নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হোজাইত বন্যহস্তীয়ে বিস্তৰ ক্ষতি কৰিলে বিদ্যালয়ৰ

নিয়মীয়া বার্তা, ২৮ জুন: বন্যহস্তীৰ এটা জাকে যোৱানিশা হোজাইৰ এখন বিদ্যালয়ৰ বিস্তৰ ক্ষতি কৰে । নিশা প্ৰায় এক মান বজাত হোজাইৰ লংকাৰ গোসাঁইগাঁৱত এখন প্ৰাথমিক বিদ্যালয়ত বন্যহস্তীৰ এটা জাকে উপদ্ৰৱ চলায় । লামডিং সংৰক্ষিত বনাঞ্চলৰ কাষৰীয়া গোসাঁইগাঁৱৰ শ্ৰীশ্ৰীশংকৰদেৱ প্ৰাথমিক বিদ্যালয়ত চলায় এই উপদ্ৰৱ। বন্যহস্তীৰ জাকটোৱে বিদ্যালয়খনৰ দেৱাল, খিৰিকী আদি ভাঙি বিস্তৰ ক্ষতি কৰাৰ লগতে বিদ্যালয়ৰ বয়বস্তু আৰু প্ৰযোজনীয় নথিপত্ৰ লণ্ডভণ্ড কৰে। মূলতঃ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ চাউলৰ বাবে বন্যহস্তীৰ জাকটোৱে এই উপদ্ৰৱ কৰে । পূৰ্বেও বিদ্যালয়খনত বন্য হস্তীয়ে বিস্তৰ ক্ষতিসাধন কৰিছিল । ঘটনাস্হলীত বন বিভাগৰ লোক উপস্থিত হৈ পৰিস্থিতি পৰ্য্যবক্ষণ কৰিছে।।

প্ৰেৰক কিশলয় দেৱগোস্বামী

You might also like