নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্রিছবেন টেষ্টত বিৰল অভিলেখ ৰচিলে ৱাশ্বিংটন–শার্দূলে

নিয়মীয়া বাৰ্তা, ১৮ জানুৱাৰীঃ অভিষেক টেষ্টত অতুলনীয় ধৈর্য আৰু দৃঢ়তাৰ পৰিচয় দি অর্ধশতকীয় ইনিংছ খেলি বিৰল অভিলেখৰ গৰাকী হৈছে ৱাশ্বিংটন সুন্দৰ৷ টীম ইণ্ডিয়াৰ প্রতিভাৱান অলৰাউণ্ডাৰগৰাকীয়ে অষ্ট্রেলিয়াৰ বিৰুদ্ধে চলি থকা চতুর্থ তথা অন্তিম টেষ্টত ৬২ ৰানৰ যুঁজাৰু ইনিংছ খেলিবলৈ সক্ষম হয়৷ ভাৰতৰ বেটিং বিপর্যয়ৰ সময়ত ত্রাণকর্তাৰ ৰূপত অৱতীর্ণ হোৱা তামিলনাডুৰ যুৱ অফস্পিনাৰগৰাকীয়ে এই অর্ধশতকীয় ইনিংছৰ সহায়ত অষ্ট্রেলিয়াৰ মাটিত ৭ নম্বৰ স্থানত অভিষেককাৰী বেটছমেন হিচাপে সর্বাধিক ব্যক্তিগত স্ক’ৰৰ অভিলেখ ৰচে৷

অষ্ট্রেলিয়াৰ প্রথম ইনিংছত তিনিটাকৈ গুৰুত্বপূর্ণ উইকেট দখল কৰিবলৈ সক্ষম হোৱা ৱাশ্বিংটন সুন্দৰে শার্দূল ঠাকুৰৰ সৈতে সপ্তম উইকেটত মূল্যৱান ১২৩ ৰান যোগ দি আন এক অভিলেখৰ অধিকাৰী হৈছে৷ ব্রিছবেন ক্রিকেট গ্রাউণ্ডত ভাৰতৰ হৈ সপ্তম উইকেটত সর্বাধিক ৰান সংগ্রহ কৰা যুটি হিচাপে সুন্দৰ আৰু ঠাকুৰে অভিলেখ ৰচে৷ তেওঁলোকে কপিলদেৱ আৰু মনোজ প্রভাকৰৰ ৩০ বছৰ পুৰণি অভিলেখ ভংগ কৰিবলৈ সক্ষম হয়৷ কপিলদেৱ আৰু প্রভাকৰ যুটিয়ে ১৯৯২ চনত ব্রিছবেনত সপ্তম উইকেটত ৫৮ ৰান যোগ দিবলৈ সক্ষম হৈছিল৷

You might also like