নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিমা হাছাওৰ মান্দাৰদিচাত ড০ শর্মাঃ বাঁহ উদ্যোগ উদ্যানৰ আধাৰশিলা মুখ্যমন্ত্রীৰ

নিয়মীয়া বাৰ্তা, ২৭ জুলাইঃ ড’নাৰ মন্ত্রালয়ৰ ৫০ কোটি টকা ব্যয় সাপেক্ষে ডিমা হাছাও জিলাৰ মান্দাৰদিচাত নির্মাণ হ’বলগীয়া বাঁহ উদ্যোগ উদ্যান (বেম্ব’ ইণ্ডাষ্ট্রিয়েল পার্ক)ৰ  আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে এই প্রকল্পটো সম্পূর্ণ হৈ উঠিলে অঞ্চলটোৰ অর্থনৈতিক দিশত এক যুগান্তকাৰী উত্তৰণৰ সূচনা হ’ব৷ প্রকল্পটোৱে স্থানীয় যুৱক–যুৱতীসকলক নিয়োজনৰ বিশেষ সুবিধা প্রদান কৰিব৷ এই বৃহত্তৰ এলেকাৰ বাঁহ পূর্বতে কেৱল কাগজ কললৈহে ৰপ্তানি কৰা হৈছিল৷ এতিয়া উদ্যান নির্মাণৰ কাম সম্পূর্ণ হ’লে একেটা চৌহদতে বাঁহৰ পৰা টাইল্ছ, ধূপকাঠী ইত্যাদিৰ দৰে উদ্যোগ গঢ়ি উঠি অঞ্চলটোৰ জনসাধাৰণৰ অর্থনৈতিক উত্তৰণৰ দিশত বিশেষভাৱে অৰিহণা যোগাব বুলিও তেওঁ মন্তব্য কৰে৷

আধাৰশিলা স্থাপন অনুষ্ঠানত জলসম্পদ মন্ত্রী পীয়ূষ হাজৰিকা, উত্তৰ কাছাৰ পার্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য দেৱোলাল গার্লোছা, কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাং, হাফলং বিধানসভা সমষ্টিৰ বিধায়িকা নন্দিতা গার্লোছা, উত্তৰ কাছাৰ পার্বত্য স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ ৰাণু লাংথাছা, স্বায়ত্তশাসিত পৰিষদখনৰ কার্যবাহী সদস্য চেমুৱেল চাংচন, দেৱজিৎ বাথৰাই, গামৰোঠাং মাৰ, সদস্য নোৱা দাইমে, ডিমা হাছাও জিলাৰ উপায়ুক্ত পল বৰুৱা, আৰক্ষী অধীক্ষক জয়ন্ত সিং আদি উপস্থিত থাকে৷

আনহাতে, হাফলঙৰ যাত্রাপথত মুখ্যমন্ত্রী ড০ শর্মাই ডিমাচা নায়ক বীৰ ডিমালিক কেম্প্রাইৰ প্রতিমূর্তিত মাল্যার্পণেৰে বীৰগৰাকীলৈ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷

উল্লেখ্য যে ত্রয়োদশ শতিকাত পূর্বৰ হিডিম্বাপুৰ (ডিমাপুৰ)ৰ ৰজা মকৰধ্বজ থাওছেনৰ শাসনৰ সময়ত বীৰ ডিমালিক কেম্প্রায়ে সেনাপতি হিচাপে সাহস আৰু বীৰত্বৰ পৰিচয় দাঙি ধৰি গৈছে৷ এই ভ্রমণৰ সময়তে মুখ্যমন্ত্রী ড০ শর্মাই বৰ হাফলঙত এন এল চি পি আৰ আঁচনিৰ অধীনত নতুনকৈ নির্মাণ কৰা অনাথ শিশুসকলৰ এক আশ্রয় গৃহৰ লগতে ষ্টাফ কোৱার্টাৰ আৰু বৃত্তিগত প্রশিক্ষণ কেন্দ্রও আনুষ্ঠানিকভাৱে মুকলি কৰে৷ মুখ্যমন্ত্রী ড০ শর্মাই লগত বৰ হাফলঙত পদ্মভূষণ ৰাণী গাইডালুৰ প্রতিমূর্তিত মাল্যার্পণ কৰি সাহসী স্বাধীনতা যুঁজাৰুগৰাকীৰ প্রতি শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷

You might also like