নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বগীনদীৰ কদম টেঙাবস্তিত ছয় জুৱাৰীক নগদ ধনসহ আটক, জে’ললৈ প্ৰেৰণ

লখিমপুৰ জিলাৰ বগীনদী আৰক্ষী থানাৰ অন্তৰ্গত কদম টেঙাবস্তিত অভিযান চলাই নগদ ধনসহ ছয়জন জুৱাৰীক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে বগীনদী আৰক্ষীয়ে। আৰক্ষীয়ে জুৱা খেলি থকা অৱস্থাত গ্ৰেপ্তাৰ কৰা জুৱাৰীকেইজন হৈছে ক্ৰমে লখিমপুৰ জিলাৰ খেলমাটি আৰক্ষী চকী এলেকাৰ খেলমাটিৰ হুছেইন আলীৰ পুত্ৰ ৰুস্তম আলী (২৫) আৰু কদম টেঙাবস্তিৰ হেতেম আলীৰ পুত্ৰ আছৰফ আলী, ওমৰ আলীৰ পুত্ৰ চুলতান আলী (৪৪), চৰিফুদ্দিন শ্বেইখৰ পুত্ৰ আলাল আলী (৩৬), কাছেম আলীৰ পুত্ৰ চিয়াজুল আলী (২৪), নগেন বৰুৱাৰ পুত্ৰ ৰাহুল বৰুৱা (২৯) বুলি জানিব পৰা গৈছে।

ঘটনাৰ বিৱৰণী মতে, কালি নিশা ১২ বজাত এক গোপন খবৰৰ ভিত্তিত বগীনদী আৰক্ষীয়ে অভিযান চলাই ইয়াৰে চুলতান আলীৰ ঘৰত জুৱা খেলি থকা অৱস্থাত নগদ আঠ হাজাৰৰো অধিক টকাৰ সৈতে আটক কৰিবলৈ সক্ষম হয়। আজি আটাইকেইজন জুৱাৰীক সোধা-পোছাৰ পিছত গ্ৰেপ্তাৰ কৰি জে’ল হাজোতলৈ প্ৰেৰণ কৰে বুলি জানিব পৰা গৈছে।

নিয়মীয়া বাৰ্তা, বগীনদী, ২০ জানুৱাৰী :

You might also like