নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আই পি এলঃ আৰ চি বিৰ সন্মুখত আজি মুম্বাই ইণ্ডিয়ানছ

নিয়মীয়া বাৰ্তা, ২৮ ছেপ্টেম্বৰঃ শেহতীয়া মেচত কিংছ একাদশ পঞ্জাবৰ হাতত ৯৭ ৰানত শোচনীয় পৰাজয়ৰ সন্মুখীন হোৱা বিৰাট কোহলি নেতৃত্বাধীন ৰয়েল চেলেঞ্জার্ছ বাংগালুৰুৱে আজি ডিফেণ্ডিং চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছৰ সন্মুখীন হ’ব৷ ডুবাইত অনুষ্ঠিত হ’বলগীয়া মেচখনত কোহলি বাহিনীয়ে দ্বিতীয়খন মেচৰ ভুল শুধৰাই শক্তিশালী প্রত্যাৱর্তনৰ লক্ষ্যৰে খেলপথাৰত নামিব৷

বিশেষকৈ ডেল ষ্টেইন, নৱদ্বীপ ছাইনী আৰু উমেশ যাদৱেৰে গঠিত বেগী বলিং আক্রমণৰ প্রদর্শন উন্নত কৰাটো দলটোৰ প্রধান লক্ষ্য হ’ব৷ মেচখনৰ গুৰুত্বৰ প্রতি লক্ষ্য ৰাখি হয়তো অধিনায়ক কোহলিয়ে ষ্টেইনৰ স্থানত ইংলেণ্ডৰ অলৰাউণ্ডাৰ মঈন আলীক দলভুক্ত কৰিব পাৰে৷ দক্ষিণ আফ্রিকাৰ তাৰকা অলৰাউণ্ডাৰ ক্রিছ মৰিছ এতিয়াও সম্পূর্ণৰূপে সুস্থ হৈ উঠা নাই৷

বেটিঙত এবি ডি ভিলিয়ার্ছ আৰু আৰন ফিন্সে সুন্দৰ ফর্মেৰে আৰ চি বিক আত্মবিশ্বাসত ৰাখিছে৷ অৱশ্যে অধিনায়ক কোহলিয়ে বিগত দুখন মেচত ক্রমে ১৪ আৰু ১ ৰানহে সংগ্রহ কৰিবলৈ সক্ষম হৈছে৷

আজি সন্ধিয়া ৭.৩০ বজাত অনুষ্ঠিতব্য খেলত দলে তেওঁৰ পৰা দীঘলীয়া ইনিংছ আশা কৰিছে৷ উদীয়মান অ’পেনাৰ দেৱদূত পাৰিকালে প্রথমখন মেচত দর্শনীয় অর্ধশতকেৰে প্রতিভাৰ প্রমাণ দিয়ে যদিও দ্বিতীয়খন মেচত ব্যর্থ হয়৷ ইফালে, শেহতীয়া মেচত কলকাতা নাইট ৰাইডার্ছৰ বিৰুদ্ধে সহজ জয় সাব্যস্ত কৰি আত্মবিশ্বাসী হৈ আছে মুম্বাই ইণ্ডিয়ানছ৷

ৰোহিত শর্মা নেতৃত্বাধীন দলটোৰ বাবে সুসংবাদ হিচাপে চিহ্ণিত হৈছে অধিনায়ক ৰোহিত শর্মাৰ চমকপ্রদ ফর্ম৷ সূর্য কুমাৰ যাদৱেও প্রথম দুয়োখন মেচতে দায়িত্বপূর্ণ বেটিং কৰিছে৷ অৱশ্যে হার্দিক পাণ্ডিয়া আৰু কিৰণ পোলার্ডৰ পৰা দলে আগন্তুক মেচসমূহত বিস্ফোৰক বেটিং আশা কৰিব৷ বলিঙত যশপ্রীত বুমৰাহ আৰু ট্রেণ্ট বল্টৰ ফর্ম উদ্ধাৰে মুম্বাই ইণ্ডিয়ানছক সকাহ দিছে৷

You might also like