নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

SI কেলেংকাৰিৰ নায়ক পি কে দত্ত আৰু দিবন ডেকা ক’ত? কি ক’লে আৰক্ষী সঞ্চালকপ্ৰধানে

নিয়মীয়া বাৰ্তা, ২৮ ছেপ্টেম্বৰঃ আৰক্ষী উপপৰিদৰ্শকৰ চাকৰি কেলেংকাৰিৰ প্ৰসংগত আজি গুৱাহাটীত সাংবাদিকৰ আগত অসমৰ চি আই ডি আৰু আৰক্ষী বিভাগে ব্যক্ত কৰে কিছু তথ্য। চি আই ডিৰ আইজিপি সুৰেন্দ্ৰ কুমাৰে জনায় যে লখৰাৰ ভাৰ্গৱ হোটেলত কাৰ্যালয় খুলি দত্ত বাহিনীয়ে চাকৰিৰ ব্যৱসায় কৰিছিল। এজেণ্টৰ জৰিয়তে প্ৰাৰ্থী আনি প্ৰথমতে ১০,০০০ টকাৰে নামভৰ্তি কৰোৱা হৈছিল আৰু ফিজিকেল ফিটনেছৰ টেষ্ট কৰা হৈছিল খেলপথাৰত।

শাৰীৰিক দিশত সক্ষম প্ৰাৰ্থীৰ লগত ইয়াৰ পিছতে দৰদাম কৰি নিশ্চিতি দিয়া হৈছিল চাকৰিৰ। আই জিপিগৰাকীয়ে লগতে উল্লেখ কৰে যে পি কে দত্তৰ ঘৰৰ পৰা মুঠ ১.৫২২ কেজি সোণৰ গহনা পোৱা গৈছিল আৰু সেয়া জব্দ কৰা হৈছে।

আনহাতে কেলেংকাৰিৰ মূল নায়ক পি কে দত্ত আৰু দিবন ডেকাই শেহতীয়া অৱস্থান হিচাপে নেপালক বাছি লোৱা সন্দৰ্ভত অসম আৰক্ষীৰ এডিজিপি জি পি সিঙে কয় যে নেপাল সীমান্তত থকা চেকগেটসমূহত চকু ৰখা হৈছে। লগতে পি কে দত্তৰ জী-জোৱায়েকৰ ঠিকনাৰ ওপৰতো নজৰ ৰাখিছে আৰক্ষীয়ে। কিন্তু ভাৰত-নেপাল সীমান্তৰ প্ৰায়ভাগ এলেকা জংঘলেৰে আৱৰা, গতিকে দুয়োগৰাকী পলাতক আচামীৰ নেপাল গমনৰ বিষয়টো নিশ্চিতভাৱে ক’ব পৰা নাযায়।

আনহাতে আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই পি কে দত্ত আৰু দিবন ডেকাৰ পলায়নক লৈ অসম আৰক্ষীয়ে পুৰস্কাৰ ঘোষণাৰ বাবেও মনস্থ কৰা বুলি জানিবলৈ দিয়ে। তেওঁ লগতে সৰ্বসাধাৰণ লোককো এইক্ষেত্ৰত নিৰ্ভয়ে আৰক্ষীক সহযোগ কৰিবলৈ আহ্বান জনায়।

You might also like