নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১ জুনৰ পৰা জিলা উপায়ুক্ত–সঞ্চালকালয়ৰ কাম–কাজ ডিজিটেল মাধ্যমেৰে হ’ব

নিয়মীয়া বাৰ্তা, ১২ মে’: মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই বৃহস্পতিবাৰে জনতা ভৱনস্থিত মুখ্যমন্ত্রীৰ সভাগৃহত আয়োজিত এটা অনুষ্ঠানত নন্দ তালুকদাৰ ফাউণ্ডেচনৰ ‘ডিজিটাইজিং অসম’ৰ শুভ উদ্বোধন কৰে৷ নন্দ তালুকদাৰ ফাউণ্ডেচনৰ উদ্যোগত আৰু অসম জাতীয় বিদ্যালয় শৈক্ষিক আৰু আর্থ–সামাজিক ন্যাসৰ সহযোগিতাত ‘ডিজিটাহজিং অসম’ প্রকল্পটোৰ অধীনত ১৮১৩ চনৰ পৰা ১৯৭০ চনৰ ভিতৰৰ সকলো বিৰল অসমীয়া কিতাপ–আলোচনীক ডিজিটাহজ কৰি ভৱিষ্যতৰ বাবে সংৰক্ষণ কৰিwww.assamarchive.org ৱেবছাইটৰ জৰিয়তে পৃথিৱীৰ প্রতিটো অংশৰ পৰা সহজে উপলব্ধ কৰাৰ ব্যৱস্থা লোৱা হৈছে৷ ইয়াৰে প্রথম অংশ হিচাপে ১৮৪০ চনৰ পৰা ১৯৭০ চনৰ ভিতৰৰ সময়ছোৱা সামৰি ১৬১খন আলোচনীৰ ৩০৭১টা সংখ্যাৰ ২,৪৫,৬৮০ পৃষ্ঠা ডিজিটাহজ কৰি ৱেবছাইটৰ অন্তর্ভুক্ত কৰা হৈছে৷ এই প্রকল্পৰ দ্বিতীয় পর্যায়ত ১৮১৩ চনৰ পৰা ১৯৬২ চনলৈকে প্রকাশিত গ্রন্থসমূহ সামৰি লোৱা হ’ব৷

একবিংশ শতিকাক ডিজিটেল যুগ বুলি অভিহিত কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে বিৰল অসমীয়া গ্রন্থ আৰু আলোচনীসমূহ ডিজিটাইজ কৰা এই উদ্যোগে অসমীয়া সাহিত্য জগতক বহুদূৰ আগুৱাই লৈ যাব৷ যিসকল ব্যক্তিৰ হাতত বিৰল গ্রন্থসমূহ আছে, তেনে গ্রন্থ ডিজিটেলাইজ কৰি এই প্রকল্পলৈ প্রেৰণ কৰি অসমীয়া সাহিত্যৰ সংৰক্ষণত বৰঙণি যোগাবলৈ মুখ্যমন্ত্রী ড০ শর্মাই আহ্বান জনায়৷ অসমৰ জাতীয় জীৱনত সংবর্ধন আৰু সংৰক্ষণৰ প্রচেষ্টাক ৰাজ্য চৰকাৰে আদৰণি জনাই আহিছে আৰু ডিজিটাইজিং অসম প্রকল্পলৈ আর্থিক দিশকে ধৰি বিভিন্ন সহযোগিতা আগবঢ়োৱা হ’ব বুলি মুখ্যমন্ত্রী ড০ শর্মাই আশ্বাস দিছে৷ ভাষণ প্রসংগত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ডিজিটাইজেচন ব্যৱস্থাৰ দ্বাৰা মিছন সদ্ভাৱনা আদিৰ জৰিয়তে ৰাজ্য চৰকাৰে ৰাজহুৱা সেৱাসমূহ অধিক জনমুখী কৰাৰ প্রচেষ্টা গ্রহণ কৰিছে৷ অহা পহিলা জুনৰ পৰা জিলা উপায়ুক্তৰ কার্যালয় আৰু সঞ্চালকালয়সমূহৰ্ কাম–কাজ ডিজিটেল মাধ্যমেৰে কৰা হ’ব বুলিও তেওঁ ভাষণত সদৰী কৰে৷ অনুষ্ঠানত অসম জাতীয় বিদ্যালয় শৈক্ষিক আৰু আর্থ–সামাজিক ন্যাসৰ সভাপতি ড০ দিলীপ দত্ত চৌধুৰী আৰু ন্যাসৰ সচিব ডাঃ নাৰায়ণ শর্মাকে ধৰি বহুসংখ্যক গণ্য–মান্য ব্যক্তি উপস্থিত থাকে৷

You might also like