’বাইডেন আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি হ’ল৷ ভাৰতৰ দৰে উন্নয়নশীল দেশৰ বাবে আমেৰিকাৰ ৰাষ্ট্রপতি নির্বাচনৰ খবৰটো যথেষ্ট গুৰুত্বপূর্ণ হিচাপে বিবেচিত হৈ আহিছে৷ ডেম’ক্রেটিক দলৰ প্রার্থী বাৰাক অ’বামা ৰাষ্ট্রপতি হোৱাৰ পিছত বিশ্বই আশা কৰিছিল যে পূর্বৰ ৰাষ্ট্রপতিৰ ব্যক্তিত্বত নথকা এক ব্যতিক্রমী সত্তা অ’বামাৰ আছে আৰু অনুকূল সময়ৰ বাবে তেওঁ আমেৰিকাৰ লগতে বিশ্ববাসীয়ে আশা পালি থকা পৰিৱর্তন সাধন কৰিব পাৰিব৷ পিছে অ’বামাই সম্পূর্ণৰূপে সেয়া সম্ভৱ কৰি তুলিবলৈ সক্ষম নহ’ল৷ নির্বাচনৰ সময়ত সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰা অন্যতম প্রতিশ্রুতি আছিল গুৱাণ্টামো দ্বীপৰ কাৰাগাৰ বন্ধ কৰা৷ পিছে অ’বামাই গুৱাণ্টামো দ্বীপৰ কাৰাগাৰ বন্ধ কৰাৰ প্রতিশ্রুতি আৰু অন্যান্য মানৱ অধিকাৰ সম্বন্ধীয় প্রতিশ্রুতিসমূহক ন’বেল পুৰস্কাৰ গ্রহণ কৰাৰহে ঢ়াল হিচাপে ব্যৱহাৰ কৰিলে নেকি? বিশ্ববাসীৰ মনৰ পৰা সেই সন্দেহ আজিও আঁতৰ হোৱা নাই৷ প্রথম বিশ্বযুদ্ধৰ পৰা আমেৰিকাক আঁতৰাই ৰখাৰ প্রতিশ্রুতি দিয়া উদ্র’ উইলছনে কিন্তু কথা ৰাখিব পৰা নাছিল, বিশ্বযুদ্ধৰ অৱসান ঘটিছিল আমেৰিকাৰ অন্তর্ভুক্তিৰ জৰিয়তেহে৷ একে পথকেই অনুকৰণ কৰি ফ্রেংকলিন ডি ৰুজভেল্টেও দ্বিতীয় বিশ্বযুদ্ধত আমেৰিকাক লিপ্ত নকৰাৰ প্রতিশ্রুতি পাহৰি জাপানৰ ওপৰত বোমাবর্ষণ কৰিবলৈও কুণ্ঠাবোধ কৰা নাছিল৷ অ’বামাই পাকিস্তান সর্ম্পকে দিয়া মন্তব্যসমূহৰ পৰাই তেওঁৰ পাকিস্তানপ্রীতিৰ উমান পোৱা যায়৷ চীনৰ প্রগতি আমাৰ বাবে ইতিবাচক হৈছে বুলি উল্লেখ কৰাৰ লগতে অ’বামাই মন্তব্য কৰিছিল– ‘সুস্থ আৰু সবল চীন আন দেশৰ বাবে আদর্শ হ’ব পাৰে৷’ পাকিস্তানৰ ভাৰতবিৰোধী স্থিতি আৰু চীনৰ আগ্রাসনৰ ক্ষেত্রত অ’বামাৰ স্থিতি শক্তিশালী নাছিল৷ অ’বামাই পাকিস্তানক ২২.৭ বিলিয়ন মার্কিন ডলাৰৰ সাহায্য প্রদানৰ পিছত অ’বামাৰ স্থিতি অধিক পৰিষ্কাৰ হৈ পৰিছিল৷ ২০০০ চনলৈকে ভাৰত–আমেৰিকাৰ সম্পর্ক মধুৰ নাছিল৷ ১৯৭৮ চনত জিমি কার্টাৰৰ পিছত ২০০০ চনত অর্থাৎ ২২ বছৰৰ পিছত বিল কিল্টনে ভাৰতৰ মাটিত ভৰি থৈছিল৷ সুদীর্ঘ ২২ বছৰৰ অন্তত আমেৰিকাৰ ৰাষ্ট্রপতিক ভাৰতৰ মাটিত স্বাগতম জনাবলৈ সক্ষম হোৱাটো ভূতপূর্ব প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ীৰ বাবে এক ডাঙৰ সফলতা আছিল৷ অটল বিহাৰী বাজপেয়ীও ইয়াৰ পূর্ণ সুযোগ গ্রহণ কৰে৷ তেওঁ ২০০১ চনত দুবাৰ, ২০০২ আৰু ২০০৩ চনত এবাৰলৈ আমেৰিকা ভ্রমণ কৰে৷ ২০০১ চনত জর্জ বুশ্ব আমেৰিকাৰ ৰাষ্ট্রপতি হৈ থকা সময়ত ৯/১১ ঘটনা, ভাৰতবর্ষৰ সংসদ ভৱন আক্রমণ, ২০০৩ত মুম্বাই কাণ্ড সংঘটিত হয়৷ বাজপেয়ীৰ ভ্রমণকালত ভাৰত–আমেৰিকাই সন্ত্রাসবাদ নির্মূলকৰণৰ বাবে ঐকবদ্ধভাৱে কাম কৰিব বুলি জর্জ বুশ্বে প্রতিশ্রুতি প্রদান কৰে৷ ২০০৬ চনত জর্জ বুশ্বৰ ভাৰত ভ্রমণৰ কালছোৱাত দুই দেশৰ মাজত পাৰমাণৱিক চুক্তি সম্পাদিত হয়৷ ভাৰত ১৯৯৮ চনতে পাৰমাণৱিক শক্তিৰ অধিকাৰী হৈছিল যদিও এই সম্পৰীক্ষণৰ বাবে যিসমূহ ইন্ধন লাগে সেইসমূহৰ অভাৱত ভুগি আছিল, কিয়নো ইন্ধনসমূহ এন এছ জিহে (নিউক্লিয়েৰ ছাপ্লাই গ্রুপ) যোগান ধৰে৷ ভাৰতে এই প্রতিশ্রুতি দিব লগা হৈছিল যে এইসমূহ ভাৰতে কেৱল অসামৰিক ক্ষেত্রতহে ব্যৱহাৰ কৰিব, সামৰিক ক্ষেত্রত ব্যৱহাৰ নকৰে৷ ভাৰতৰ বাবে এটা ডাঙৰ কূটনৈতিক সফলতা যে ভাৰতে পাৰমাণৱিক নি–সম্প্রসাৰণ চুক্তিত স্বাক্ষৰ নকৰা সত্ত্বেও আমেৰিকাই ভাৰতৰ লগত পাৰমাণৱিক সহযোগিতা আগবঢ়াইছিল৷ বাৰাক অ’বামা আমেৰিকাৰ ৰাষ্ট্রপতি হোৱাৰ পিছত ২০১০ চনত ভাৰত ভ্রমণলৈ আহে৷ অ’বামাই ভাৰত ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদৰ সদস্য হোৱাটো বিচাৰে বুলি মন্তব্য কৰিছিল৷ লগতে এন এছ জি, মিছাইল টেকন’লজী কণ্ড্র’ল ৰিজিউম, অষ্ট্রেলিয়া গ্রুপ, ৱেছেনাৰ চুক্তিত ভাৰতৰ সদস্যভুক্তিৰ পোষকতা কৰে৷ ২০১৫ চনৰ ২৬ জানুৱাৰীত নৰেন্দ্র মোদীৰ আমন্ত্রণক্রমে বাৰাক অ’বামা গণৰাজ্য দিৱসৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে৷ অ’বামাই ভাৰতৰ বাবে ৪ বিলিয়ন মার্কিন ডলাৰৰ ঋণ, শক্তিখণ্ডৰ বাবে ২ বিলিয়ন মার্কিন ডলাৰ প্রদানৰ কথা ঘোষণা কৰে৷ ২০১৬ চনত ভাৰতে আমেৰিকাৰ লগত লেমুৱা স্বাক্ষৰ কৰে৷ ড’নাল্ড ড্রাম্প আমেৰিকাৰ ৰাষ্ট্রপতি হৈ থকা সময়ছোৱাত ওপৰত উল্লেখ কৰা এন এছ জিৰ বাহিৰে আটাইকেইটা গ্রুপৰ সদস্য হয়৷ ইয়াৰ উপৰি কমকাছা আৰু বেকা নামৰ দুখন গুৰুত্বপূর্ণ চুক্তি স্বাক্ষৰিত হয়৷ ২০০৫ চনত সামৰিক ক্ষেত্রত আমেৰিকাৰ লগত ৪০০ মিলিয়ন মার্কিন ডলাৰৰ লেনদেনৰ বিপৰীতে ২০২০ চনত ইয়াৰ পৰিমাণ ১৮ বিলিয়ন মার্কিন ডলাৰলৈ বৃদ্ধি পায়৷ ২০১৯ চনত আমেৰিকা আৰু ভাৰতৰ মাজত ১৪৯ বিলিয়ন মার্কিন ডলাৰৰ ব্যৱসায় হৈছিল৷ আমেৰিকাৰ লগত ভাৰতৰ ব্যৱসায়িক ৰাহি surplus) আছে, কিন্তু চীনৰ লগত ব্যৱসায়িক ঘাটি আছে৷ ভাৰতকGSPGeneralized System Of Preference)ৰ পৰা আঁতৰ কৰাটো ড্রাম্পে ভাৰতৰ প্রতি কৰা অসন্মান বুলিয়েই অভিহিত কৰিব পাৰি৷ কিয়নো এই ব্যৱস্থাৰ দ্বাৰা ভাৰতে ৬ বিলিয়ন ডলাৰলৈকে বিনাদ্বিধাই আমেৰিকাৰ লগত বাণিজ্য কৰিব পাৰিছিল৷ ড্রাম্পে কৃষিজাত আৰু দুগ্ধজাত সামগ্রীৰ বাবে ভাৰতৰ বজাৰ মুকলি কৰি দিবলৈ কৰা অনুৰোধ ভাৰতে ৰক্ষা কৰা নাছিল৷ তেনে কৰিলে ভাৰতবর্ষৰ খেতিয়কসকল বৃহৎ লোকচানৰ সন্মুখীন হ’ব৷RCEP ত স্বাক্ষৰ কৰা হ’লে ভাৰতে এই সিদ্ধান্ত ল’ব নোৱাৰিলেহেঁতেন৷ অ’বামাৰ কার্যকালত অর্থাৎ ২০১৬ চনৰ ফেব্রুৱাৰী মাহত স্বাক্ষৰিত হোৱাTPPTrans Pacific Partnership) চুক্তিৰ পৰা আমেৰিকাই ২০১৭ বর্ষত সদস্যপদ ত্যাগ কৰে৷ ড’নাল্ড ড্রাম্পৰ এই সিদ্ধান্তৰ পিছত বাকী ১১খন দেশেCPTPP গঠন কৰে৷ আমেৰিকাকে ধৰি মুঠ ১২খন দেশেৰে গঠিতTPP চীনৰ বিৰুদ্ধে থিয় দিব পৰাকৈ শক্তিশালী আছিল৷ মই ভাবোঁ যে কেৱল ডেম’ক্রেটিক পার্টী বা অ’বামাৰ বিৰোধিতা কৰিবলৈ গৈ ড্রাম্পে উক্ত চুক্তিৰ পৰা আমেৰিকাক আঁতৰাই অনাটো সঠিক সিদ্ধান্ত নাছিল৷ অ’বামাৰ দিনত স্বাক্ষৰিত হোৱা সেই চুক্তিত জ’ বাইডেনে পুনৰ আমেৰিকাক সদস্য কৰিবলৈ চেষ্টা কৰিবনে সেয়া অনাগত দিনত লক্ষণীয় হ’ব৷
ড্রাম্পৰ পিছত জ’ বাইডেনে আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি হিচাপে শপত ল’লে৷ বাইডেনৰ কার্যকাল আৰম্ভ হোৱাৰ লগে লগে আমেৰিকাৰ ৰাজনৈতিক অভিজ্ঞতা পুনৰ পৰীক্ষাৰ কাঠগডাত থিয় হৈছে৷ জ’ বাইডেন ভাৰতৰ বাবে ভাল নে বেয়া হ’ব সেয়া এতিয়াই কোৱাটো কঠিন৷ জ’ বাইডেনে এন আৰ চি, নাগৰিকত্ব সংশোধনী আইন আৰু জম্মু–কাশ্মীৰৰ পৰা ৩৭০নং অনুচ্ছেদ আঁতৰোৱাক লৈ যথেষ্ট সৰৱ হৈছিল আৰু বিৰোধিতা কৰি বহু কটু মন্তব্য প্রদান কৰিছিল৷ সমান্তৰালভাৱে কমলা হেৰিছেও এইক্ষেত্রত বিৰোধিতা কৰিছিল৷ কমলা হেৰিছে কৈছিল– ‘কাশ্মীৰীসকল অকলশৰীয়া নহয়, প্রয়োজনত আমি এইক্ষেত্রত হস্তক্ষেপ কৰিবলৈ সাজু আছোঁ৷’ তেওঁ আনকি হাউদি মোদী অনুষ্ঠানত অংশগ্রহণৰ পৰা বিৰত আছিল৷ ড’নাল্ড ড্রাম্পৰ কার্যকালতে ইৰান পাৰমাণৱিক চুক্তিৰ পৰা আমেৰিকাৰ প্রত্যাৱর্তনৰ ফলত এই চুক্তিয়ে মান্যতা হেৰুৱাইছিল৷ আমেৰিকাই ভাৰতক ইৰানৰ পৰিৱর্তে অন্য দেশৰ পৰা তেল ক্রয় কৰিবলৈ বাধ্য কৰাইছিল৷ ইৰানৰ লগত ভাৰতৰ এক মধুৰ সম্পর্ক আছে৷ ইৰানৰ উপৰি আফগানিস্তানৰ লগত বাণিজ্যৰ লগতে বৈদেশিক সম্পর্ক বর্তাই ৰাখিবলৈ ভাৰতে ইৰানৰ মাজেৰেহে আফগানিস্তানলৈ যাব লাগিব৷ প্রথমাৱস্থাত ভাৰতে আমেৰিকাৰ প্রস্তাৱ অগ্রাহ্য কৰিছিল৷ আমেৰিকাৰ প্রস্তাৱ অগ্রাহ্য কৰা দেশসমূহৰ বিৰুদ্ধে আমেৰিকাই কাটছা আইন বলৱৎ কৰে আৰু অর্থনৈতিক ক্ষেত্রত প্রতিবন্ধকতা আৰোপ কৰে৷ তুর্কী, ইৰানৰ অর্থনীতিৰ অৱস্থা দেখি ভাৰতে ইৰানৰ পৰা তেল ক্রয় কৰাটো বন্ধ কৰি দিবলৈ বাধ্য হয়৷ ভাৰতেS400Air Defence System একমাত্র আমেৰিকাৰ বাবে ক্রয় কৰিব পৰা নাই৷ অ’বামাৰ চীনৰ প্রতি থকা দুর্বলতাৰ বিষয়ে সকলো জ্ঞাত৷ কিন্তু চীনপ্রীতি দেখুৱাব পৰাকৈ জ’ বাইডেনৰ বাবে সময় অনুকূল নহয়৷ যদি সময়ৰ বিপৰীতে গৈ তেওঁ কার্য পৰিচালনা কৰে, তেন্তে ভৱিষ্যতৰ ছবিখন প্রতিশ্রুতিপূর্ণ বুলি ক’ব নোৱাৰি৷ দক্ষিণ চীন সাগৰত বাঢ়ি অহা চীনৰ আধিপত্যৰ বিৰুদ্ধে আমেৰিকাই সবল স্থিতি নল’লে আমেৰিকাৰেই ক্ষতি হ’ব৷ ইতিমধ্যে চীনৰ ৰাষ্ট্রপতি জি জিনপিঙে ২০৩৫ চনৰ ভিতৰত চীনক বিশ্বৰ শীর্ষস্থানত উপনীত কৰোৱাৰ লক্ষ্য বান্ধি লৈছে৷ পূর্বতে এই লক্ষ্য ২০৪৯ আছিল যদিও বহু কেইবছৰ আগুৱাই দিছে৷ ড’নাল্ড ড্রাম্পৰ শাসনকালত আমেৰিকাই পেৰিছ জলবায়ু চুক্তি, ৰাষ্ট্রসংঘৰ মানৱ অধিকাৰ পৰিষদ, বিশ্ব স্বাস্থ্য সংস্থা, ইউনেস্ক’ আদিৰ সদস্যপদ ত্যাগ কৰিছিল৷ শপতগ্রহণ কৰিয়েই বাইডেনে পেৰিছ জলবায়ু চুক্তি আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ সদস্যপদ গ্রহণৰ সিদ্ধান্ত লোৱাৰ পিছত বাকী দুটা সংস্থাৰো সদস্যপদ গ্রহণৰ পূর্ণ সম্ভাৱনা আছে৷আফগানিস্তান, ছিৰিয়া অথবা ইৰাকৰ পৰা আমেৰিকান সৈন্যবাহিনী প্রত্যাৱর্তন কৰা কার্যক জ’ বাইডেনে পুনৰ কার্যকৰী কৰিব নেকি তাৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ থাকিব৷ নির্বাচনৰ সময়ত বাইডেনৰ নির্বাচনী প্রচাৰৰ অন্যতম শ্লোগান আছিল Buy American’৷ ইয়াৰ দ্বাৰা তেওঁ বৈদ্যুতিক সামগ্রী আৰু বিদ্যুৎচালিত বাহন, G, কৃত্রিম বুদ্ধিমত্তা, প্রযুক্তিৰ ক্ষেত্রত আমেৰিকাক ক্ষিপ্রগতিৰে আগবঢ়াই নিবলৈ ৩০০ বিলিয়ন মার্কিন ডলাৰ ব্যয় কৰিব বুলি প্রতিশ্রুতি দিছিল৷ এই প্রতিশ্রুতিয়ে কার্যকৰী ৰূপ পালে সমগ্র বিশ্ব বিশেষকৈ দক্ষিণ–পূব এছিয়াৰ দেশসমূহত চীনৰ আধিপত্যক ৰোধ কৰাটো সহজ হ’ব৷ চীন নির্ভৰতাক ওফৰাই আমেৰিকাই এই ক্ষেত্রসমূহত প্রভাৱ বিস্তাৰ কৰিবলৈ সিদ্ধান্ত লোৱাটো যথেষ্ট গুৰুত্বপূর্ণ বুলি বিবেচিত হৈছে৷ ড’নাল্ড ড্রাম্পৰ কার্যকালত স্বাক্ষৰিত হোৱা আফগানিস্তান শান্তি চুক্তি এক আশাৰ বতৰা আছিল৷ আফগানিস্তানৰ ৬১ শতাংশ এলেকা তালিবানৰ অধীনত আছে বুলি বিশেষজ্ঞসকলে কৈ আহিছে৷ তালিবানক আফগানিস্তানৰ পৰা নিঃশেষ কৰাটো দূৰৰে কথা, আফগানিস্তানৰ চৰকাৰত তালিবানৰ প্রভাৱ বৃদ্ধি পাব বুলি আন্তঃৰাষ্ট্রীয় মহলত চর্চা হৈছে৷ এই সমগ্র প্রেক্ষাপট চাই ভাৰতেও সময়োপযোগী পদক্ষেপ লোৱাটো জৰুৰী হৈ পৰিছে৷ ভাৰতবর্ষই আফগানিস্তানত প্রায় ১০ বিলিয়ন মার্কিন ডলাৰ বিনিয়োগ আৰু বিভিন্ন কামত ব্যয় কৰিছে৷ ভাৰত–আমেৰিকাৰ ভৱিষ্যৎ সম্পর্কৰ ক্ষেত্রত বাণিজ্য যুদ্ধৰ এক গুৰুত্বপূর্ণ ভূমিকা আছে৷ আমেৰিকা–চীনৰ মাজত আমেৰিকাৰ ব্যৱসায়িক ঘাটি, ক’ৰোনা ভাইৰাছ বা দক্ষিণ চীন সাগৰত বাঢ়ি অহা চীনৰ আধিপত্যৰ বাবেই হওক বোধহয় ড্রাম্পৰ দৰে বিশ্বৰ কোনো এজন নেতাই চীনক ইমান কঠোৰ সমালোচনা কৰা নাই৷ বাণিজ্য যুদ্ধৰ বাবে আমেৰিকাই চীনৰ ওপৰত বহু বাধা আৰোপ কৰা বাবে ভাৰত লাভৱান হৈছিল৷ পূর্বতে চীনে আমেৰিকালৈ ৰপ্তানি কৰা বহু সামগ্রীৰ পৰিৱর্তে আমেৰিকাই ২০৩বিধ সামগ্রী চীনৰ সলনি ভাৰতৰ পৰা আমদানি কৰাৰ সিদ্ধান্ত লয়৷ প্রধানকৈ তিনিবিধ সামগ্রীৰ বাবতেই ভাৰতে ৭৫৫ মিলিয়ন মার্কিন ডলাৰ অতিৰিক্তভাৱে লাভ কৰিবলৈ সক্ষম হৈছিল৷ আমেৰিকা যুক্তৰাষ্ট্রৰ বাবে চীন কিছু প্রতিবন্ধকতাৰ মাজেৰে আগবাঢ়িবলগীয়া হৈছে৷ আমেৰিকানসকলৰ মাজত চীনবিৰোধী আৱেগ এতিয়াও হ্রাস পোৱা নাই৷ টাইৱান আৰু হংকঙৰ জনতাই মুকলিকৈ চীনৰ বিৰুদ্ধে বিষোদ্গাৰ প্রকাশ কৰি আহিছে৷ আগন্তুক দিনবোৰত আমেৰিকা যুক্তৰাষ্ট্র আৰু চীনে আধিপত্য বিস্তাৰৰ বাবে চলাই থকা যুঁজখন চাবলৈ অধিক আকর্ষণীয় হৈ উঠিব৷ জ’ বাইডেন আমেৰিকাৰ উপ–ৰাষ্ট্রপতি হৈ থাকোঁতে ২০১৩ চনত তেওঁ পুত্র হাণ্টাৰ বাইডেনৰ সৈতে বেইজিং ভ্রমণলৈ যায়৷ অলপ দিন পিছতে হাণ্টাৰ বাইডেন চীনৰ এক কোম্পানীৰ অংশীদাৰ হৈছিল৷ তদুপৰি ২০১৭ চনত হাণ্টাৰ বাইডেনে ঝানচাই মর্যাদা লাভ কৰে৷ বি এইচ আৰ পার্টনাৰৰ দ্বাৰা (চাইনা লাইফ, চীন ডেভেলপমেণ্ট বেংক আৰু চৰকাৰৰ প্রায় ২০ বিলিয়ন মার্কিন ডলাৰৰ বৃহৎ পুঁজি) কম কাম কৰা বা কাম নকৰাকৈ চিনাকিউৰ নামেৰে আর্থিক লাভ অথবা সদস্যভুক্তি লাভ কৰিব পাৰি যাক ঝানচাই বোলা হয়৷ আমেৰিকাৰ ৰাষ্ট্রপতিসকলে আন্তঃৰাষ্ট্রীয় ক্ষেত্রত এক কৌশলগত স্থিতি গ্রহণ কৰি আহিছে৷ সেয়া ডেম’ক্রেটিক বা ৰিপাব্লিকান দলৰেই নহওক কিয়৷ আমেৰিকাৰ স্বার্থক আগত ৰাখি তেওঁলোকে সিদ্ধান্ত গ্রহণ কৰে৷ বিশ্বৰ যিকোনো এটা ঘটনাত আমেৰিকা প্রৱেশ কৰাৰ লগে লগে ইয়াৰ প্রকৃতি সলনি হ’বলৈ ধৰে, যিদৰে প্রথম বিশ্বযুদ্ধ অথবা দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত হৈছিল৷ কাশ্মীৰক কেন্দ্র কৰি ভাৰত–পাকিস্তানৰ সীমা বিবাদ আৰু চীন–নেপাল সীমান্তত সৃষ্টি হোৱা সমস্যাৰ স্থায়ী সমাধানৰ ক্ষেত্রত জ’ বাইডেনে অথবা কমলা হেৰিছে নিয়মমাফিক আৰু প্রভাৱশূন্য অস্তিত্বৰ পৰিচয় দিয়াটো কোনেও নিবিচাৰে৷ একে সময়তে চীন চৰকাৰে মানৱ অধিকাৰ খর্ব কৰা উইঘোৰ মুছলমান লোকসকলৰ সপক্ষে সকলোৱে মাত মতাটো জৰুৰী হৈ পৰিছে৷ আন্তঃৰাষ্ট্রীয় মহলত এইলোকসকলৰ মানৱ অধিকাৰ উলংঘনৰ বিষয়ে চর্চা হৈছে যদিও সময়োপযোগী পদক্ষেপ গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই৷ পাকিস্তান, ছৌদি আৰব, তুর্কীকে আদি কৰি বহু ইছলামিক ৰাষ্ট্রয়ো চীনৰ লগত মধুৰ সম্পর্ক বর্তাই ৰখাৰ স্বার্থত উইঘোৰ মুছলমানসকলৰ হকে মাত মতা নাই৷ ৩৭০নং অনুচ্ছেদৰ বিপক্ষে মতপোষণ কৰা বাইডেন অথবা কমলা হেৰিছে উইঘোৰ মুছলমানসকলৰ সপক্ষত থিয় দিবনে? সেয়া আজিৰ তাৰিখত এক ডাঙৰ প্রশ্ণ৷ যদি নিদিয়ে তেনেহ’লে তেওঁলোকে কৈ অহা মানৱ অধিকাৰ সম্পর্কীয় বিষয়বোৰ কেৱল নির্বাচনৰ সময়ৰ এক সামান্য ঘটনা বুলি ব্যংগ কৰাৰ ক্ষেত্রত নিশ্চয় কাৰো আপত্তি নাথাকিব৷ ১৯২৮ চনত আমেৰিকান ভূতপূর্ব ৰাষ্ট্রপতি হার্বার্ট হুভাৰে প্রতিশ্রুতিৰ বন্যা বোৱাই কৈছিল– ‘প্রতি সাঁজ আহাৰতে একোটাকৈ কুকুৰা আৰু প্রতিটো গেৰেজতে দুখনকৈ গাডী জকমকাই থাকিব৷’ তাৰ পৰিৱর্তে আমেৰিকাবাসীক দিলে মহা মন্দাৱস্থা৷ যেতিয়াই ৰাজনৈতিক সমীকৰণৰ পৰিৱর্তন হয়, তেতিয়াই প্রতিশ্রুতি অদৃশ্য হয় আৰু সম্পর্ক সেইসকলৰ মাজতহে বর্তি থাকিব পাৰে, যি সমকক্ষ নহয়৷

You might also like