নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উদুলি-মুদুলি জোনাইৰ চেৰেণ পথাৰ : কাইলৈৰ পৰা শংকৰ সংঘৰ অধিৱেশন

নিয়মীয়া বাৰ্তা, ৯ ফেব্ৰুৱাৰী : আজিৰে পৰা উদুলি মুদুলি এক পৰিৱেশে বিৰাজ কৰিছে জোনাইৰ চেৰেণ পথাৰ৷ দূৰ দূৰণিৰ পৰা শ শ ভকত বৈষ্ণৱৰ সমাগম আৰম্ভ হৈছে জোনাইৰ চেৰেণ পথাৰলৈ৷  চেৰন পথাৰত আজিৰে পৰা  শংকৰ সংঘৰ অধিৱেশন প্ৰতিকূল বতৰকো নেওচি অসমৰ বিভিন্ন জিলাৰ পৰা ভকত বৈষ্ণৱৰ সোত বৈছে। ১০ তাৰিখৰ পৰা জোনাইৰ চেৰেণ পথাৰৰ পৰমানন্দ আতা সম্বন্ধয় ক্ষেত্ৰত ৯২ সংখ্যক শংকৰসংঘৰ অধিৱেশন আৰম্ভ হ’ব। প্ৰতিকূল বতৰকো নেওচি ১০ তাৰিখৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া শংকৰ সংঘৰ অধিৱেশনখনৰ বাবে আজিৰে পৰা অসমৰ বিভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱে চেৰেণ পথাৰলৈ সোত বৈছে। যোৱা দুদিনৰ পৰা বৰষুণে বিধি পথালি দিছিল যদিও নিৰ্মাণ হোৱা  মূল তোৰণ, পতাকা বেদি, মূল মঞ্চ আদিত শেষ পৰশ দিয়াত ব্যস্ত হৈ পৰিছে আয়োজক সমিতিৰ৷ সাজু হৈ উঠিছে ১০ হাজাৰ লোকে একে লগে খাব পৰা ভোজনালয়, তিনিশতাধিক চৌকা, ১০০ টা প্ৰতিনিধি শিৱিৰ, বিভিন্ন উপ সমিতিৰ কাৰ্যালয়, গ্ৰন্থমেলা আৰু বানিজ্য মেলা৷ মুঠৰ ওপৰত লক্ষ লক্ষ ভকত বৈষ্ণৱৰ আগমনেৰে দ্বিতীয় বৈকুণ্ঠলৈ পৰিণত হ’ব জোনাইৰ চেৰেণ পথাৰ৷ অধিৱেশনৰ প্ৰথমদিনা পুৱা ৫ বজাত জিলা সেৱাবাহিনীৰ দ্বাৰা পৰিৱেশ নিকাকৰণ। ইয়াৰ পাছতে প্ৰাতঃ প্ৰসঙ্গ, নাম প্ৰসঙ্গ, গছপুলি ৰোপণ কৰা হ’ব।পুৱা ৯ বজাত মূল তোৰণ উন্মোচন কৰিব ধেমাজি জিলাৰ উপায়ুক্তই। পুৱা ৯-১০ বজাত নামঘৰৰ তোৰণ উন্মোচন, মূল মঞ্চৰ সন্মুখত দ্বিতীয় তোৰণ উন্মোচন, আদৰণি সমিতিৰ কাৰ্য্যালয়ৰ তোৰণ উন্মোচন, মূল কাৰ্য্যালয়ৰ তোৰণ উন্মোচন, জিলা কাৰ্য্যালয়ৰ দ্বাৰ উন্মোচন, গ্ৰন্থমেলা আৰু প্ৰদৰ্শণীৰ তোৰণ উন্মোচন, বিশেষ প্ৰতিনিধি শিবিৰৰ তোৰণ উন্মোচন, প্ৰতিনিধি সভাকক্ষৰ তোৰণ উন্মোচন, কৰ্মী শিবিৰৰ দ্বাৰ উন্মোচন, পুৱা ১১-১৫ বজাত মূল কাৰ্য্যনিৰ্বাহক সভা, ইয়াৰ পাছতে ভোজনালয়ৰ তোৰণ উন্মোচন, পতাকা বেদীৰ তোৰণ উন্মোচন, দুপৰীয়া ১২ বজাত  মূল মঞ্চ আৰু মূল মণ্ডপ উন্মোচন, প্ৰতিনিধি শিবিৰৰ তোৰণ উন্মোচন, সেৱা বাহিনী শিবিৰৰ তোৰণ উন্মোচন, চিকিৎসা সেৱা শিবিৰ উন্মোচন, দিনৰ ১-১০ বজাত আৰক্ষী ছাউনী উন্মোচন, দিনৰ ১-১৫ বজাত শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ পদাধিকাৰ কমলাকান্ত গগৈৰ সভাপতিত্বত স্মৃতিগ্ৰন্থ “সুধাসিন্ধু” উন্মোচন অন্যান্য গ্ৰন্থৰ উন্মোচনী সভা।দিনৰ ১-৩০ বজাত অগ্নিনিৰ্বাপক সেৱাৰ কাৰ্য্যালয় উন্মোচন, দিনৰ ১-৪৫ বজাত প্ৰচাৰ শাখা সমিতিৰ সভা, ইয়াৰ পাছতে উপ সমিতি সমূহৰ কাৰ্য্যালয় উন্মোচন, অনুসন্ধান কক্ষ উন্মোচন, শ্ৰীমন্ত শঙ্কৰদেৱ সংঘ থ্ৰিফট এণ্ড ক্ৰেডিট কো-অপাৰটিভ চ’চাইটিৰ সভা, দিনৰ ৩ বজাত জিলা শাখা সমিতিৰ সভা, বিয়লি ৪ বজাত কেন্দ্ৰীয় শিশু আৰু আই-মাতৃ কল্যাণ সমিতিৰ সাধাৰণ পৰিষদৰ সভা, বিয়লি ৪-৩০ বজাত নাটঘৰ উন্মোচন, সন্ধ্যা ৫ বজাত সমূহীয়া প্ৰাৰ্থনা, নাম প্ৰসঙ্গ, সন্ধ্যা ৬ বজাত অঙ্কীয়া নাট ৰাম-বিজয়,ৰুক্মিণী হৰণ প্ৰদৰ্শন, সন্ধ্যা ৬ বজাত অনুষ্ঠিত কৰা সাংস্কৃতিক সমাৰোহৰ উদ্ধোধন কৰিব ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই।নিশা ৭ বজাত কেন্দ্ৰীয় সেৱাবাহিনীৰ সাধাৰণ পৰিষদৰ সভা, দ্বিতীয় তথা ১১ ফেব্ৰুৱাৰীৰ পুৱা ৫ বজাত পৰিৱেশ নিকাকৰণ, প্ৰাতঃ প্ৰসঙ্গ, নাম প্ৰসঙ্গৰ পাছত পুৱা ৮ বজাত শৰণ সমিতিৰ বৈঠক, পুৱা ৯-৩০ বজাত জিলা শাখাৰ সভাপতি/সম্পাদক সন্মিলন, পুৱা ১০-৩০ বজাত শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ সাহিত্য শাখা সমিতিৰ সভাপতি মৃণাল কুমাৰ বৰুৱাৰ সভাপতিত্বত সাহিত্য শাখা সমিতিৰ অধিৱেশন।অনুষ্ঠানৰ উদ্ধোধন কৰিব শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ সাহিত্য শাখা সমিতিৰ প্ৰাক্তন সভাপতি ড৹ জগত চন্দ্ৰ কলিতাই।অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ৰাজ্যপাল অধ্যাপক জগদীশ মুখী, বিশেষ সন্মানিত অতিথিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল, সন্মানীয় অতিথি হিচাপে প্ৰেছ কাউঞ্চিল অৱ ইণ্ডিয়াৰ বিশিষ্ট সাংবাদিক প্ৰকাশ ডুবে, বিশিষ্ট গান্ধীবাদী নেতা হেম ভাই, বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ প্ৰাধ্যাপক ড৹ জ্ঞানেন্দ্ৰ নাৰায়ণ ৰায়,তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰাধ্যাপক ড৹ অনু শব্দ, জ্যোষ্ঠ সাংবাদিক মনোজ গোস্বামী, বীৰাংগনা সতী সাধনী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ জ্যোতিপ্ৰসাদ শইকীয়া, মহাৰাষ্ট্ৰৰ মৈত্ৰী আলোচনীৰ সম্পাদক কাঞ্চন বহন, দিল্লী বিশ্ববিদ্যালয়ৰ সহযোগী প্ৰাধ্যাপক ড৹ ৰত্নোত্তমা দাস বিক্ৰম উপস্থিত থাকিব। অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড৹ বিনোদ চন্দ্ৰ বড়া অংশগ্ৰহণ কৰিব। দিনৰ ২ বজাত শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ সংস্কৃতি শাখা সমিতিৰ সভাপতি ড৹ সুৰেশ চন্দ্ৰ বৰাৰ সভাপতিত্বত অনুষ্ঠিত কৰা সংস্কৃতি শাখা সমিতিৰ অধিৱেশনখন উদ্ধোধন কৰিব জ্যোতি চিত্ৰবনৰ অধ্যক্ষ বিদ্যাসাগৰে। অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব মন্ত্ৰী বিমল বৰা, সন্মানীয় অতিথি হিচাপে বিধায়ক নৱকুমাৰ দলে, অসম সাহিত্য সভাৰ সভাপতি ড৹ সূৰ্য্য হাজৰিকা, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ জিতেন হাজৰিকা, বিশিষ্ট অতিথি হিচাপে কেবাগৰাকী গন্যমান্য ব্যক্তি উপস্থিত থাকিব আৰু নিৰ্দিষ্ট বক্তা হিচাপে শংকৰী সংস্কৃতিৰ বিশিষ্ট সাধক অজিত বৰাই অংশগ্ৰহণ কৰিব।সন্ধ্যা ৫ বজাত সমূহীয়া প্ৰাৰ্থনা, নাম প্ৰসঙ্গৰ পাছত সন্ধ্যা ৬ বজাত অনুষ্ঠিত কৰা সাংস্কৃতিক সমাৰোহৰ উদ্ধোধন কৰিব আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন কন্ঠশিল্পী তৰালি শৰ্মাই আৰু অনুষ্ঠানত সন্মানিত অতিথি হিচাপে উপস্থিত থাকিব অভিনেতা যতীন বৰাই। সন্ধ্যা ৬-৩০ বজাত  অঙ্কীয়া নাট পাৰিজাত হৰণ,ৰাম-বিজয় প্ৰদৰ্শন কৰা হ’ব। সন্ধ্যা ৬-৩০ বজাত অনুষ্ঠিত কৰা প্ৰতিনিধি সভাত আদৰণী ভাষন আগবঢ়াব বিধায়ক তথা অভ্যৰ্থনা সমিতিৰ কাৰ্য্যকৰী সভাপতি ভূবন পেগুয়ে। অন্তিম তথা ১২ ফেব্ৰুৱাৰীৰ পুৱা ৯ বজাত পতাকা উত্তোলন কৰিব শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ নৱনিৰ্বাচিত পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকাই। পুৱা ১০ বজাত ভাগৱত ভ্ৰমণ আৰু বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা। পুৱা ১১-৩০ বজাত ভৱেন্দ্ৰনাথ ডেকাৰ সভাপতিত্বত মুকলি সভা। মুকলি সভাখন উদ্ধোধন কৰিব শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ প্ৰাক্তন উপ পদাধিকাৰ বীৰেণ বৰাই। মুকলি সভাত মুখ্য অতিথি হিচাপে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, সন্মানীয় অতিথি হিচাপে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগু, পিয়ুষ হাজৰিকা, জয়ন্তমল্ল বৰুৱা, সঞ্জয় কিষাণ, অতুল বৰা, বিধায়ক অমিয় ভূঞা, শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰ উপস্থিত থাকিব।মুকলি সভাত বিশিষ্ট গৱেষক ড৹ দ্বীজেন্দ্ৰনাথ ভকত উপস্থিত থাকিব। মুকলি সভাত বিশিষ্ট অতিথি হিচাপে প্ৰাগ নিউজৰ মুখ্য সম্পাদক প্ৰশান্ত ৰাজগুৰু, নিউজ লাইভৰ মুখ্য সম্পাদক চৈয়দ জাৰিৰ হুছেইন, অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ ৰুক্মগোঁহাই বৰুৱা, কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য গকুল বৰ্মন, মিচিং স্বায়ত্তশাসিত পৰিষদৰ পৰমানন্দ চায়েঙ্গীয়া, বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ মিহিনিশ্বৰ বসুমতাৰী, চুতীয়া জাতি সন্মিলনৰ সভাপতি অমিয় বৰা,সদৌ অসম নাথযোগী সন্মিলনৰ সভাপতি দীনেশ কাকতি,অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা, অসম কলেজ শিক্ষক সংস্থাৰ সভাপতি হিমাংশু মৰল,সদৌ অসম কৰ্মচাৰী পৰিষদৰ সভাপতি দ্বীপেন শৰ্মা, অৱসৰপ্ৰাপ্ত খণ্ড প্ৰাথমিক শিক্ষা বিষয়া দিলিপ কুমাৰ গগৈ,সদৌ অসম ছাত্র সন্থাৰ সাধাৰণ সম্পাদক শঙ্কৰজ্যোতি বৰুৱা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাই, সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ সম্পাদক মহেন বৰা,সদৌ তাই আহোম ছাত্র সন্থাৰ সভাপতি লিতুল বুঢ়াগোহাঁই, টিএমপিকেৰ সভাপতি ৰাজকুমাৰ মৰাং, সদৌ অসম সোনোৱাল কছাৰী ছাত্র সন্থাৰ সভাপতি দেবানন্দ চেলেং, সদৌ অসম কোচৰাজবংশী ছাত্ৰ সন্থাৰ সভাপতি ক্ষীতিশ বৰ্মন,নিখিল বড়ো ছাত্র সন্থাৰ সভাপতি দ্বীপেন বড়ো,সদৌ অসম অনুসূচীত জাতি ছাত্ৰ সন্থাৰ সভাপতি দেৱকুমাৰ দাস, সদৌ অসম দেউৰী ছাত্র সন্থাৰ সভাপতি নীৰেণ দেউৰী, সদৌ অসম তিৱা ছাত্র সন্থাৰ মুখ্য উপদেষ্টা চেনীৰাম মালাং,সদৌ অসম কৈৱৰ্ত যুৱ ছাত্ৰ সন্মিলনৰ সভাপতি জয়ন্ত দাস,সদৌ অসম সূত্ৰধৰ ছাত্র সন্থাৰ সভাপতি লক্ষীকান্ত সূত্ৰধৰ, আবৌফৰ সভানেত্ৰী দিপালী নাৰ্জাৰী, সদৌ অসম গোৰ্খা ছাত্র সন্থাৰ সভাপতি অৰ্জুন ছেত্ৰী,সদৌ অসম ভোজপুৰী পৰিষদৰ সভাপতি কৈলাশ কুমাৰ গুপ্তা, সদৌ অসম গৰীয়া মৰীয়া জাতীয় পৰিষদৰ উপ সভাপতি আজিজূল ৰহমান প্ৰমুখ্যে কেবাগৰাকী সমাজকৰ্মী উপস্থিত থাকিব। সন্ধ্যা ৫-৩০ বজাত নৱনিৰ্বাচিত কাৰ্য্যনিৰ্বাহক সভা।সন্ধ্যা ৬ বজাত সমূহীয়া প্ৰাৰ্থনা, সন্ধ্যা ৬-৩০ বজাত নাম প্ৰসঙ্গ আৰু সন্ধ্যা ৭ বজাত বাৰেৰহনীয়া সাংস্কৃতিক সমাৰোহ, নিশা ৭-৩০ অঙ্কীয়া নাট নৃসিংহ যাত্ৰা প্ৰদৰ্শন কৰিব। অনুষ্ঠানৰ উন্মোচন কৰিব বিশিষ্ট অভিনেতা বৈকুণ্ঠ প্ৰিন্স পাঠকে।

 

প্ৰেৰক কৰবী দলে

You might also like