নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হোজাইৰ বিধায়ক শিলাদিত্য দেৱৰ ক্ষমা প্ৰাৰ্থনা; কিন্তু কাৰ ওচৰত কিয় ক্ষমা প্ৰাৰ্থনা বিধায়ক শিলাদিত্য দেৱৰ?

নিয়মীয়া বাৰ্তা, ৭ মাৰ্চঃ “বিগত ৫ বছৰ ধৰি যেতিয়াই সংবাদ মাধ্যমক লগ পাও, সদায়ে কিবা নহয় কিবা এটা বিতৰ্ক বুলিয়ে উলায়। আজি কোনো বিতৰ্কৰ কাৰণে নহয়। আজি এটা স্পষ্টিকৰণৰ কাৰণেহে সংবাদ মাধ্যমক মই লগ কৰিছো।”- সংবাদ মাধ্যমৰ আগত এই মন্তব্য  বিধায়ক শিলাদিত্য দেৱৰ।

১ বছৰৰ পূৰ্বে নিজ বাসগৃহত হোৱা এটা প্ৰেছমিটক লৈ বিধায়ক শিলাদিত্য দেৱে স্পষ্টিকৰণ দি কয় যে, “এজন অপৰাধীক ৰক্ষণা-বেক্ষণ দিয়াৰ ক্ষেত্ৰত এজন বিজেপি নেতা জড়িত থকা বুলি খবৰ পাইছিলোঁ। যাৰবাবে ইয়াৰ বাবে মই নাম নোলোৱাকৈয়ে জেষ্ঠ বিজেপি নেতা ফণি শৰ্মাৰ কথা সংবাদমেলত কৈছিলো। যাৰ বাবে বিজেপিৰ বহু জেষ্ঠ নেতাৰ লগতে ফণি শৰ্মাও মোৰ ওপৰত অসন্তুষ্ট হৈ পৰিছিল। কিন্তু পাছত এই সমগ্ৰ বিষয়টোৰ সত্যা-সত্য জানিব পাৰিছিলো যদিও এবাৰ কথাবোৰ ওলাই যোৱাৰ পাছত তাক লৈ বহু বিতৰ্ক সৃষ্টি হৈছিল। কিন্তু আজি মই এই বিষয়টোৰ বাবে ফণি শৰ্মাৰ লগতে সকলোৰে ওচৰত ক্ষমা প্ৰাৰ্থনা জনাইছোঁ।”

ইপিনে সাংবাদিকে এই ভুলৰ বাবেই শিলাদিত্য দেৱক বিজেপি নেতৃত্বই প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত কৰিলে নেকি বুলি সোধা প্ৰশ্নত তেওঁ কয় যে টিকটৰ লোভত তেওঁ ক্ষমা খোজা নাই। তেওঁ বহু দিন ধৰিও ক্ষমা খুজিব পৰা নাছিল বাবে বহুদিনৰ পৰা তেওঁৰ মনত জ্বলি থকা বুলি কৈ ক্ষমা প্ৰাৰ্থনা কৰে।

You might also like