নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শুৱালকুছিৰ বিদ্যালয়ত কৃত্ৰিম বানৰ ওপৰতে হ’ব গুণোৎসৱঃ চিন্তিত বিদ্বৎ সমাজ

বিশেষ বাৰ্তা, ২০ মে: অসম চৰকাৰে শিক্ষাৰ্থী মূল্যায়নৰ বাবে গুণোৎসৱৰ ব্যৱস্থা কৰিছে ৷ যোৱা দুটা গুণোৎসৱৰ বেলিকা বিদ্যালয় বা ছাত্ৰছাত্ৰীৰ কি মূল্যাংকন হ’ল সেয়া সৰ্বজন বিদিত ৷ এই প্ৰতিবেদন প্ৰকাশ কৰাৰ কাৰণ হ’ল যোৱা দুটা গুণোৎসৱে যে বিশেষকৈ বিদ্যালয়ৰ আন্ত:গাঁথনি উন্নীত কৰা নাই তাৰ উদাহৰণ শুৱালকুছি বালক মজলীয়া বিদ্যালয় ৷ দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱলৈ মাজত মাথো ২ টা দিন বাকী থকাৰ সময়তো শুৱালকুছিৰ উক্ত শতিকা প্ৰাচীন চৰকাৰী বিদ্যালয়ৰ পয়ালগা ৰূপক লৈ চিন্তাত পৰিছে স্হানীয় ৰাইজ , অভিভাৱক আৰু শিক্ষক শিক্ষয়িত্ৰী সকল । শুৱালকুছিৰ মাজ মজিয়াত বিগত ১৮৮৫ চনতে স্থাপন কৰা শুৱালকুছি বালক মজলীয়া বিদ্যালয়ৰ বিধস্ত ৰূপে ছাত্ৰ ছাত্ৰী অভিভাৱকসকলকো চিন্তিত কৰি তুলিছে । এজাক সাধাৰণ বৰষুণতে স্কুলৰ চোতালত প্ৰায় একাঠু পানীৰে উপচি পৰে।চোতালৰ পানী ওলাই যোৱাৰ কোনো ব্যৱস্থা নথকাত দিনৰ পিচত দিন ধৰি পানী চৌহদত থকাৰ ফলত এক লেতেৰা পৰিবেশৰ সৃষ্টি হয়। ইফালে স্কুলৰ ঘৰ বোৰ অতি পুৰণি হোৱাত বেৰ চিলিং আদি ঠায়ে ঠায়ে উৱলি গৈছে। মুঠতে স্কুলত বিনষ্ট হৈছে পঢ়াৰ পৰিবেশ। মুখ্যমন্ত্ৰীৰ নিজ সমষ্টিৰ এখন বিদ্যালয়ৰ এনে বিধস্ত ৰূপে সচেতন মহলৰ মন মগজুত আঘাত হানিছে। যিটো সময়ত গুণোৎসৱক লৈ আন বিদ্যালয় সমুহে পৰিবেশ নিকা কৰণত উথপ থপ লাগি পৰিছে । সেই সময়তে ঐতিহ্যমণ্ডিত বিদ্যালয় খনৰ অস্বাস্থ্যকৰ পৰিবেশে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী অভিভাৱক মাতৃগোট তথা বিদ্যত সমাজ বিপাঙত পৰিছে। বিগত সপ্তাহজোৰা নেৰানেপেৰা বৰষুণে স্কুলৰ পৰিবেশ অধিক শোচনীয় কৰি তুলিছে। ইয়াৰ আগতে স্কুখনৰ পৰিবেশৰ বিষয়ে গাঁও পঞ্চায়ত, উন্নয়ণ খণ্ডত আনকি স্হানীয় বিধায়ক তথা মুখ্যমন্ত্ৰীৰো দৃষ্টি গোচৰ কৰা হৈছিল যদিও বিষয়টিত কোনো গুৰুত্ব নোপোৱাত বছৰৰ পাছত বছৰ এনে পৰিবেশতে থাকিল বিদ্যালয়খন ।অসম সাহিত্য সভাৰ পঞ্চসপ্ততিতম্‌ শুৱালকুছি অধিবেশনৰ সময়ত দুটা কোঠা নিৰ্মাণ কৰাত যেনে তেনে প্ৰশাসনিক কাম সমুহ সেই কোঠাৰ পৰাই চলি আছে। বৰ্তমান সময়ত স্কুলৰ এই পৰিবেশত গুণোৎসৱত মান্যতা পাবনে? এই লৈ চিন্তাত পৰিছে সচেতন মহল।

প্ৰেৰক দিলীপ মেধি

You might also like