নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

NHPC -ত এছজিএছটিৰ অভিযান : ঠিকাদাৰী প্রতিষ্ঠানৰ ১৮২ কোটি টকা জিএছটি ফাঁকি

বিশেষ বার্তা, গোগামুখ, ১৩ ছেপ্টেম্বৰ : ধেমাজিৰ গেৰুকামুখত NHPC-ৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পস্থলীত চলিছে জিএছটিৰ এটা দলৰ অভিযান৷ যোৱা তিনি দিন ধৰি চলাই থকা এই অভিযানত বৃহৎ নদীবান্ধ নির্মাণৰ নামত প্রায় ১৮২ কোটি টকাৰ জিএছটি ফাঁকি দিয়া ধৰা পৰিছে৷

এনএইচপিচিৰ সহযোগী কোম্পানী বিজিএছ এছজিএছএছঅ’এমএ নামৰ ঠিকাদাৰী প্রতিষ্ঠানৰ কার্যালয়ত এছজিএছটিৰ বৃহৎ দলে অভিযান চলাই জব্দ কৰিছে বহু আপত্তিজনক নথি–পত্র৷ অভিযানকালত হোৱা ইনপুট টেক্স ক্রেডিট লোৱা, জিএছটি ইনভইচ লোৱা আদিকে কৰি বহু নথি উদ্ধাৰ হৈছে৷

উল্লেখ্য যে অনলাইন পৰিবহণ পার্মিট নোলোৱাৰ লগতে এলঅ’ নোলোৱাকৈ প্রায় ১৮২ কোটি টকাৰ জিএছটি ফাঁকি দিছিল ঠিকাদাৰী প্রতিষ্ঠানটোৱে৷ এছঅ’এমএ নামৰ প্রতিষ্ঠানটোৱে গেৰুকামুখৰ বৃহৎ নদীবান্ধ নির্মাণত এনএইচপিচিক সামগ্রী যোগান ধৰিছিল উপ–নিবিদাযোগে৷ এই কামতো জিএছটি ফাঁকি দিয়াৰ তথ্য পোহৰলৈ আহিছে৷ তিনি দিন ধৰি জিএছটিৰ উচ্চপদস্থ বিষয়াই অভিযান চলাই আপত্তিজনক তথ্য উদ্ধাৰ কৰাৰ লগতে বহু চেকবুক উদ্ধাৰ কৰিছে৷ চলি থকা অভিযানকালত প্রতিষ্ঠানটোৱে কিমান জিএছটি ফাঁকি দিছে তাৰ সঠিক তথ্য ৰাজহুৱা হোৱা নাই৷ কৰ ফাঁকিৰ এই ঘটনাই স্বাভাৱিকতে এনএইচপিচিৰ অন্তর্গত ঠিকাদাৰী প্রতিষ্ঠানসমূহে ইয়াৰ পূর্বেও যে জিএছটি ফাঁকিৰে সামগ্রী যোগান ধৰি আহিছিল, সেয়াও কার্যতঃ স্পষ্ট হৈছে৷

You might also like