নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চীনৰ নিয়ন্ত্রণলৈ আহিব নেকি টাইৱান ?

-প্রদীপ গগৈ

বিশ্বত এতিয়া যুদ্ধৰ উকমুকনি৷ ইউক্রেইন–ৰাছিয়াৰ যুদ্ধৰ খবৰৰ মাজতে নতুনকৈ চর্চা লাভ কৰিছে চীন–টাইৱানৰ প্রসংগই৷ বাটে–ঘাটে আলোচনা কেৱল চীন–টাইৱান সম্পর্কে৷ বহুতে সন্দেহ প্রকাশ কৰিছে যে চীন–টাইৱানৰ যুদ্ধ হ’ব আমেৰিকা যুক্তৰাষ্ট্রৰ কংগ্রেছৰ নিম্ন সদনৰ অধ্যক্ষ নানচী পেল’ছিৰ টাইৱান ভ্রমণত চীন চৰকাৰ সন্তুষ্ট নহয়৷ চীন চৰকাৰে নানচী পেল’ছিৰ টাইৱান ভ্রমণৰ বিৰোধিতা কৰিছিল৷ কিন্তু বেইজিং প্রশাসনৰ তীব্র আপত্তি আৰু অসন্তুষ্টিৰ পিছতো ২ আগষ্টত টাইৱানত উপস্থিত হয় নানচী পেল’ছি৷ টাইৱান চৰকাৰে নানচী পেল’ছিক উষ্ম আদৰণি জনায়৷ আৰু ইয়াৰ পিছতে আঢ়ৈ দশক ধৰি উমি উমি জ্বলি থকা জুইকুৰা ক্রমাৎ ডাঙৰ হ’বলৈ ধৰিছে৷ স্মর্তব্য যে ২৫ বছৰ পূর্বে আমেৰিকাৰ কংগ্রেছৰ অধ্যক্ষই টাইৱান ভ্রমণ কৰি বিতর্কৰ সৃষ্টি কৰিছিল৷ চীন–টাইৱানৰ সীমান্তত শেহতীয়াকৈ অস্থিৰতাই বিৰাজ কৰিছে৷ চীনে টাইৱানৰ মূল ভূখণ্ডৰ চাৰিওফালে সামৰিক অনুশীলন আৰম্ভ কৰিছে৷ কমেও ছয়টা স্থানত সামৰিক কার্যকলাপ চলি থকা বুলি বিভিন্ন প্রচাৰ মাধ্যমত প্রকাশ পাইছে৷ চীনৰ চৰকাৰী সংবাদ সংস্থা এটাৰ তথ্য অনুযায়ী টাইৱানৰ উত্তৰ, দক্ষিণ–পশ্চিম আৰু দক্ষিণ–পূব জলপথ আৰু আকাশ সীমাত সমৰ অনুশীলন চীনে আৰম্ভ কৰিছে৷ তেওঁলোকৰ প্রতিবেদন অনুসৰি, ইষ্টার্ন থিয়েটাৰ কমাণ্ডৰ অধীনত নৌ সেনা, বায়ু সেনা আৰু ৰকেট বাহিনীৰ এক যুটীয়া অনুশীলন চলি আছে৷ মুঠতে চীন এতিয়া ব্যস্ত কিদৰে টাইৱানক চৌদিশৰ পৰা ঘেৰি ধৰি জল আৰু আকাশমার্গেৰে আঘাত কৰিব পাৰি৷ আনহাতে, টাইৱানৰ প্রতিৰক্ষা বিভাগে কয়– ‘দেশখনৰ নিৰাপত্তা আৰু সার্বভৌমত্ব সুৰক্ষিত কৰিবলৈ চীনৰ মুখামুখি হ’বলৈ সাজু৷’ দেশখনৰ নিৰাপত্তা হ’বলৈ সাজু৷’
চীনে এতিয়াও টাইৱানক নিজৰ এটা অংশ বুলিয়েই গণ্য কৰে৷ টাইৱান চীনৰ দক্ষিণ–পূব উপকূলৰ পৰা প্রায় ১০০ মাইল দূৰত অৱস্থিত৷ চীনে টাইৱানক নিজ ভূখণ্ডৰ অধীনস্থ এখন স্ব–শাসিত তথা বিচ্ছিন্ন প্রদেশ হিচাপেহে গণ্য কৰে৷ সেয়ে চীনে টাইৱানক সম্পূর্ণ নিয়ন্ত্রণলৈ আনিব বিচাৰে৷ সপ্তদশ শতিকাত চিং ৰাজবংশই যেতিয়া শাসন চলাইছিল তেতিয়া টাইৱান সম্পূর্ণ চীনৰ দখলতে আছিল৷ অর্থাৎ চীনেই টাইৱানক নিয়ন্ত্রণ কৰিছিল৷ ১৮৯৫ চনত চীন–জাপান যুদ্ধত চীনৰ পৰাজয় হোৱাৰ বাবে টাইৱানক জাপানৰ হাতত এৰি দিয়ে৷ ১৯৪৫–৪৯ চনৰ দ্বিতীয় বিশ্বযুদ্ধত জাপান পৰাভূত হোৱাত চীনে পুনৰ টাইৱানক নিজৰ নিয়ন্ত্রণলৈ আনে৷ পৰৱর্তী সময়ত চীনৰ মূল ভূ–খণ্ডত চিয়াংকাই শ্বেকৰ নেতৃত্বত জাতীয়তাবাদী চৰকাৰ আৰু মাও জে ডঙৰ নেতৃত্বত কমিউনিষ্ট পার্টীৰ মাজত গৃহযুদ্ধ হয়৷ এই গৃহযুদ্ধৰ বাবেই পৰিস্থিতি সম্পূর্ণ সলনি হৈ পৰে৷ ১৯৪৯ চনত কমিউনিষ্ট পার্টীয়ে যুদ্ধত জয়লাভ কৰে আৰু বেইজিং নিয়ন্ত্রণ কৰে৷ চিয়াং–কাই শ্বেক আৰু কুমিনটাং নামৰ জাতীয়তবাদী দলটো পৰাজিত হৈ টাইৱানলৈ গুচি যায়৷ আৰু তেওঁলোকে বহু দশক ধৰি দ্বীপটো শাসন কৰে৷ বর্তমান টাইৱানৰ নিজা সংবিধান আছে৷ বর্তমান বিশ্বৰ ১৩খনতকৈও অধিক দেশে টাইৱানক এখন সার্বভৌম দেশ বুলি গণ্য কৰিছে৷ বহুকেইখন দেশে টাইৱানক সার্বভৌম দেশ হিচাপে স্বীকৃতি নিদিয়াৰ কাৰণ হ’ল সেই দেশবোৰক চীনে কূটনৈতিকভাৱে চাপত ৰাখে৷ ১৯৯১ চনত চীন–টাইৱান সম্পর্ক পূর্বতকৈ উন্নত হৈছিল, কিন্তু ২০০২ চনত টাইৱানে চেন চুই বিয়ানক ৰাষ্ট্রপতি হিচাপে নির্বাচিত কৰে৷ ৰাষ্ট্রপতি আৰু তেওঁৰ ডি পি পি (ডেম’ক্রেটিক প্রগ্রেছিভ পার্টী)য়ে মুকলিকৈ স্বাধীনতাক সমর্থন কৰে৷ চেন ২০০৪ চনত পুনৰ ৰাষ্ট্রপতি হিচাপে নির্বাচিত হয়৷ ২০১৬ চনত টাইৱানৰ বর্তমানৰ ৰাষ্ট্রপতি চাই ইং ৱেন নির্বাচিত হয়৷ এই নির্বাচনৰ দুবছৰৰ পিছতে বেইজিঙে আন্তর্জাতিক কোম্পানীবোৰৰ ওপৰত চাপ বৃদ্ধি কৰে৷ চীনে কোম্পানীবোৰক ভাবুকি দিছিল যে তেওঁলোকে টাইৱানক তেওঁলোকৰ ৱেবছাইটত চীনৰ অংশ হিচাপে অন্তর্ভুক্ত কৰিব লাগিব৷ যদি কোম্পানীবোৰ সন্মত নহয়, তেনেহ’লে চীনত ব্যৱসায় নিষিদ্ধ কৰা হ’ব বুলিও কয়৷ ২০২০ চনত চাই পুনৰ ৪.২ নিযুত ভোট লাভ কৰি জয়ী হয়৷
আমেৰিকা যুক্তৰাষ্ট্রৰ চীনৰ সৈতে আনুষ্ঠানিক সম্পর্ক আছে৷ কিন্তু টাইৱানৰ সৈতে নাই৷ তথাপি আমেৰিকাই সামৰিক আক্রমণৰ ক্ষেত্রত টাইৱানক প্রতিৰক্ষামূলক অস্ত্র যোগান ধৰাৰ প্রতিশ্রুতি দিয়ে৷ মে’ মাহত আমেৰিকাৰ ৰাষ্ট্রপতি জ’ বাইডেনক প্রশ্ণ কৰিছিল– টাইৱানক সামৰিকভাৱে ৰক্ষা কৰিব নেকি? ৰাষ্ট্রপতিগৰাকীয়ে ‘হয়’ বুলি উত্তৰ দিছিল৷ এতিয়া চীন–টাইৱানৰ সংঘর্ষ টাইৱান–চীনৰ বাবেই কেৱল উদ্বেগৰ বিষয় নহয়, সমগ্র বিশ্বৰ বাবেই ই আশংকাৰ বিষয়৷ চীন–টাইৱানৰ সম্পর্ক, আমেৰিকাৰ ভূমিকা সকলোবোৰ নিৰীক্ষণ কৰিছে বিশ্বই৷
টাইৱান হৈছে কম্পিউটাৰ চিপৰ এক সর্বশ্রেষ্ঠ উৎস৷ সমগ্র বিশ্বতে ব্যৱহাৰ হোৱা ম’বাইল, ঘড়ী, লেপটপ আদিত ব্যৱহাৰ কৰিবলৈ প্রস্তুত কৰা হয় এই প্রযুক্তিৰ সামগ্রী৷ কম্পিউটাৰ চিপ উৎপাদনত টাইৱান প্রভাৱশালী৷ সেয়ে দুয়োখন দেশৰ মাজত তীব্র উত্তেজনাই বিৰাজ কৰাৰ পিছতো টাইৱানৰ লোকসকল অসুবিধাত পৰা নাই৷ টাইৱানৰ অধিকাংশ লোকে নিজকে টাইৱানী বুলিহে স্বীকৃতি দিয়ে৷
সম্প্রতি সকলোৱে আশা কৰিছে টাইৱান–চীন যাতে ইউক্রেইন–ৰাছিয়া নহয়৷ আমেৰিকাই টাইৱানৰ পক্ষত থকাৰ বাবে চীন আক্রমণাত্মক হৈ পৰাও দেখা গৈছে৷ চীনৰ বাধাক নেওচি নানচী টাইৱানত উপস্থিত হোৱাত চীন যুদ্ধৰ বাবে অধিক সক্রিয় হৈছে৷ যদি চীন–টাইৱানৰ যুদ্ধ হয়, তেনেহ’লে যুদ্ধখন মহাযুদ্ধলৈ ৰূপান্তৰিত হ’ব৷ জাপানৰ সৈতে চীনৰ বহুদিনীয়া সংঘাত আছে, আনহাতে, আমেৰিকাই টাইৱানৰ পক্ষ ল’ব৷ যদি আমেৰিকা, জাপানে টাইৱানৰ পক্ষ লয়, তেনেহ’লে উত্তৰ কোৰিয়াও যুদ্ধখনত চীনক সহায় কৰিবলৈ আগবাঢ়ি আহিব পাৰে৷ গতিকে সকলোবোৰ দিশ বিশ্লেষণ কৰিলে এটা কথা স্পষ্ট হয় যে চীন–টাইৱানৰ যুদ্ধ হ’লে বিশ্বত মানৱ জাতিৰ বহু ক্ষতি হ’ব৷ যি ক্ষতি কোনোৱে হোৱাটো নিবিচাৰে৷ তথাপি প্রশ্ণ হয়, টাইৱান আকৌ চীনৰ নিয়ন্ত্রণলৈ আহিব নেকি? কাৰণ চীনা চৰকাৰে টাইৱানক চীনৰ সৈতে যিকোনো মূল্যৰ বিনিয়মত চামিল কৰিব বিচাৰে৷
ঐতিহাসিক প্রেক্ষাপট বিশ্লেষণ কৰিলৈ চীনে নিজৰ দাবী বাস্তৱায়িত কৰিবলৈ অগ্রসৰ হ’ব বুলি ধাৰণা কৰিব পাৰি৷ কাৰণ ইতিমধ্যে মাকাওক চীনে নিজৰ নিয়ন্ত্রণলৈ দিছে৷ ঐতিহাসিক চর্ত মানিয়েই এছিয়াৰ ‘ইক’নমিক হাব’ হিচাপে চিহ্ণিত হংকঙক ব্রিটেইনে চীনৰ হাতত অর্পণ কৰিছে৷ সেই ইতিহাসৰ পুনৰাবৃত্তি ঘটাই টাইৱানকো চীনে নিজ ভূ–খণ্ডৰ সৈতে সামৰি ল’ব পাৰে৷ কিন্তু এটা কথা ঠিক যে টাইৱান এতিয়া চীনক প্রত্যাহ্বান জনাবলৈ আমৰিকাৰ বাবে এক ৰণকৌশলৰ ঢ়াল হৈ পৰিছে৷ টাইৱান স্বতন্ত্র দ্বীপ হৈ থকালৈকে প্রশান্ত মহাসাগৰীয় আৰু দক্ষিণ চীন সাগৰীয় অঞ্চলত বেইজিঙক প্রত্যাহ্বান জনাব পাৰিব আমেৰিকা–জাপানসহ অন্যান্য দেশবোৰে৷ টাইৱান যদি চীনৰ দখললৈ যায়, এই অঞ্চলবোৰত বেইজিঙৰ অবাধ আধিপত্য দাবীক সকলোৱে মানি লোৱাৰ গত্যন্তৰ নাথাকিব৷ সেইবাবে আমেৰিকাসহ অন্যান্য দেশবোৰৰ বাবে টাইৱান গুৰুত্বপূর্ণ৷ আমেৰিকাই কোনো দেশৰ ভাল চিন্তা কৰি সেই দেশখনৰে মিত্রতা কৰাৰ নজিৰ নাই মাথোঁ সেই দেশখনক নিজৰ স্বার্থ পূৰণৰ ঢ়াল হিচাপে ব্যৱহাৰ কৰে৷ টাইৱানৰ ক্ষেত্রতো আমেৰিকাই একেই ফর্মূলা গ্রহণ কৰিছে৷

You might also like