নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অহা ৩০ ছেপ্টেম্বৰলৈকে আন্তর্জাতিক উৰণ নিষিদ্ধ

নিয়মীয়া বাৰ্তা ১ ছেপ্টেম্বৰঃ মহামাৰী ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ মাত্রা বৃদ্ধি পাই থকাৰ পৰিপ্রেক্ষিতত আন্তর্জাতিক বিমান উৰণৰ নিষেধাজ্ঞা ৩০ ছেপ্টেম্বৰলৈ বৃদ্ধি কৰা হৈছে৷ ভাৰতীয় অসামৰিক বিমান নিয়ন্ত্রক ডিজিচিএই কালি এই কথা ঘোষণা কৰিছে৷

এক বিবৃতিত ডিজিচিএই জাৰি কৰা নির্দেশনা অনুসৰি, ৩০ ছেপ্টেম্বৰলৈকে আন্তর্জাতিক বিমান সেৱা বন্ধ হৈ থাকিলেও নির্বাচিত আকাশীপথত কর্তৃপক্ষৰ দ্বাৰা বিশেষ বিশেষ অনুমতিত বিমান উৰণ চলি থাকিব৷

তাৎপর্যপূর্ণ যে ক’ৰোনা ভাইৰাছ মহামাৰীয়ে দেশৰ লগতে সমগ্র বিশ্বত সংহাৰী ৰূপ লোৱাৰ পৰিপ্রেক্ষিতত যোৱা ২৩ মার্চত আন্তর্জাতিক বিমান সেৱা সম্পূর্ণকৈ বন্ধ কৰি দিয়া হৈছিল৷ অৱশ্যে বিদেশত আবদ্ধ হৈ থকা ভাৰতীয় লোকসকলক স্বদেশলৈ ওভতাই অনাৰ বাবে ‘বন্দে ভাৰত’ মিছনৰ বিমান যোৱা মে’ মাহৰ পৰা জুলাইলৈকে চলিছিল৷ এই সময়ছোৱাত বিশ্বৰ বিভিন্ন প্রান্তৰ পৰা ভাৰতীয় লোকসকলক বিমানেৰে ওভতাই অনা হৈছিল৷ অৱশ্যে ডিজিচিএৰ দ্বাৰা বিশেষ অনুমতিপ্রাপ্ত মালবাহী বিমান আৰু বিশেষ বিমানৰ উৰণ অব্যাহত আছে৷

You might also like