নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইৰানত সন্ধানহীন হোৱা যুদ্ধ বিমানৰ পাইলটক উদ্ধাৰ কৰিলে আমেৰিকাই

ডিজিটেল ডেস্ক, ৫ এপ্ৰিল : শুকুৰবাৰে আমেৰিকাৰ যুদ্ধ বিমান F-15E ইৰানে আক্ৰমণ কৰি ভূপতিত কৰাৰ পিছৰে পৰা নিখোজ হৈ আছিল বিমানখনৰ এজন পাইলট। অৱশেষত প্ৰায় ২৪ ঘণ্টাৰ পাছত তেওঁক উদ্ধাৰ কৰে আমেৰিকান সেনাই। এই দাবী কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে। তেওঁ জনায় যে ৰুদ্ধশ্বাস অভিযান চলাই ‘শত্ৰু’ ইৰানৰ ভূখণ্ডত প্ৰৱেশ কৰি পাইলটজনক উদ্ধাৰ কৰা হৈছে। উল্লেখ্য যে বিমানখনত থকা পাইলট দুজনৰ এজনক আমেৰিকান বাহিনীয়ে উদ্ধাৰ কৰাৰ বিপৰীতে আনজন নিৰুদ্দেশ হৈ আছিল ।

দেওবাৰে সামাজিক মাধ্যম ট্ৰুথত ট্ৰাম্পে লিখে— “বিগত কেইঘণ্টাত আমেৰিকান বাহিনীয়ে আমেৰিকাৰ ইতিহাসৰ অন্যতম দুঃসাহসিক উদ্ধাৰ অভিযান চলায়। আমাৰ এজন অসাধাৰণ বিষয়া নিখোজ হৈ আছিল। কিন্তু এতিয়া তেওঁক উদ্ধাৰ কৰা হৈছে। তেওঁ সুৰক্ষিত আছে, যদিও সামান্য আহত।”

তেওঁ আৰু কয়- “এই সাহসী যোদ্ধাজন ইৰানৰ দুৰ্গম পাহাৰৰ আঁৰত আছিল, প্ৰতি ঘণ্টাত ওচৰ চাপি অহা আমাৰ শত্ৰুৱে খেদি ফুৰিছিল, কিন্তু তেওঁ কেতিয়াও সম্পূৰ্ণৰূপে অকলশৰীয়া নাছিল, কাৰণ পেন্টাগনে দিন-ৰাতি পাইলটজনক নিৰীক্ষণ কৰি আছিল। তেওঁক উদ্ধাৰৰ পৰিকল্পনা চলি আছিল। অৱশেষত ইৰানলৈ কেইবাখনো যুদ্ধ বিমান প্ৰেৰণ কৰি তেওঁক উদ্ধাৰ কৰা হয়।”

ট্ৰাম্পে লগতে উল্লেখ কৰে- “এই অভিযান সহজ নাছিল। প্ৰতিটো পদক্ষেপত বিপদ আছিল। কিন্তু আমি সকলো বিপদ জয় কৰিছোঁ। ইৰানৰ আকাশত আমাৰ অদম্য আধিপত্য প্ৰতিষ্ঠা হৈছে। এই অভিযানত আমাৰ কোনো ক্ষয়-ক্ষতি হোৱা নাই।”

নিখোজ পাইলটজনৰ সন্ধানত ইৰানৰ ইছলামিক ৰিভ’লুচনাৰী গাৰ্ড কৰ্পছেও অভিযান আৰম্ভ কৰিছিল। অৱশেষত আমেৰিকাই পাইলটজনক উদ্ধাৰ কৰা বুলি ট্ৰাম্পে দাবী কৰিছে।

You might also like