নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোগীঘোপাত অব্যাহত গো ধনৰ চোৰাং সৰবৰাহঃ চোৰাং গৰুসহ তিনি ব্যৱসায়ীক গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা, ২০ মেঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত ৰাজ্যৰ আৰক্ষী প্ৰশাসনে চোৰাং  গো-ধনৰ সৰবৰাহৰ ক্ষেত্ৰত কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ পিছতো বঙাইগাঁও জিলাৰ যোগীঘোপাত অব্যাহত আছে গৰুৰ চোৰাং সৰবৰাহ । জিলাখনৰ যোগীঘোপা থানাৰ অন্তৰ্গত বালাপাৰাৰ হকোডবা চৰত  আৰক্ষীয়ে অভিযান চলাই ৭ টাকৈ চোৰাং গৰু সহ তিনিজন ব্যৱসায়িক গ্ৰেপ্তাৰ কৰি আজি জেল হাজোতলৈ প্ৰেৰণ কৰে ।আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা গো ব্যৱসায়ী কেইজন ক্ৰমে গোৱালপাৰা জিলাৰ ৰৌখোৱা বল্লাগুৰী চৰৰ হুছেইন আলী, লুতফৰ ইছলাম আৰু যোগীঘোপা চটপাৰাৰ আজিমুদ্দিন সেখ বুলি আৰক্ষী সূত্ৰে জনা গৈছে । গৰু ব্যৱসায়ী তিনিজনৰ বিৰুদ্ধে যোগীঘোপা থানাত আৰক্ষীয়ে ৮৮/২০২২ নম্বৰৰ এটা গোচৰ পঞ্জীয়ন কৰি আজি উত্তৰ শালমাৰা মহকুমা ন্যায়িক দণ্ডাধীশ আদালতত হাজিৰ কৰাই জেল হাজোতলৈ প্ৰেৰণ কৰে  ।জানিব পৰা মতে, কালি দুপৰীয়া হকোডবা চৰত চোৰাং গৰু বেপাৰী তিনিজনে নাওঁৰে সাত টাকৈ গৰু অন্য জিলালৈ সৰবৰাহ কৰিব ধৰে ।পিছত স্থানীয় একাংশ লোকে ব্ৰহ্মপুত্ৰ নৈত গৰু ভৰ্তি নাওঁখন আটক কৰি যোগীঘোপা আৰক্ষীক গতাই দিয়ে । আৰক্ষীয়ে সাতটাকৈ চোৰাং  গৰু জব্দ কৰাৰ লগতে নাৱৰীয়া আজিমুদ্দিন গৰু বেপাৰী হুছেইন আলী আৰু লুতফৰ ইছলামক গ্ৰেপ্তাৰ কৰে।। উল্লেখ্য যে,  ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই চোৰাং গৰু সৰবৰাহ ক্ষেত্ৰত কঠোৰ স্থিতি গ্ৰহণ কৰাৰ পিছতে আৰক্ষীয়ে এই ক্ষেত্ৰত অধিক তৎপৰ হৈ পৰিছে যদিও একাংশ দুষ্ট চক্ৰই আৰক্ষীৰ চকুত ধূলি দি চলাই গৈছে গৰুৰ অবৈধ সৰবৰাহ ।দীৰ্ঘদিনৰ পৰা বঙাইগাঁও জিলাত চোৰাং গৰুৰ সৰবৰাহ অব্যাহত ৰাখিছিল একাংশ গৰু সৰবৰাহকাৰীয়ে ।একাংশ গৰুৰ চোৰাং সৰবৰাহকাৰীয়ে আন জিলাৰ পৰা গাড়ীৰে চোৰাং গৰু যোগীঘোপাৰ ঔডুবীৰ নৈৰ পাৰ লৈ আনি ব্ৰহ্মপুত্ৰ নদীত  নাওঁৰে গোৱালপাৰা জিলাৰ লক্ষিপুৰ, জলেশ্বৰলৈ সৰবৰাহ কৰি আহিছে ।জনা মতে, চোৰাং গৰু বেপাৰীয়ে গোৱালপাৰা জিলাৰ লক্ষিপুৰ,জলেশ্বৰৰ পৰা পোনে পোনে চুবুৰীয়া ৰাজ্য মেঘালয় আৰু চুবুৰীয়া দেশ বাংলাদেশলৈ সৰবৰাহ কৰি আহিছে। চোৰাং গৰু সৰবৰাহকাৰীয়ে স্থানীয় কেইজনমান দালালৰ সহযোগত মুকলিকৈ গৰু সৰবৰাহ কৰি আহিছে ।অভিযোগ মতে,একাংশ  বৰপেটা জিলাৰ কজাইকাটা আঞ্চলিক বজাৰৰ পৰাও গো-ধন কিনি আনি ব্ৰহ্মপুত্ৰ নৈৰ মাজৰে অন্য স্থানলৈ সৰবৰাহ কৰি আহিছে । চোৰাং গৰু বেপাৰীয়ে দীৰ্ঘদিনৰ পৰা  দিনে-নিশাই যোগীঘোপাৰ মাজেৰে অবৈধ ভাৱে এনেদৰে গৰু সৰবৰাহ অব্যাহত ৰাখিছে বুলি অভিযোগ উত্থাপিত হৈছে ।এই সকল চোৰাং গৰু সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিব’লৈ আৰক্ষীক দাবী জনাইছে স্থানীয় ৰাইজে ।

প্ৰেৰক টিংকু চন্দ্ৰ দাস

You might also like