ডিজিটেল ডেস্ক, ২০ জানুৱাৰী : কোকৰাঝাৰৰ কাৰিগাঁৱত কালি নিশা প্ৰায় ৮ বজাত এক অপ্ৰীতিকৰ ঘটনাৰ পৰিপ্ৰেক্ষিতত এজন লোকক ঘটনাস্থলীত মাৰপিট কৰি নিহত কৰিছিল ৷ এই লৈ আজি পুৱাৰ পৰা কাৰিগাঁও ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাৰ লগতে কেইবাটাও ঘৰত অগ্নিসংযোগ কৰে প্ৰতিবাদকাৰীয়ে। আৰক্ষীলৈ শিলগুটিও নিক্ষেপ কৰে প্ৰতিবাদকাৰীয়ে। ইয়াৰ পিছতে প্রতিবাদী জনতাক ক্ষান্ত কৰিবলৈ আৰক্ষীয়ে লাঠীচালনাৰ উপৰি কন্দুৱা গেছ প্ৰয়োগ কৰিবলৈ বাধ্য হয়। যাৰ বাবে পৰিস্থিতিৰ অধিক অৱনতি ঘটিছে।
কোকৰাঝাৰত সংঘটিত এই ভয়ানক কাণ্ডক লৈ চেপা উত্তেজনাই বিৰাজ কৰিছে সমগ্ৰ অঞ্চলটোত । ঘটনা সন্দৰ্ভত ৱ’ৰ্ল্ড ইক’নমিক ফ’ৰামত অংশগ্ৰহণ কৰিবলৈ যোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাভোছৰ পৰাই কোকৰাঝাৰৰ পৰিস্থিতিৰ বুজ লয়। তেওঁ সকলোকে শান্তি-শৃংখলা বৰ্তাই ৰাখিবলৈ আহ্বান জনাইছে।
ইপিনে, সমগ্ৰ ঘটনা সন্দৰ্ভত DGP হৰমীত সিঙৰে টেলিফোনিক বাৰ্তালাপত মিলিত হয় মুখ্যমন্ত্ৰী ড০ শৰ্মা। উল্লেখ্য যে কোকৰাঝাৰৰ কাৰিগাঁৱৰ উত্তপ্ত পৰিস্থিতিৰ বাবে কোকৰাঝাৰত ইণ্টাৰনেট সেৱা সাময়িকভাৱে কৰ্তন কৰা হৈছে।