নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৫৩ বছৰ বয়সত উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ ঢকুৱাখনাৰ বাসন্তী শইকীয়া

নিয়মীয়া বাৰ্তা, ৯ মে’ : মনত প্ৰবল ইচ্ছাশক্তি থাকিলে শিক্ষাৰ ক্ষেত্ৰত বয়স কেতিয়াও হেঙাৰ হ’ব নোৱাৰে। এই কথাকে যেন প্ৰতিপন্ন কৰিলে ঢকুৱাখনাৰ এগৰাকী মহিলাই। ৫৩ বছৰ বয়সত উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ হ’ল ঢকুৱাখনাৰ এগৰাকী মহিলা। আজি ঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত দ্বিতীয় বিভাগত উত্তীৰ্ণ হ’ল ঢকুৱাখনাৰ সাপতীয়াৰ ৫৩ বছৰীয়া মহিলা বাসন্তী শইকীয়া। ১৯৮৮ চনত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱা মহিলাগৰাকীয়ে সুদীৰ্ঘ ৩৬ বছৰৰ পিছত শিক্ষা জীৱনৰ প্ৰতি আগ্ৰহী হৈ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল। ঢকুৱাখনাৰ সাপতীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা শিক্ষাগ্ৰহণ কৰি ৫৮ শতাংশ নম্বৰেৰে দ্বিতীয় বিভাগত সফলতাৰে উত্তীৰ্ণ হয়। সাপতীয়া অংগনৱাড়ী কেন্দ্ৰত কৰ্মী হিচাপে নিয়োজিত বাসন্তী শইকীয়া। ঘৰুৱা ব্যস্ততা আৰু চৰকাৰী দায়িত্বৰ মাজতো বাসন্তী শইকীয়াই কৰি গৈছিল অধ্যয়ন। স্বামী আৰু উচ্চশিক্ষিত দুই পুত্ৰ-বোৱাৰীৰ সৈতে সুখৰ সংসাৰ কটোৱা মহিলগৰাকীৰ এই খবৰে পৰিয়ালটোৰ লগতে আনন্দত উৎফল্লিত হৈ পৰিছে বিদ্যালয়খনৰ লগতে অঞ্চলটোৰ ৰাইজ৷ ইফালে, উচ্চ শিক্ষাগ্ৰহণৰ ইচ্ছা পুহি ৰাখিছে বাসন্তী শইকীয়াই।

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like