নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এছবিআইৰ এটিএমত ধন ভৰোৱাৰ নামত প্রৱঞ্চনাৰে ৪ কোটি লুট

🔹 বহুজাতিক প্রতিষ্ঠান Hitachiৰ মেনেজাৰ অজয় বিশ্বকর্মাক গ্রেপ্তাৰ, পলাতক তিনি

বিশেষ বাৰ্তা, ২৯ মে’ : ভাৰতীয় ষ্টেট বেংক চমুকৈ এছবিআইৰ এটিএমত ধন ভৰোৱাৰ নামত প্রৱঞ্চনাৰে ৪ কোটি টকা লুট কৰা ঘটনাই তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ এছবিআই কর্তৃপক্ষই এটিএমত ধন ভৰোৱাৰ ঠিকা প্রদান কৰিছিল বহুজাতিক প্রতিষ্ঠান Hitachiক৷ শেহতীয়াকৈ এছবিআই কর্তৃপক্ষই বছৰেকীয়া হিচাপ পৰীক্ষা কৰাত Hitachi নামৰ কোম্পানীটোৱে ৪ কোটি টকা এটিএমত ভৰোৱাৰ নামত আত্মসাৎ কৰাৰ তথ্য পোহৰলৈ আহে৷ এছবিআই কর্তৃপক্ষই ৪ কোটি টকা আত্মসাৎ কৰাৰ ঘটনা সন্দর্ভত দিছপুৰ থানাত এজাহাৰ দাখিল কৰে৷ উক্ত এজাহাৰৰ ভিত্তিত এটা গোচৰ ৰুজু কৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে৷ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি বহুজাতিক প্রতিষ্ঠান Hitachiৰ বিষয়ববীয়াক সোধা-পোছা কৰে৷ ইয়াৰ পিছতে Hitachi নামৰ কোম্পানীটোৰ বিষয়ববীয়াই নিজাববীয়াকৈ তদন্ত কৰাত কোম্পানীটোৰ কর্মচাৰীয়ে ৪ কোটি টকা আত্মসাৎ কৰাৰ তথ্য পোহৰলৈ আহে৷ কালি Hitachi কোম্পানীটোৰ বিষয়ববীয়াই এটিএমত ধন ভৰোৱাৰ দায়িত্বত থকা মেনেজাৰ অজয় বিশ্বকর্মাসহ চাৰি কর্মচাৰীৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ দাখিল কৰে৷ উক্ত এজাহাৰৰ ভিত্তিত ৫১৭/২৪ নম্বৰত এটা গোচৰ ৰুজু কৰি আৰক্ষীয়ে আজি বোন্দাৰ বীৰকুছিত অভিযান চলাই Hitachi কোম্পানীৰ মেনেজাৰ অজয় বিশ্বকর্মাক গ্রেপ্তাৰ কৰে৷ আৰক্ষীয়ে জানিবলৈ দিয়া মতে, বিগত এটা বছৰ ধৰি এছবিআইৰ এটিএমত ধন ভৰোৱাৰ নামত অজয় বিশ্বকর্মা আৰু আন তিনিগৰাকী কর্মচাৰীয়ে মিলি ধন আত্মসাৎ কৰি আহিছিল৷ Hitachi কোম্পানীত কর্মৰত চাৰিগৰাকী কর্মচাৰীয়ে এটিএমত ভৰাবলৈ অনা ধনৰ এটা অংশ নিজৰ মাজত ভাগ কৰি লৈছিল৷ এনেদৰে প্রায় এটা বছৰত ৪ কোটি টকা আত্মসাৎ কৰে চাৰিগৰাকী কর্মচাৰীয়ে৷ কোম্পানীটোত কর্মৰত বাবুল চন্দ্র দাসকে ধৰি আন দুগৰাকী কর্মচাৰীক বিচাৰি আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে৷

You might also like