🔹 টিংখাঙত জাপানিজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ
নিয়মীয়া বাৰ্তা, টিংখাং, ১০ জুলাই : টিংখাঙত সংঘটিত হয় এক হৃদয়বিদাৰক ঘটনা। এগৰাকী নৱম শ্ৰেণীৰ ছাত্রীৰ কৰুণ মৃত্যুৱে শোকৰ ছাঁ পেলাইছে টিংখাঙত । ছাত্ৰীগৰাকীৰ কৰুণ মৃত্যুৰ পাছতে টিংখাঙৰ পোৱালি বাঘমৰা গাঁৱত এতিয়া আতংকই বিৰাজ কৰিছে ।
গাঁওখনৰ ৰুবুল কোচ আৰু পাপৰি কোচৰ কন্যা তথা টিংখাঙৰ দিল্লীনগৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰী জোনালী কোচে (১৫) এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ অকাল মৃত্যুক সাবটি ল’ব লগা হয়। প্ৰচণ্ড জ্বৰত আক্ৰান্ত হোৱা ছাত্ৰীগৰাকীক স্থানীয় ৰাজগড় সামূহিক চিকিৎসালয়লৈ নিয়া হয় যদিও জোনালীক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰে। ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাতে আজি পুৱতি নিশা মৃত্যু হয় জোনালী কোচৰ।
আনহাতে, একেটা পৰিয়ালৰে আন এগৰাকী যুৱতীও জ্বৰত আক্ৰান্ত হৈ চিকিৎসাধীন হ’ব লগা হৈছে। এতিয়া জাপানিজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱত শংকিত হৈ পৰিছে গাঁওখনৰ লোকসকল । স্থানীয় ৰাইজে সমগ্ৰ অঞ্চলটোত প্ৰতিষেধকৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।