নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘বটদ্ৰৱাত পুনৰ পদুম ফুলিব’- আঙুৰলতা ডেকা

নিয়মীয়া বাৰ্তা, ৭ মাৰ্চঃ বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতা ডেকাই পুনৰ প্ৰাৰ্থিত্ব লাভৰ পিছতেই বটদ্ৰৱা সমষ্টিত বিশাল ৰেলীৰে আজি প্ৰথমবাৰলৈ আহিল সমষ্টিলৈ। নাচি বাগি আনন্দ উল্লাস কৰি বিশ সহস্ৰাধিকৰো অধিক দলীয় কৰ্মী-সমৰ্থকে বাৰপূজিয়া চাৰিআলিৰ পৰা নিজৰ সমষ্টিলৈ আদৰি আনিলে বিধায়িকা আঙুৰলতাক।

বটদ্ৰৱা সমষ্টিৰ বিভিন্ন প্রান্তৰ পৰা অহা দলীয় কৰ্মী-সমৰ্থকসকলে কাষত আঙুৰলতাক পাই ব্যাপক আনন্দ উল্লাস কৰে। নাচি বাগি, ঢোলে দগৰে আদৰণি জনালে বিধায়িকা আঙুৰলতাক। বটদ্ৰৱাৰ দৰে ঐতিহাসিক সমষ্টি এটাত শাসকীয় বিজেপি মিত্ৰজোটৰ প্ৰাৰ্থিত্ব লাভৰ পিছত যথেষ্ঠ উৎফুল্লিত দেখা গ’ল বিধায়িকা আঙুৰলতাক।

বটদ্ৰৱাৰ সমষ্টিৰ অন্তৰ্গত প্ৰতিটো চুবুৰীত বিধায়িকা আঙুৰলতাৰ প্ৰাৰ্থিত্ব লাভৰ পিছত দেখা গৈছে এক উৎসৱ মুখৰ পৰিৱেশ।

ইফালে আনন্দত সংবাদ মাধ্যমক সাক্ষাত কৰি আঙুৰলতাই কয়, “২০১৬ চনতকৈ এইবাৰ অলপ সুকীয়া। মোক পুনৰবাৰ প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ কাৰণে মই শীৰ্ষ নেতৃত্বক অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে আগন্তুক সময়ত বটদ্ৰৱাবাসী ৰাইজৰ যাতে সেৱা কৰি যাব পাৰো তাৰবাবে সকলোৰে ওচৰত আশীষ বিচাৰিছোঁ। এইবাৰো পুনৰ বটদ্ৰৱাত পদুম ফুলেই ফুলিব।”

You might also like