নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শংকৰদেৱ শিশু বিদ্যা নিকেতন বকোৰ ৰূপালী জয়ন্তী

নিয়মীয়া বাৰ্তা, ২৮ মেঃ  মানৱ সম্পদ গঢ়াৰ কমাৰশালাস্বৰূপ কামৰূপৰ বকো শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ প্ৰতিষ্ঠা কালৰ ২৫ বৰ্ষ সম্পন্ন হৈছে। সেয়ে এই বৰ্ষত ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। আজি নিকেতনৰ সভাকক্ষত আয়োজন কৰা হয় সাধাৰণ সভা। শংকৰদেৱ শিশু বিদ্যা নিকেতন বকোৰ পৰিচালনা সমিতিৰ সভাপতি প্ৰসন্ন গোস্বামীৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা সাধাৰণ সভাৰ প্ৰাকক্ষণত বিদ্যা ভাৰতীৰ ভাৰত মাতাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে। উল্লেখ্য যে নিকেতনখনৰ প্ৰধানাচাৰ্য্য ডিম্বেশ্বৰ দাসে আঁত ধৰা আৰু উদ্দেশ্য  ব্য়াখা কৰা সভাত শোক প্ৰস্তাৱ গ্ৰহণ কৰে আৰু ৰূপালী জয়ন্তী বৰ্ষ উদযাপনৰ ওপৰত আলোকপাত কৰে। ইফালে, নিকেতনখনৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী ক্ৰমে বৰেণ্য ভূষণ ৰাভা ; ধীৰাজ বড়ো; সুৰুজমণি কলিতা; অবিনাশ চৌধুৰী; ৰূপজ্যোতি ৰাভা; নৱ কলিতা আৰু নিশা আগৰৱালাকে ধৰি বহুকেইজনে আহ্বায়ক মণ্ডলী হিচাপে আহ্বান জনোৱা সভাত বৃহত্তৰ অঞ্চলটোৰ সামাজিক দল-সংগঠন আৰু অনুষ্ঠান-প্ৰতিষ্ঠানৰ বিষয়ববীয়াৰ উপৰি দুই শতাধিক ন – পুৰণি ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক-অভিভাৱিকাই অংশগ্ৰহণ কৰে। সভাত ৰূপালী জয়ন্তী বৰ্ষৰ কাৰ্য্যসূচী ৰূপায়ণ সন্দৰ্ভত এক মনোজ্ঞ আলোচনা কৰাৰ পিছত সৰ্বসন্মতিক্ৰমে ৰাভা হাছং স্বায়ত্বশাসিত পৰিষদৰ কাৰ্য্যবাহী পাৰিষদ তথা যুৱ সমাজ কৰ্মী সুমিত ৰাভাক সভাপতি; অৱসৰপ্ৰাপ্ত শিক্ষক দীপক কুমাৰক কাৰ্য্যকৰী সভাপতি আৰু নিকেতনৰ প্ৰধান আচাৰ্য্য ডিম্বেশ্বৰ দাসক সাধাৰণ সম্পাদক; কেইবাগৰাকী উপ-সভাপতি; মঞ্চ ৰভা-তোৰণৰ দায়িত্বত সভাপতি অমৰেন্দ্ৰ অধিকাৰী; প্ৰচাৰ বিভাগৰ সভাপতি হিচাপে সাংবাদিক বিষ্ণু ৰাম দাস; ছাত্ৰ নেতা অজিত আলীক সম্পাদক হিচাপে আৰু বিদ্যুত বিকাশ বৰুৱাক সভাপতি; বশিষ্ঠ দেৱ শৰ্মাক সম্পাদক হিচাপে লৈ স্মৃতিগ্ৰন্থ প্ৰকাশক সমিতি আৰু জগত চন্দ্ৰ দাসক স্বাস্থ্য বিভাগৰ উপ-সমিতিৰ সভাপতিৰ লগতে খেল বিভাগ; অভ্যৰ্থনা বিভাগ; বিত্ত বিভাগ আদিকে ধৰি বহু বিভাগৰ উপ-সমিতিৰ দায়িত্ব দি গঠন কৰা হয় ৰূপালী জয়ন্তী বৰ্ষৰ কাৰ্য্যসূচী ৰূপায়ণৰ আয়োজক সমিতিখন। ইফালে, আজিৰ সভাতেই নিকেতনখনৰ ৰূপালী জয়ন্তী বৰ্ষৰ কাৰ্য্যসূচী ৰূপায়ণ কৰিবলৈ উদযাপন সমিতিৰ সভাপতি সুমিত ৰাভাই ৫০;০০০; শুভাকাংক্ষী তথা বিশিষ্ট ব্যৱসায়ী ভাৰত বড়োই ৪০ হাজাৰ ; পৱন কলিতাই দহ হাজাৰ; ধনঞ্জয় মেধিয়ে দহ হাজাৰ; এল আই চিৰ কৰ্মী বিনোদ কলিতাই মঞ্চ আৰু ৰভা; নিকেতনৰ ভূমি দাতা প্ৰয়াত সমাজ কৰ্মী দেৱেশ্বৰ গোশ্বামীৰ পৰিয়ালৰ পৰা নিৰ্মাণ কৰা হ’ব নিকেতনৰ স্থায়ী তোৰণ; প্ৰাক্তন ছাত্ৰ ধীৰাজ বড়োই পোন্ধৰ হাজাৰ; ঠিক তেনেদৰে প্ৰাক্তন ছাত্ৰ-ছাত্ৰী আৰু ৰূপালী জয়ন্তী মহোৎসৱ আয়োজক সমিতিৰ বিষয়ববীয়াসকলে পোন্ধৰ-দহ-পাঁচ হাজাৰকৈ টকা অনুদান হিচাপে আগবঢ়োৱাৰ কথা ঘোষণা কৰে। আজিৰ পৰাই নিকেতন খনৰ ৰূপালী জয়ন্তী বৰ্ষৰ কাৰ্য্যসূচী ৰূপায়ণৰ কাম আৰম্ভ হোৱা বুলি জানিবলৈ দিয়ে সভাপতি সুমিত ৰাভাই।

প্ৰেৰক বিষ্ণু ৰাম দাস

You might also like