নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতালৈ ডিব্ৰুগড়ৰ মহিলা ফুটবল দল

বিশেষ বাৰ্তা, ৯ ফেব্ৰুৱাৰীঃ তিতাবৰত অনুষ্ঠিত অসম মাষ্টাৰছ গেমছ ফাউন্ডেশনৰ অধিনত অনুষ্ঠিত প্ৰতিযোগিতাত কাৰ্বি আংলং দলক সকলোকে চমৎকৃত কৰি ৮ টাকৈ গলত পৰাজিত কৰি অসমৰ হৈ ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিদ্বন্দিতাৰ সুযোগ পালে ডিব্ৰুগড়ৰ দলটোৱে।আজি ডিব্ৰুগড়ৰ বাণীপুৰ ৰেল ষ্টেচনৰ পৰা ১৭ জনীয়া ফুটবল খেলুৱৈৰ দলটো ৰাওঁনা হয় ৰাষ্ট্ৰীয় প্ৰতিযোগিতালৈ। ভাৰত চৰকাৰৰ Ministry of Youth affairs and sports ৰ অধিনৰ Masters Games Fetharation ৰ অধিনৰ এই ১১ পৰা ১৪ ফেব্ৰুৱাৰীলৈ উত্তৰ প্ৰদেশৰ বানাৰসত অনুষ্ঠিত হ’ব লগীয়া ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অসমৰ হৈ প্ৰতিদ্বন্দিতা আগবঢ়াব অসমৰ দলটোৱে।ডিব্ৰুগড়ৰ বাণীপুৰ ৰেল ষ্টেচনত জয় আই অসম ধ্বনি দি ৰাষ্ট্ৰীয় প্ৰতিযোগিতালৈ ৰাওনা হ’ল দলটো। লক্ষনীয় যে কোলাত পানী কেচুঁৱা লৈও নিজ ৰাজ্যৰ গৌৰৱ ৰক্ষাৰ বাবে দলটোত দেখা গ’ল বহু কেইগৰাকী খেলুৱৈ। ডিব্ৰুগড়ৰ দলটো কোচ মন্টু সোণোৱাল, টিম মেনেজাৰ লাটু হাজৰিকা, টীম লিডাৰ হেমা ফুকন সোণোৱালৰ নেতৃত্বত ৰাওনা হৈছে। উল্লেখ্য যে অসমৰ হৈ প্ৰতিদ্বন্দিতা আগবঢ়াবলৈ যোৱা দলটোক উৎসাহ যোগাবলৈও দেখা নগল চৰকাৰী ভাৱে এগৰাকী ক্ৰীড়াৰ প্ৰতিনিধি বা বিষয়া।

প্ৰেৰক বিভাস দুৱৰা

You might also like