নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমত শ্বপিং মল–৫০ শতাংশ ব্যৱসায়িক প্রতিষ্ঠান খোলাৰ পৰামর্শ

নিয়মীয়া বাৰ্তা, ১৬ মে’ : ৰাজ্য চৰকাৰে আৰু দুসপ্তাহৰ বাবে লকডাউন বৃদ্ধি কৰাৰ প্রস্তাৱ দিয়াৰ সমান্তৰালভাৱে কেতবোৰ ক্ষেত্রত শিথিলতা অনাৰ বাবেও কেন্দ্রীয় চৰকাৰলৈ পৰামর্শ আগবঢ়াইছে ৷ এই পৰামর্শসমূহৰ ভিতৰত অন্যতম হৈছে– শ্বপিং মলসমূহ খোলাৰ অনুমতি ৷ অৱশ্যে শ্বপিং মল খোলাৰ পৰামর্শ দিলেও তাত থকা চলচ্চিত্র গৃহ আৰু ফুড ক’ৰ্ট বন্ধ ৰাখিব ৷ সেইদৰে ৰেষ্টুৰেণ্টসমূহ খোলাৰো পৰামর্শ দিছে ৷ কিন্তু ৰেষ্টুৰেণ্ট খুলিলেও গ্রাহকে তাত বহি খাদ্য গ্রহণ কৰিব নোৱাৰিব ৷ ৰেষ্টুৰেণ্টৰ পৰা গ্রাহকে খাদ্য ক্রয় কৰি নিবহে পাৰিব ৷ ই–কমার্চৰ ক্ষেত্রতো ৰাজ্য চৰকাৰে ৰেহাই দিয়াৰ পৰামর্শ আগবঢ়াইছে ৷ দোকান–পোহাৰ খোলাৰ ক্ষেত্রত পূর্বৰ এক তৃতীয়াংশৰ পৰিৱর্তে এইবাৰ ৫০ শতাংশ খোলা ৰখাৰ কথা কোৱা হৈছে ৷ একেদৰে আৱাসিক হোটেল খোলাৰো পৰামর্শ দিয়া হৈছে ৷ অৱশ্যে ইয়াতো কিছু নিয়ন্ত্রণ থাকিব ৷ চিকিৎসাৰ বাবে অহা লোক, কোৱাৰেণ্টাইন আদিৰ ক্ষেত্রতহে এই সেৱা উপলব্ধ হ’ব ৷ আনহাতে, চৰকাৰী–বেচৰকাৰী কার্যালয় ৫০ শতাংশ কর্মচাৰীৰ উপস্থিতিৰে চলোৱাৰ পৰামর্শ দিয়া হৈছে বুলি জানিব পৰা গৈছে ৷ চতুর্থ পর্যায়ৰ লকডাউনত ৰাজ্য চৰকাৰে কেতবোৰ ক্ষেত্রত শিথিলতাৰ পৰামর্শ দিছে যদিও পূর্বৰ দৰে নিশাৰ ভাগত সান্ধ্য আইন বাহাল ৰখাৰ পোষকতা কৰিছে ৷ অৱশ্যে ৰাজ্য চৰকাৰৰ এই পৰামর্শসমূহ গ্রহণ কৰা–নকৰা বিষয়টো সম্পূর্ণৰূপে নির্ভৰ কৰিব কেন্দ্রীয় চৰকাৰৰ ওপৰত ৷

You might also like