নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

SI পৰীক্ষাৰ নীতি-নিৰ্দেশনা জাৰি; পৰীক্ষা দিবলৈ যোৱাৰ পূৰ্বে চাওক সবিশেষ-

নিয়মীয়া বাৰ্তা, ২০ নৱেম্বৰঃ  অহা ২২ নৱেম্বৰত অনুষ্ঠিত হ’ব আৰক্ষীৰ উপ-পৰিদৰ্শক (ইউ বি) বাছনিৰ বাবে লিখিত পৰীক্ষা। এই পৰীক্ষাৰ কিছু নীতি-নিৰ্দেশনা ইতিমধ্যে ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি পৰিষদে জাৰি কৰিছে।

এই নিৰ্দেশনাসমূহ তলত উল্লেখ কৰা হ’ল-

ক) পৰীক্ষা কেন্দ্ৰ প্ৰৱেশ দ্বাৰত পৰীক্ষা অনুষ্ঠিত হোৱাৰ নিৰ্দিষ্ট সময়ৰ আঢ়ৈ ঘণ্টাৰ পূৰ্বে অৰ্থাৎ পুৱা ৯-৩০ বজাৰ ভিতৰত প্ৰাৰ্থীসকল উপস্থিত হ’ব লাগিব।

খ) মুখ্য প্ৰৱেশ দ্বাৰেৰে কেৱল প্ৰাৰ্থীয়েহে প্ৰৱেশ কৰিব পাৰিব। প্ৰাৰ্থীগৰাকীৰ বাহিৰে পৰিয়ালৰ কোনো সদস্য অথবা বন্ধু-বান্ধৱ পৰীক্ষা কেন্দ্ৰৰ চৌহদত প্ৰৱেশ কৰিব নোৱাৰিব।

গ) পৰীক্ষা গৃহৰ ভিতৰলৈ কেৱল নিম্নোলিখিত সামগ্ৰীসমূহহে প্ৰাৰ্থীসকলে নিজৰ লগত নিব পাৰিব।

১/ বিজ্ঞাপনক উল্লেখ কৰা অনুসৰি ‘পৰিচয় প্ৰমাণপত্ৰ’সমূহৰ যিকোনো এখন মূল কপি।
২/ প্ৰাৰ্থীয়ে নিজে স্বাক্ষৰ কৰা ‘পৰিচয় প্ৰমাণপত্ৰ’ৰ এটা ফটোকপি।
৩/ তিনিটা ক’লা চিয়াঁহীৰ বল পইণ্ট কলম, এডাল পেঞ্চিল, ইৰেজাৰ, ফেচ মাস্ক, চছমা (যদি  প্ৰাৰ্থীজনে নিয়মিতভাৱে ব্যৱহাৰ কৰে), এডমিট কাৰ্ড,  পষ্টকাৰ্ড আকাৰৰ প্ৰাৰ্থীৰ ফটো।
 

ঘ) কোনো পৰিস্থিতিতে প্ৰাৰ্থীয়ে মোবাইলফোন, স্মাৰ্ট ঘড়ী, কেলকুলেটৰ, হাতবেগ, গহনা অথবা যিকোনো ইলেক্ট্ৰনিক সামগ্ৰী লগত আনিব নোৱাৰিব। কোনো প্ৰাৰ্থীৰ লগত এইসমূহ সামগ্ৰী পালে তেওঁৰ প্ৰাৰ্থিত্ব ততালিকে নাকচ কৰা হ’ব আৰু প্ৰাৰ্থীগৰাকীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

 

লগতে আপুনি পঢ়ি ভাল পাব পাৰেঃ ৩–৪ মাহত সাজু হৈ উঠিব ক’ৰোনা ভাইৰাছ ভেকচিন

You might also like