নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জিঅ’-এয়াৰটেলৰ প্ৰত্যাহ্বানত গ্ৰাহক হেৰুৱাইছে ভোডাফোন-আইডিয়াই

বিশেষ বাৰ্তা, ৩ নৱেম্বৰ : বিত্তীয় সংকটৰ সন্মুখীন হোৱা দেশৰ তৃতীয় বৃহত্তম টেলিকম কোম্পানী ভোডাফোন আইডিয়াৰ ষ্টকে বিগত ছমাহত বিনিয়োগকাৰীক শক্তিশালী ৰিটাৰ্ন দিছে। ৬ মাহৰ ভিতৰতে ভোডাফোন আইডিয়াৰ ষ্টকে ১০০ শতাংশতকৈ অধিক ৰিটাৰ্ন দিছে। অৰ্থাৎ বিনিয়োগকাৰীৰ ধন নিম্নস্তৰৰ পৰা দুগুণ বৃদ্ধি পাইছে। ভোডাফোন আইডিয়াৰ ষ্টকৰ গতিবিধি চাওঁ তেন্তে ২০২৩ চনৰ ৩১ মাৰ্চত ষ্টকটোৰ মূল্য ৫.৭০ টকালৈ নামি গৈছিল। ২০২৩ চনৰ ২ নৱেম্বৰত এই ষ্টকটো ১৩.৭৫ টকাত বন্ধ হৈছিল। অৰ্থাৎ ৭ মাহত ষ্টকটোৱে নিজৰ বিনিয়োগকাৰীক ১৪১ শতাংশ ৰিটাৰ্ন দিছে। প্ৰতিটো শ্বেয়াৰত বিনিয়োগকাৰীয়ে লাভ কৰিছে ৮.০৫ টকা। এইচ ডি এফ চি বেংকে ভোডাফোন আইডিয়াক ২০০০ কোটি টকাৰ ঋণ প্ৰদান কৰিছে যাতে কোম্পানীয়ে অনুজ্ঞাপত্ৰৰ মাচুল আৰু ৫জি স্পেকট্ৰম পেমেণ্ট দিব পাৰে। এই ঋণ দুবছৰৰ বাবে দিয়া হৈছে। কিন্তু কোম্পানীটোৰ আটাইতকৈ ডাঙৰ গুৰুত্ব হৈছে ইকুইটি বিক্ৰী কৰি ধন সংগ্ৰহ কৰা। শেহতীয়াকৈ কোম্পানীটোৰ চিইঅ’ অক্ষয় মুন্দ্ৰাই কয় যে প্ৰমোটাৰসকলে কোম্পানীটোত ২০০০ কোটি টকা বিনিয়োগ কৰাৰ আশ্বাস দিছে। লগতে কোম্পানীটোৱে ইকুইটি বিক্ৰী কৰি ধন সংগ্ৰহৰ চেষ্টা কৰিছে আৰু চলিত ত্ৰৈমাসিকত এই কাম সম্পূৰ্ণ হ’ব। ভোডাফোন আইডিয়াই দীৰ্ঘদিন ধৰি ধন সংগ্ৰহৰ চেষ্টা চলাই আহিছে যদিও কোম্পানীটোৱে সফলতা লাভ কৰিব পৰা নাই। ভোডাফোন আইডিয়াৰ বিশাল ঋণ বাকী আছে। কোম্পানীটোৰ ঋণৰ পৰিমাণ প্ৰায় ২.১১ লাখ কোটি টকা। কোম্পানীটোৰ ওপৰত আৰ্থিক সংকট এনেকুৱা যে ৫জি স্পেকট্ৰম লোৱাৰ পিছতো কোম্পানীটোৱে সেৱা আৰম্ভ কৰিব পৰা নাই। আনহাতে ভোডাফোন আইডিয়াই অহৰহ গ্ৰাহক হেৰুৱাইছে। কোম্পানীটোৰ প্ৰতিদ্বন্দ্বী ৰিলায়েন্স জিঅ’ আৰু এয়াৰটেলে মুকলি কৰিছে ৫জি সেৱা। চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত চৰকাৰৰ ১৬১৩৩ কোটি টকাৰ বাবদ ধন ইকুইটিলৈ ৰূপান্তৰিত কৰা হৈছিল, তাৰ পিছত চৰকাৰে ভোডাফোন আইডিয়াৰ সৰ্ববৃহৎ অংশীদাৰ হিচাপে পৰিগণিত হৈছে। কোম্পানীটোৰ প্ৰায় ৩৩ শতাংশ অংশীদাৰিত্ব চৰকাৰৰ। ১০ টকাৰ মুদ্ৰা মূল্যত চৰকাৰক প্ৰদান কৰা হৈছে শ্বেয়াৰ। ভোডাফোন আইডিয়া ঋণৰ বোজা আৰু কোম্পানীটোক বিপুল মূলধনৰ প্ৰয়োজন যাতে ই ৫জি সেৱা আৰম্ভ কৰাৰ লগতে ঋণ পৰিশোধ কৰিব পাৰে।

#বাৰ্তা ডেস্ক

You might also like