নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাঞ্চল্য! বন্ধুক ডিঙি কাটি হত্যাৰ অপচেষ্টা বন্ধুৰ

নলবাৰী জিলাৰ মুকালমুৱা থানাৰ অন্তৰ্গত তথা দৌলাশাল আৰক্ষী চকীৰ অধীনৰ ২নং কাপলাবড়িত গাৰ নোম শিয়ঁৰি উঠা ঘটনা এটি সংঘটিত হৈছে৷ কাপলাবড়ি পাৰঘাটত নিশা সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনাটো ৷

বন্ধুৱে বন্ধুক ডিঙি কাটি হত্যাৰ অপচেষ্টা চলোৱা ঘটনা সংঘটিত হৈছে ৷ প্ৰাপ্ত খবৰ অনুসৰি কালি সন্ধিয়াৰ ভাগত ২নং কাপলাবড়ি গাঁৱৰ ফিদ্দুছ আলী নামৰ ১৮ বছৰীয়া যুৱকজনক বন্ধু হুছেইন আলীয়ে বজাৰলৈ যোৱাৰ উদ্দেশ্যৰে ফোন কৰি মাতি নিয়ে ৷

ভুক্তভোগী পৰিয়ালটোৰ অভিযোগ অনুসৰি হুছেইন আলীয়ে কাপলাবড়ি পাৰঘাটত ফিদ্দুছ আলীক হত্যাৰ পৰিকল্পনাৰে চোকা আস্ত্ৰৰে ডিঙি কাটি মুমুৰ্ষ অৱস্থাত পৰিত্যক্ত ঠাইত পেলায় থয়৷ খবৰ অনুসৰি নিশা স্থানীয় এগৰাকী লোকে ফিদ্দুছ আলীক মুমুৰ্ষ অৱস্থাত প্ৰত্যক্ষ কৰি চিঞৰ-বাখৰ কৰে ৷

পৰৱৰ্তী সময়ত ঘটনাস্থলীত কিছু লোকৰ সমাগম হয় আৰু তেজেৰে তুমুৰলি ফিদ্দুছ আলীক উদ্ধাৰ কৰি মুকালমুৱা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় যদিও ফিদ্দুছ আলীৰ আঘাত গুৰুতৰ হোৱাত ততাতৈয়াকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটাললৈ প্ৰেৰণ কৰে ৷ সম্প্ৰতি জিএমচিএইচত জীৱন মৃত্যুৰে যুঁজি আছে ফিদ্দুছ আলী ৷

ইপিনে দৌলাশাল আৰক্ষীয়ে ঘটনাৰ খবৰ লাভ কৰিয়েই অভিযান চলাই অভিযুক্ত হুছেইন আলীক নিশাই আটক কৰে৷ সম্প্ৰতি হুছেইন আলীক আৰক্ষীয়ে মাৰাথন জেৰা চলাই আছে যদিও অভিযুক্ত হুছেইন আলীয়ে কি কাৰণে এই লোমহৰ্ষক কাণ্ডটো সংঘটিত কৰিলে সেই কথা বাতৰি লিখা পৰ্য্যন্ত পোহৰলৈ অহা নাই ৷

ইপিনে ভুক্তভোগী ফিদ্দুছ আলীৰ পৰিয়ালে ঘটনা সংক্ৰান্তত দৌলাশাল আৰক্ষী চকীত এজাহাৰ দাখিল কৰি ঘটনাৰ ন্যায় দাবী উত্থাপন কৰে ৷ ফিদ্দুছ আলীৰ জ্যেষ্ঠ ভগ্নীয়ে অভিযুক্তৰ বিৰুদ্ধে আৰক্ষীক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংবাদ মাধ্যমৰ জড়িয়তেই দাবী জনাইছে ৷ গাৰ নোম শিয়ৰি উঠা ঘটনাটোৱে সমগ্ৰ কাপলাবড়ি অঞ্চলত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

নিয়মীয়া বাৰ্তা, দৌলাশাল, ২১ জানুৱাৰী

You might also like