নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঙালী বহাগক লৈ নাওবৈচাৰ লোকামপুৰৰ দুদুল শইকীয়া বাঁহী নিৰ্মাণত ব্যস্ত

নিয়মীয়া বাৰ্তা, ১৪ মার্চ:  প্ৰকৃতিৰ চিৰন্তন নিয়ম অনুসৰি চিৰি লুইতৰ দুয়োপাৰ উখল-মাখল লগাই পুনৰ আহিছে ৰাঙলী বহাগ। প্ৰাচীন ব্ৰহ্মপুত্ৰ সভ্যতাৰ যাউটিযুগীয়া পৰম্পৰাৰে এই বহাগতেই উদযাপিত হৈ আহিছে অসমীয়া বাপতি সাহোন ৰঙালী বিহু। অসমীয়া বাপতি সাহোন ৰঙালী বিহুলৈ মাজত মাথো এটা মাহ  বাকী। হেঁপাহৰ ৰঙালী বিহুটিক ওলগ মালহেৰে পালন কৰিবৰ বাবে লাহে লাহে ব্যস্ত হৈছে অসমীয়া। বহাগ বিহু বা ৰঙালী বিহুৰ এক সুকীয়া বৈশিষ্ট্য হৈছে বিহুগীত বা হুঁচৰি। এই অসমীয়া বিহুগীত বা হুঁচৰিত আছে এক বিশেষ মাদকতা । বিহুগীত সমানেই গুৰুত্বপূৰ্ণ হৈছে বিহুগীতত বজোৱা বাদ্যযন্ত্ৰসমূহ। সেয়েহে এতিয়া ব্যস্ততা বাঢ়িছে বিহুগীতত বজোৱা বাদ্যযন্ত্ৰসমূহ নিৰ্মাণ কৰা শিল্পী সকল। নিঃসন্দেহে বাঁহী হৈছে বিহুগীতত বজোৱা বাদ্যযন্ত্ৰসমূহৰ ভিতৰত অতি গুৰুত্বপূৰ্ণ বাদ্যযন্ত্ৰ। এতিয়া এই বাঁহী নিৰ্মাণৰ কামত দিনে নিশাই ব্যস্ত হৈ পৰিছে লখিমপুৰ জিলাৰ নাওবৈচাৰ লোকামপুৰ গাঁৱৰ দুদুল শইকীয়া নামৰ যুৱকজন।

 

উল্লেখ্য যে বাঁহী নিৰ্মাণৰ কোনো আনুষ্ঠানিক শিক্ষা নোহোৱাকৈ  জনপ্ৰিয় চছিয়েল চাইট  ইউটিউবত বাঁহী নিৰ্মানৰ কৌশল আয়ত্ত কৰি দুদুলে বিগত কেইবাবছৰ ধৰি ঘৰতে বাঁহী নিৰ্মাণৰ এটি ক্ষুদ্ৰ উদ্যোগ গঢ়ি বাঁহী নিৰ্মান কৰি আহিছে। এইবাৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বাঁহী অৰ্ডাৰ লাভ কৰাত  দুদুলে  দুগুণ উৎসাহেৰে দিনে নিশাই বাঁহী বনোৱাত ব্যস্ত হৈ পৰিছে। ইতিমধ্যে ৰাজ্যৰ লগতে বহিঃৰাজ্য দিল্লী,মুম্বাই, জম্বু-কাশ্মীৰ, অন্ধ্ৰপ্ৰদেশৰ বিভিন্ন ঠাইলৈ দুদুলে নিৰ্মান কৰা বাঁহী প্ৰেৰণ কৰিছে। অসমৰ শিলচৰ আৰু অম্বেলাৰ পৰা বাঁহী নিৰ্মাণৰ সামগ্ৰীসমূহ ক্ৰয় কৰি দুদুলে যোৱা এমাহ ধৰি দিনে নিশাই এই বাঁহী নিৰ্মাণৰ কামত ব্যস্ত হৈ পৰিছে। বিভিন্ন স্কেলত বাঁহীসমূহ নিৰ্মান কৰি দুদুলে একোটা বাঁহীত ১২০০/১৫০০ ৰ পৰা আৰম্ভ কৰি একোটা ছেটত ১৫০০০ হাজাৰ কৈ বিক্ৰী কৰি নিজেই স্বাৱলম্বী হোৱাৰ লগতে পৰিয়ালটোক আৰ্থিক সংস্থাপন দি আহিছে।
You might also like