নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১০-১২ মে’ত ঢেকীয়াজুলিত ৰূপজ্যোতি আঞ্চলিক বিহুৱা দলৰ সোণালী জয়ন্তী মহোৎসৱ

বিশেষ বাৰ্তা, ৯ মে’ : লোকসংস্কৃতিৰ উত্তৰণ আৰু সাধনাৰ্থে ১৯৭২ চনতে প্ৰতিষ্ঠা লাভ কৰা এক সাংস্কৃতিক মঞ্চৰ নাম হ’ল ঢেকীয়াজুলিৰ ঐতিহ্যমণ্ডিত “ৰূপজ্যোতি আঞ্চলিক বিহুৱা দল” ৷ মুকলি বিহুৰ ইতিহাসত ৰাজ্যখনৰ কোনো এটা বিহুৱা দলে বিৰতি নোহোৱাকৈ ধাৰাবাহিকতা ৰক্ষা কৰি প্ৰতিবৰ্ষতে (লকডাউনৰ দুটি বৰ্ষ বাদ দি) বিহু মাৰি সগৌৰৱে অৰ্ধশতাধিক বৰ্ষ গৰকাৰ দৃষ্টান্ত বোধহয় বিৰল ৷ ৰূপজ্যোতি আঞ্চলিক বিহুৱা দল এই বিৰল সন্মানৰ অধিকাৰী। এইবেলি সুৰীয়া ব’হাগে মন-প্ৰাণ উতলা কৰা উৎসৱমুখৰ বতৰত ১০, ১১ আৰু ১২ মে’ত অসম তথা শ্বহীদ নগৰী ঢেকীয়াজুলিৰ গৌৰৱ ৰূপজ্যোতি আঞ্চলিক বিহুৱা দলৰ বহু প্ৰত্যাশিত সোণালী জয়ন্তী মহোৎসৱ বিবিধ বৰ্ণিল কাৰ্যসূচীৰে আয়োজনৰ পূৰ্ণগতিত প্ৰস্তুতি চলিছে ৷ ৰূপজ্যোতি আঞ্চলিক বিহুৱা দলৰ গৌৰৱোজ্জ্বল সোণালী জয়ন্তী মহোৎসৱ উদযাপন সমিতিৰ সাধাৰণ সম্পাদক তথা অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ মুখ্য উপদেষ্টা ৰাণা প্ৰতাপ বৰুৱাই সংবাদ মাধ্যমত জনায় যে অহা ১০ মে’ত পুৱা ৯:৩০ বজাত ৰূপজ্যোতি আঞ্চলিক পুথিভঁৰাল আৰু লোককলা-কৃষ্টি চৰ্চা কেন্দ্ৰৰ অন্তৰ্গত ৰূপজ্যোতি আঞ্চলিক বিহুৱা দলৰ মূল পতাকা উত্তোলন কৰিব উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি হীৰেন নাথে। স্বৰ্ণ জয়ন্তীৰ পতাকা উত্তোলন কৰিব আয়োজক সমিতিৰ সভাপতি ৰাতুল কুমাৰ নাথে। একে সময়তে ৰূপজ্যোতি বিহুৱা দলৰ প্ৰাক্তন বিহুৱা-বিহুৱতী আৰু বিশিষ্ট ব্যক্তিৰ দ্বাৰা ৫২খন ৰূপজ্যোতিৰ পতাকা উত্তোলন কৰা হ’ব। ১০ বজাত অক্ষয় বন্তি প্ৰজ্বলন কৰিব প্ৰতিষ্ঠাপক সম্পাদক লীলাধৰ নাথে। ইয়াৰ পিছতেই পুৱা ১০.৩০ বজাৰ পৰা দিনৰ ১ বজালৈকে শ্বহীদ তৰ্পণ, সতীৰ্থ স্মৰণ, ন-পুৰণি সতীৰ্থ পঞ্জীয়ন, দুপৰীয়া অসমৰ পৰম্পৰাগত আহাৰ গ্ৰহণ আৰু ন-পুৰণি বিহুৱা-বিহুৱতীৰ অন্তৰংগ আলাপ অনুষ্ঠান ৰূপায়ণ কৰা হ’ব। সন্ধিয়া ৬ বজাৰ লগে লগে ৫২ গছি বন্তি প্ৰজ্বলনৰ কাৰ্যক্ৰমত অংশগ্ৰহণ কৰিব বিহুৱা দলটোৰ প্ৰতিষ্ঠা কালৰে বিহুৱতী বন্দনা দেৱী, প্ৰাক্তন সভাপতি গোবিন্দ কুমাৰ নাথকে প্ৰমুখ্য কৰি কেইবাগৰাকীও বিশিষ্ট সাংস্কৃতিক কৰ্মীয়ে। সন্ধিয়া ৭ বজাত সৰু বিহুৱতী আৰু বোৱাৰী বিহু প্ৰতিযোগিতা উদ্বোধন কৰিব ৰূপজ্যোতি আঞ্চলিক বিহুৱা দলৰ প্ৰাক্তন বিহুৱতী তথা গুৱাহাটীৰ কে চি দাস কমাৰ্চ কলেজৰ সহযোগী‌ অধ্যাপিকা ড° স্বপ্না স্মৃতি মহন্তই। উক্ত অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব বৰছলা বিধানসভা সমষ্টিৰ বিধায়ক গণেশ কুমাৰ লিম্বু। দ্বিতীয় দিনা অৰ্থাৎ ১১ মে’ত সদৌ অসম ভিত্তিত মুকলি বিহু প্ৰতিযোগিতা উদ্বোধন কৰিব ঢোলৰ ওজা সোমনাথ বৰাই। মুখ্য অতিথি হিচাপে উপস্থিত থাকিব অসম চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰী বিমল বৰা। আনহাতে, স্মৃতিগ্ৰন্থ উন্মোচন কৰিব সাংবাদিক প্ৰশান্ত ৰাজগুৰুৱে। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব ডাঃ প্ৰসন্ন গগৈ (সঞ্চালক, উত্তৰ-পূব-মাণ্ডলিক সাংস্কৃতিক কেন্দ্ৰ, ডিমাপুৰ), তেজপুৰ সমষ্টিৰ বিধায়ক পৃথ্বীৰাজ ৰাভা, অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰধান প্ৰেছ সচিৱ ধ্ৰুৱ মহন্ত আৰু বিহু শিল্পী সংস্থা, অসমৰ সভাপতি দীপজ্যেতি হাজৰিকাই। ১২ মে’ত মুকলি সভা, বঁটা বিতৰণী আৰু দাতা সম্বৰ্ধনা অনুষ্ঠান মুকলি কৰিব বিহু কৃষ্টি পৰিষদ, অসমৰ সভাপতি ড° শুকদেৱ অধিকাৰীয়ে। মুখ্য অতিথি হিচাপে উপস্থিত থাকিব লোকসংস্কৃতিৰ সাধক হেম গগৈ। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব শিক্ষাবিদ তথা প্ৰবীণ সাংবাদিক ৰমেশ চন্দ্ৰ বৰা, ৭০সংখ্যক ঢেকীয়াজুলি কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ সভাপতি ধ্ৰুৱ কুমাৰ বৰা, বিহু ৰত্ন জয়ন্ত সোণোৱাল আৰু সমাজকৰ্মী বেণুধৰ নাথে। সন্ধিয়া ৮ বজাৰ অন্তিম কাৰ্যক্ৰম ‘সমন্বয় সাংস্কৃতিক সমাৰোহ’ উদ্বোধন কৰিব স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংহলে। উল্লেখ্য যে স্বৰ্ণ জয়ন্তী উৎসৱটি সফল কৰি তুলিবলৈ ৰাইজৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে সমাজকৰ্মী তথা উদযাপন সমিতিৰ সভাপতি ৰাতুল নাথ, সাংস্কৃতিক কৰ্মী তথা উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি হীৰেন নাথ, জনাৰ্দন বৰা আৰু উদযাপন সমিতিৰ সাধাৰণ সম্পাদক তথা অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ মুখ্য উপদেষ্টা তথা প্ৰাক্তন সভাপতি ৰাণা প্ৰতাপ বৰুৱাই।

প্ৰেৰক কল্পজ্যোতি নাথ

You might also like