নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিলচৰত চিলনী চোৰে লুটিলে বেংক গ্ৰাহকৰ ডেৰ লাখ

নিয়মীয়া বাৰ্তা   ২০ জানুৱাৰী : শিলচৰত পুনৰ চিলনী চোৰৰ সন্ত্ৰাস ৷ বেংকৰ মহিলা গ্ৰাহকৰ পৰা লুটি নিলে নগদ ডেৰ লাখ টকা ৷ বৃহস্পতিবাৰে এই ঘটনা শিলচৰ পাৰ্ক ৰোডত সংঘটিত হৈছে ৷ এগৰাকী মহিলাৰ হাতৰ পৰা কাঢ়ি লৈ যায় টকাৰ বেগ৷ পাৰ্ক ৰোডৰ এছ বি আই শাখাৰ পৰা টকা উঠাই ৰিক্সাৰে গৈ থকা সময়ত বাইকত অহা দুজন যুৱকে কাঢ়ি লৈ যায় টকাৰ বেগটো ৷

কেঞ্চাৰ ৰোগী স্বামীৰ চিকিৎসাৰ বাবে বেংকৰ পৰা লৈ  আনিছিল টকা খিনি ৷ শুকুৰবাৰে স্বামীৰ চিকিৎসাৰ বাবে দিল্লীলৈ যোৱাৰ কথা আছিল পৰিয়ালটোৰ ৷ ঘটনাৰ পিছত আৰক্ষী উপস্থিত হয় যদিও চিলনি চোৰ পলাই সাৰিবলৈ সক্ষম হয়। ইতিমধ্যে চিলনী চোৰৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাইছে।

You might also like