নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰপেটাৰ ৰহমপুৰত ব্ৰহ্মপুত্ৰৰ বুকুত ভয়ংকৰ নাও দুৰ্ঘটনা, ৬জন সন্ধানহীন

বিশেষ বাৰ্তা, ২৭ জানুৱাৰী : বৰপেটাৰ ৰহমপুৰত ব্ৰহ্মপুত্ৰৰ বুকুত এক ভয়ংকৰ নাও দুৰ্ঘটনা সংঘটিত হয়। চেঙা সমষ্টিৰ ৰহমপুৰ অঞ্চলত ব্ৰহ্মপুত্ৰ নদীত এখন মটৰচালিত দেশী নাও দুৰ্ঘটনাগ্ৰস্ত হৈ উলটি পৰাত কমেও ৬ জন লোক নিখোজ হৈ আছে।

জানিব পৰা মতে, নাওখনেৰে গৈ আছিল প্ৰায় ২৫জনকৈ লোক। সন্ধানহীন আটাইকেইজন এটা বংশৰে লোক। সন্ধানহীনসকলৰ ভিতৰত চাৰিগৰাকী শিশু আৰু এগৰাকীকৈ পুৰুষ-মহিলা আছে। এছডিআৰএফ-প্ৰশাসনৰ ফালৰ পৰা সন্ধান আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰা হৈছে। নাওখন ৰহমপুৰৰ পৰা বৰঘূললৈ গৈ আছিল।

You might also like