নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এছ আই কেলেংকাৰিত অভিযুক্তঃ ধ্রুৱজ্যোতি বৰুৱাৰ আত্মসমর্পণ

নিয়মীয়া বাৰ্তা ২৭ জুলাইঃ অসম আৰক্ষীৰ উপ–পৰিদর্শক (এছ আই) নিযুক্তি কেলেংকাৰিৰ অন্যতম অভিযুক্ত ধ্রুৱজ্যোতি বৰুৱাই আজি বিশেষ ন্যায়াধিশৰ আদালতত আত্মসমর্পণ কৰে৷ দীর্ঘদিনে আত্মগোপন কৰি থকা বৰুৱাক আত্মসমর্পণৰ পিছতে ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্রেৰণ কৰিছে৷ ়

উল্লেখ্য যে কার্বি আংলঙৰ খেৰনিৰ বাসিন্দা ধ্রুৱজ্যোতি বৰুৱাই উপ–পৰিদর্শক নিযুক্তি কেলেংকাৰিত গ্রহণ কৰিছিল মধ্যস্থতাকাৰীৰ ভূমিকা৷ একাংশ প্রার্থীৰ পৰা লক্ষাধিক টকা সংগ্রহ কৰিছিল ধ্রুৱজ্যোতি বৰুৱাই৷ কেৱল উপ–পৰিদর্শকেই নহয়, ৰাজ্য চৰকাৰৰ আন বিভিন্ন চাকৰি প্রদানৰ ক্ষেত্রতো মধ্যস্থতাকাৰীৰ ভূমিকা গ্রহণ কৰিছিল বুলিও ধ্রুৱজ্যোতিৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈছে৷

You might also like