নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

“মই এতিয়াহে বুজিছো, মোৰ TRP আছে, অহাবাৰ থিয়েটাৰত গ’লে মোৰ ৰেট বাঢ়িব”

নিয়মীয়া বাৰ্তা, ২৮ ছেপ্টেম্বৰঃ “এটা কথা খুব ভাল লাগিছে-মোৰ যে টিআৰপি আছে সেই কথা এইবাৰ হে গম পালোঁ। মোৰ নিউজবিলাকক লৈ মোৰ ইমান বেছি টিআৰপি বঢ়াই আছে, সেইবাবে সকলোকে ধন্যবাদ। অহাবাৰ অন্ততঃ থিয়েটাৰত থাকিলে মোৰ ৰেট আগতকৈ বাঢ়িব।”– ৰাজ্যিক চলচিত্ৰ বিত্ত নিগমৰ অধ্যক্ষৰ পৰা বঞ্চিত হোৱাৰ পাছত প্ৰথমবাৰলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে অভিনেতা যতীন বৰাই।

CAA আন্দোলনৰ সময়ত ভীতিগ্ৰস্ত হৈ বিজেপি ত্যাগ কৰিছিলোঁ বুলি মন্তব্য কৰি পুনৰ বিজেপিত যোগদান কৰিও ৰাজ্যিক চলচিত্ৰ বিত্ত নিগমৰ অধ্যক্ষৰ আসন ঘূৰাই নাপালে যতীন বৰাই। যাৰ পাছতে ছ’চিয়েল মিডিয়াত তুমুল ট্ৰ’ল পাইছিল অভিনেতাগৰাকীয়ে। কিন্তু এই ঘটনাৰ পাছত প্ৰথমবাৰলৈ সংবাদমাধ্যমৰ আগত নিজৰ মনৰ কথা প্ৰকাশ কৰিলে অভিনেতা যতীন বৰাই।

দলে মোক যি দায়িত্ব দিছে সেয়া মই পালন কৰিছোঁ, বিজেপিত কোনোৱে চৰ্ত দি যোগদান কৰিব নোৱাৰে। মই সদায়ে দলৰ হৈ কাম কৰি যাম বুলিও সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে অভিনেতাগৰাকীয়ে।

ইয়াৰোপৰি নৱনিৰ্বাচিত অধ্যক্ষ সুমন হৰিপ্ৰিয়াক দলে ৰাজ্যিক চলচিত্ৰ বিত্ত নিগমৰ অধ্যক্ষৰ দায়িত্ব দিয়াৰ বাবে আদৰণি জনাইছোঁ বুলিও মন্তব্য কৰে অভিনেতা যতীন বৰাই।

You might also like