নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বান সাহায্য আত্মসাৎ: হোজাইত AIUDF নেতা গ্ৰেপ্তাৰ

নিয়মীয়া বার্তা, ২৫ মেঃ প্ৰলয়ংকাৰি বানৰ সময়ত হোজাইত আৰ্টজনক সহায় কৰাৰ বাবে শ শ লোক ওলাই অহাৰ সময়ত এইবাৰ বান সাহায্য আত্মসাতৰ উদ্দেশ্যে লুকুৱাই ৰখা অৱস্থাত এজন ৰাজনৈতিক নেতা গ্ৰেপ্তাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি হৈছে । এই ঘটনা  হোজাইৰ যমুনামুখত ।  বান সাহায্য লুকাই ৰখা AIUDF  নেতাক  আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ হোৱা নেতা জন হল কুদ্দুছ আলী। কুদ্দুছ আলী হোজাইৰ যমুনামুখ পঞ্চায়তৰ AIUDFৰ সম্পাদক । তেওঁৰ গৃহত  স্বেচ্ছাসেৱী সংগঠন আজমল ফাউন্ডেশনে বানাক্ৰান্তৰ বাবে প্ৰদান কৰা ত্ৰিপাল, কম্বল,চাউলৰ আদি  উদ্ধাৰ কৰে । আৰক্ষীৰ অভিযানত কুদ্দুছৰৰ ঘৰৰ পৰা প্ৰায় দুই শতাধিক জবকাৰ্ড, আধাৰ কাৰ্ডৰ লগতে বহু পান কাৰ্ড জব্দ কৰে আৰক্ষীয়ে । ঘটনা সংক্ৰান্তত আৰক্ষীয়ে 46/2022 নম্বৰৰ গোচৰ পঞ্জীয়ন কৰি তদন্ত আৰম্ভ কৰিছে । আৰক্ষীয়ে নেতা জনক জিলা সদৰ শংকৰদেৱ নগৰ আদালতত হাজিৰ কৰে।
You might also like