নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হোমেন বৰগোহাঞিৰ দ্বিতীয় মৃত্যুবার্ষিকীঃ নিয়মীয়া বাৰ্তা কাৰ্যালয়ত কথাশিল্পীলৈ শ্ৰদ্ধাঞ্জলি

নিয়মীয়া বাৰ্তা, ১২ মে’:  বিশিষ্ট সাহিত্যিক অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি কথাশিল্পী হোমেন বৰগোহাঞিৰ আজি দ্বিতীয় মৃত্যুবার্ষিকী৷ অনবদ্য অৱদানেৰে অসমৰ সাহিত্য জগতক চহকী কৰি যোৱা কথাশিল্পীগৰাকীক দ্বিতীয় মৃত্যুবার্ষিকীত ৰাজ্যবাসীয়ে স্মৰণ কৰিব৷ এই উপলক্ষে ৰাজ্যৰ ভিন্ন প্রান্তত শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়৷ 

ইপিনে আজি নিয়মীয়া বাৰ্তা কাৰ্যালয়তো কথাশিল্পী হোমেন বৰগোহাঞিলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। আজি নিয়মীয়া বাৰ্তা কাৰ্যালয়ত কথাশিল্পী হোমেন বৰগোহাঞিৰ মহাপ্ৰয়াণৰ দ্বিতীয় বাৰ্ষিকী উপলক্ষ্যে বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে নিয়মীয়া বাৰ্তা কাকতৰ সম্পাদক নৰেশ কলিতাই ।

উল্লেখ্য যে ২০২১ বর্ষৰ ১২ মে’ৰ দিনা পুৱা বৰগোহাঞিয়ে শেষ নিশ্বাস ত্যাগ কৰিছিল৷ কেইবাদিনো ধৰি ক’ভিডত আক্রান্ত হোৱাৰ পিছত তেওঁ সুস্থ হৈ উঠিছিল যদিও ইয়াৰ ফলত সৃষ্টি হোৱা শাৰীৰিক জটিলতাৰ বাবেই তেওঁ শেষ নিশ্বাস ত্যাগ কৰে৷ ১৯৩২ চনৰ ৭ ডিচেম্বৰত লখিমপুৰৰ ঢকুৱাখানাত জন্মগ্রহণ কৰা বিশিষ্ট সাহিত্যিক–সাংবাদিক ১৯৭৮ চনত ‘পিতা–পুত্র’ নামৰ উপন্যাসৰ বাবে সাহিত্য অকাডেমি সন্মানেৰে সন্মানিত হৈছিল৷ কেইবাখনো আগশাৰীৰ অসমীয়া বাতৰি কাকতত সম্পাদক আৰু মুখ্য সম্পাদক হিচাপে দায়িত্ব পালন কৰা বিশিষ্ট কথাশিল্পীগৰাকীয়ে সাহিত্য অকাডেমিৰ উপৰি অসম সাহিত্য উপত্যকা বঁটা, অসম সাহিত্য সভাৰ নীলমণি ফুকন বঁটা আদিকে ধৰি কেইবাটাও বঁটাৰে সন্মানিত হৈছিল৷ সাউদৰ পুতেকে নাও মেলি যায়, হালধীয়া চৰায়ে বাওধান খায়, অস্তৰাগ, পিতা–পুত্র, এদিনৰ ডায়েৰী, সুবালা, মৎস্যগন্ধা আদি হৈছে বৰগোহাঞিয়ে ৰচনা কৰা উপন্যাসসমূহৰ ভিতৰত অন্যতম জনপ্রিয় উপন্যাস৷

ইয়াৰোপৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাইয়ো টুইটৰ যোগেদি কথাশিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

You might also like