নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছেবাৰ সিদ্ধান্তঃ মেট্রিকৰ ছীলেবাছ ৩০ শতাংশ হ্রাস

ক’ভিড পৰিস্থিতিত বিঘ্ণিত শৈক্ষিক দিনপঞ্জী

নিয়মীয়া বাৰ্তা ১ ছেপ্টেম্বৰঃ আগন্তুক হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্রাছা পৰীক্ষার্থীৰ বাবে এটা বিশেষ খবৰ৷ শিক্ষার্থীক সকাহ দি এইবাৰ হ্রাস পাব মেট্রিক পৰীক্ষার্থীৰ পাঠ্যক্রম৷ এইবাৰ ৩০ শতাংশ পাঠ্যক্রম হ্রাসৰ সিদ্ধান্ত লৈছে ছেবাই৷ ক’ৰোনা ভাইৰাছৰ আতংকৰ বাবে এইবাৰ পাঠ্যক্রম সঠিকভাৱে আগবঢ়াই নিব পৰা নাই ছেবাৰ অধীনস্থ বিদ্যালয়সমূহে৷ যাৰ বাবে পাঠ্যক্রমৰ ৩০ শতাংশ হ্রাসৰ সিদ্ধান্ত লৈছে ছেৱা কর্তৃপক্ষই৷ একেদৰে নৱম শ্রেণীৰ শিক্ষার্থীসকলৰ বাবেও ৩০ শতাংশ পাঠ্যক্রম হ্রাসৰ সিদ্ধান্ত ছেবাৰ৷ ‘নিয়মীয়া বার্তা’ৰ আগত এই কথা জনালে ছেবাৰ অধ্যক্ষ ৰমেশ চন্দ্র জৈনে৷ আনহাতে কাইলৈৰ পৰা প্রতিখন বিদ্যালয়ৰ শিক্ষাগুৰুসকলক পিডিএফ ফাইলৰ জৰিয়তে ৰিভাইছ ছীলেবাছ প্রদান কৰা হ’ব বুলি সংবাদ মাধ্যমৰ জৰিয়তে সদৰী কৰে ছেবাৰ অধ্যক্ষ ৰমেশ চন্দ্র জৈনে৷ ইফালে প্রতিটো বিষয়ত ৩০ শতাংশ পাঠ্যক্রম হ্রাস পালেও পৰীক্ষার্থীসকলে প্রতিটো বিষয়ত ১০০ নম্বৰৰ প্রশ্ণ উত্তৰ কৰিব লাগিব বুলি জানিবলৈ দিয়ে ছেবাৰ অধ্যক্ষ ৰমেশ চন্দ্র জৈনে।

You might also like