নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জন্মদিনৰ দিনাই জুবিন গার্গে মুকলি কৰিলে নিজৰ ইউটিউব চেনেল

নিয়মীয়া বাৰ্তা, ১৯ নৱেম্বৰঃ ৫০ বছৰত ভৰি থ’লে যুৱপ্রজন্মৰ হার্টথ্র’ব জুবিন গার্গে৷ এটাৰ পাছত আন এটা জনপ্রিয় গীতেৰে শ্রোতাক মুগ্ধ কৰি অহা জুবিনৰ জন্মদিনক লৈ অনুৰাগীৰ মাজত দেখা গ’ল ব্যাপক উছাহ৷ প্রিয় শিল্পীগৰাকীক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিবলৈ পুৱাৰে পৰা সহস্রাধিক অনুৰাগীয়ে ভিৰ কৰে তেওঁৰ বাসগৃহত৷ কাহিলিপাৰাৰ জুবিনৰ বাসগৃহৰ সন্মুখত গোট খোৱা গুণমুগ্ধই তেওঁৰ গীত পৰিৱেশন কৰি জন্মদিনৰ ওলগ জনায়৷

উল্লেখ্য যে কেৱল গীতেই নহয়, অসমীয়া ছবিজগতৰ পুনৰুজ্জীৱিতকৰণৰ বাবেও নিৰন্তৰ কাম কৰি আহিছে জুবিনে৷ বলীউডৰ কেইবাটাও জনপ্রিয় গীতত কণ্ঠদান কৰা জুবিনে অসমীয়াৰ উপৰি আন বহু ভাষাত গীত পৰিৱেশন কৰে৷ বিশেষকৈ বঙালী ভাষাত জুবিনে গাইছে বহু জনপ্রিয় গীত৷ বৃহস্পতিবাৰে জন্মদিনৰ দিনাই জুবিনে মুকলি কৰে তেওঁৰ নতুন ইউটিউব চেনেল৷

You might also like