নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৱাংখেড়েত শুভমনক ছাৰাৰ নামেৰে বিৰক্ত অনুৰাগীৰ

বিশেষ বাৰ্তা, ৩ নৱেম্বৰ : কালি মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত শ্ৰীলংকাৰে এখন মেচত অৱতীৰ্ণ হয় ভাৰত। ভাৰতে দলটোক ৩০২ ৰান বিশাল ব্যৱধানত পৰাস্ত কৰে। কিন্তু মেচৰ মাজতে ঘটে এটা আমোদজনক ঘটনা। উল্লেখ্য যে বৰ্তমান শচীন দুহিতা ছাৰা তেণ্ডুলকাৰক লৈ এক গচ্ছিপ ওলাই আছে। কালিও মুম্বাইৰ ৱাংখেড়ে খেলপথাৰত উপস্থিত আছিল শচীন টেণ্ডুলকাৰৰ কন্যা ছাৰা। শুভমন গিলেও কালি মেচত খেলে। ইয়াৰ উপৰি তেওঁ ৯২ ৰানৰ ইনিংছ খেলে। কালি অনুৰাগীয়ে মুম্বাইৰ খেলপথাৰত এগৰাকীক ফিল্ডত আনগৰাকীক দৰ্শকৰ ৰূপত বিচাৰি পোৱাৰ পিছত অনুৰাগীয়ে ছাৰাৰ নামেৰে শুভমানক বিৰক্ত কৰিবলৈ ধৰে। তাক দেখি বাধা দিয়ে বিৰাট কোহলিয়ে। বেটিঙৰ পাছত দুয়োজনে শ্লিপত ফিল্ডিং কৰে। সেই সময়ত দৰ্শকে শুভমনক উদ্দেশ্যি চিঞৰিবলৈ ধৰিলে, “আমাৰ বোৱাৰী কেনেকুৱা হ’ব? ছাৰা বৌদিৰ দৰে হ’ব।” সেই সময়ত দেখা যায় যে শুভমন নিশ্চুপ হৈ পৰে। তেতিয়াই বিৰাট আহি শুভমনৰ কাষতে থিয় হ’ল। তেওঁ দৰ্শকক ৰ’বলৈ ইংগিত দিয়ে। কিন্তু তেতিয়াও দৰ্শকে শুভমনৰ নাম চিঞৰি থাকে।

#বাৰ্তা ডেস্ক

You might also like