নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এপিডিচিএল কেলেংকাৰি গুৱাহাটী বিশ্ববিদ্যালয়ত ভিজিলেঞ্চৰ দল

নিয়মীয়া বাৰ্তা, ১৯ নৱেম্বৰঃ এপিডিচিএল কেলেংকাৰিৰ তদন্ত চলাই থকা মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী শাখাই আজি গুৱাহাটী বিশ্ববিদ্যালয়ত পুনৰ এক অভিযান চলায়৷ পূর্বে বিশ্ববিদ্যালয়ত পৰীক্ষাৰ উত্তৰৰ বহী ৰখা দুটা কোঠা তদাৰকী শাখাই ছীল কৰিছিল৷ ইয়াৰে লাইব্রেৰী আৰু তথ্য বিভাগৰ এটা কোঠাত থকা বহু নথি–পত্র পৰীক্ষা কৰে দলটোৱে৷

উল্লেখ্য যে এপিডিচিএলৰ ১৯০০টা পদৰ বাবে হোৱা লিখিত পৰীক্ষাত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপ হোৱাৰ পাছতে মুখ্যমন্ত্রীৰ তদাৰকী শাখাই তদন্ত আৰম্ভ কৰিছিল৷ অভিযোগ অনুসৰি এপিডিচিএলে নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰিবলৈ দিয়া প্রতিষ্ঠানটোৱে প্রার্থীৰ সৈতে যোগাযোগ কৰি ধনৰ লেনদেন কৰিছিল৷ এনে অভিযোগৰ পাছতো একেটা প্রতিষ্ঠানক গুৱাহাটী বিশ্ববিদ্যালয়ে পৰীক্ষাৰ মূল্যায়ণ কৰাৰ দায়িত্ব অর্পণ কৰে৷ আনকি প্রতিষ্ঠানটোৰ সৈতে বিদ্যালয়ৰ কেইবাজনো কর্মচাৰী–বিষয়া জড়িত থকাৰ প্রমাণ লাভ কৰিছিল মুখ্যমন্ত্রীৰ তদাৰকী শাখাই৷ উক্ত ঘটনাক লৈয়ে তদন্তকাৰী দলটোৰ জেৰাৰ সন্মুখীন হৈছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ একাংশ কর্মচাৰী৷ তদুপৰি গ্রেপ্তাৰ হৈছিল চাৰিজনকৈ কর্মচাৰী৷ আজি তদন্তকাৰী দলটোৱে বিশ্ববিদ্যালয়ৰ কোঠাত ছীল কৰি ৰখা পৰীক্ষাৰ বহীৰ লগত আন আন নথিও পৰীক্ষা কৰে৷

You might also like