নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কামৰূপৰ ৰৌমাৰীৰ আদৰ্শ কৃষক শম্ভুৰাম বৈশ্যৰ দেহাৱসান

🔹 দল-সংগঠন, গুণমুগ্ধৰ শোক প্ৰকাশ
বিশেষ বাৰ্তা, শুৱালকুছি, ১০ জুলাই : কামৰূপ  জিলাৰ অন্যতম কৃষিগ্ৰাম ৰৌমাৰীৰ এগৰাকী নিষ্ঠাৱান আদৰ্শ কৃষক শম্ভুৰাম বৈশ্য (৯৭)ৰ আজি পুৱা ৬ বজাত নিজ বাসগৃহত বাৰ্ধক্যজনিত কাৰণত পৰলোকপ্ৰাপ্তি ঘটাত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰে ৷ আদৰ্শ কৃষকগৰাকীয়ে দীৰ্ঘদিন ধৰি নিজৰ কৃষিভূমিত কৃষি সামগ্ৰী উৎপাদন কৰি শিঙিমাৰী বজাৰত বিক্ৰী কৰি পৰিয়াল চলাই আছিল ৷ এইক্ষেত্ৰত সাংবাদিক পুত্ৰ কনক বৈশ্যয়ো পিতৃক পূৰ্ণ সহযোগ কৰিছিল ৷ আজি কিছুদিন ধৰি বাৰ্ধক্যজনিত কাৰণত ঘৰতে জিৰণি লৈ আছিল যদিও আজি হঠাতে মৃত্যুক সাবটি লয় ৷ আদৰ্শ কৃষক হিচাপে তেওঁক শুৱালকুছি সাংবাদিক সন্থা, পূব বংশৰ সমন্বয় সমিতি, দদৰা সাহিত্য সভা আদিয়ে সম্বৰ্ধনা জনায় ৷ তেওঁৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে অগণন গুণমুগ্ধই তেওঁৰ বাসভৱনত উপস্হিত হৈ শেষ শ্ৰদ্ধা নিবেদন কৰে ৷ জীৱিত কালত কৃষকগৰাকী শ্ৰীমৎ স্বামী কৃষ্ণপুৰী মানৱ সেৱা সংঘৰ একান্ত ভকত আছিল ৷ মৃত্যুৰ সময়ত তেওঁ পত্নীৰ সৈতে পুত্ৰ-বোৱাৰী, জী-জোঁৱাই আৰু নাতি-নাতিনীক এৰি যায় ৷
You might also like