নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুমাহতেই বিকল ড° ভূপেন হাজৰিকা সেতুত সংযোজিত ছলাৰ লাইট

নিয়মীয়া বাৰ্তা, ২১ নৱেম্বৰ : দেশৰ মানচিত্ৰত দীৰ্ঘতম নদী দলং হিচাপে পৰাচিত ধলা-শদীয়া সংযোগী ড° ভূপেন হাজৰিকা সেতু’ক পোহৰাই তুলিবলৈ সংযোজীত চলাৰ লাইট দুমাহতেই বিকল হোৱা কাৰ্যই এতিয়া বিশেষ চৰ্চা লাভ কৰিছে ৰাইজৰ মাজত। চলতিত বৰ্ষৰে যোৱা ৪ চেপ্তেম্বৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিক শুভ উদ্ধোধন কৰা এই চলাৰ লাইট প্ৰকল্পৰ বহু লাইট সম্প্ৰতি বিকল হৈ পৰাত এতিয়া পুনৰ এন্ধাৰেৰে চানি ধৰিছে দলং খনৰ বিভিন্ন অংশ। এসময়ৰ শদিয়াবাসীৰ বিপদসংকুল নৌকা যাত্ৰাৰ অৱসান ঘটাবলৈ বিগত ২০১১ বৰ্ষত নিৰ্মাণ কাৰ্য আৰম্ভ মহাবাহু ব্ৰক্ষ্মপুত্ৰৰ ওপৰত দক্ষিণে তিনিচুকীয়া জিলাৰ ছৈখোৱা (ধলা) আৰু উত্তৰে শদিয়া মহকুমাক সংযোগ কৰা মুঠ ৯.১৫ কি.মি. দৈঘ্যৰ দেশৰ দীৰ্ঘতম নদী দলং “ধলা-শদিয়া দলং” খনক ২০১৭ বৰ্ষৰ ২৬ মে’ত দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মুডিয়ে ৰাইজৰ বাবে শুভ-উদ্বোধন কৰিছিল। আৰু উক্ত দিনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মুডীয়ে এচিয়া মহাদেশৰ ভিতৰত দ্বিতীয় আৰু ভাৰতবৰ্ষৰ ভিতৰতে প্ৰথম দীৰ্ঘতম এই দলং খন ড° ভুপেন হাজৰিকাৰ নামত নামাকৰণ কৰিছিল। লগে লগে আনন্দত আত্মহাৰা হৈছিল প্ৰতিজন অসমীয়া। দলং শুভ-উদ্বোধনীৰ পাছত কাষৰীয়া ৰাজ্য অৰুনাচল প্ৰদেশৰ সৈতে ব্যৱসায় বাণিজ্য তথা যোগাযোগৰ ক্ষেত্ৰত সুচল হৈ পৰাৰ লগতে অসমবাসীৰ হিয়াৰ আমঠু ড° ভুপেন হাজৰিকাৰ নামত নামাংকৃত হোৱা দেশৰ দীৰ্ঘতম দলং খনক এবাৰ স্বচক্ষে প্ৰতক্ষ কৰাৰ উদ্দেশ্য বিভিন্ন প্ৰান্তৰ পৰা বহু সংখ্যক লোকে আজিও ভিৰ কৰাহি পৰিলক্ষিত হয় এই ড° ভুপেন হাজৰিকা সেতুত। ন-দিহিং , টেঙাপানী, কুণ্ডলী, লুহিত আৰু দিবাং নদীৰ সংগমস্থলী তথা মহাবাহু ব্ৰক্ষ্মপুত্ৰৰ ওপৰত নিৰ্মীত এই ড° ভুপেন হাজৰিকা সেতুৰ পৰাই ৰাজ্যৰ লগতে কাষৰীয়া ৰাজ্যৰ পৰাও সমন্বয়ৰ বাৰ্তা কঢ়িয়াই পুৱা গধূলি বহুলোকৰ আগমন হয় একমাত্ৰ পূব দিশত অৰুণাচলৰ আকাশত সূৰ্য্যোদয় আৰু পশ্চিমত সূৰ্য্য অস্তৰ মহাবাহুৰ বুকুত জিলিকি থকা দৃষ্টিনন্দন দৃশ্য উপভোগ কৰাৰ উদ্দেশ্যে । দলং শুভ-উদ্বোধনৰ সময়ত নিশা দলং খনত পোহৰেৰে আলোকিত কৰি ৰাখিবলৈ পোহৰৰ ব্যৱস্থা হৈ উঠা নাছিল যদিও পৰৱৰ্তী সময়ত পোহৰৰ ব্যৱস্থা কৰা কথা আছিল। কথা আছিল দেশৰ দীৰ্ঘতম নদী দলং ড° ভুপেন হাজৰিকা সেতুত কৰা হব “ছলাৰ লাইট”ৰ ব্যৱস্থা। কিন্তু দলং উদ্বোধনৰ ৭ টাকৈ বৰ্ষ অতিক্ৰম কৰাৰ পাছতো বিভিন্ন কাৰণ হৈ উঠা নাছিল পোহৰৰ ব্যৱস্থা। দলঙত প্ৰায়েই শুনিবলৈ পোৱা গৈছিল দূৰ্ঘটনাৰ খবৰ, আৰু এই দলঙতেই দূৰ্ঘটনা সংঘটিত হোৱা বহু জনে ইতিমধ্যে প্ৰাণ হেৰুৱালে। আৰু উক্ত দূৰ্ঘটনা সমূহৰ বিভিন্ন কাৰণ সমূহৰ ভিতৰত পোহৰৰ ব্যৱস্থা নথকাটোও এটা অন্যতম কাৰণ হিচাপে অভিহিত কৰিব বিচাৰিছিল সচেতন মহলে। দেশৰ নিৰাপত্তা দিশৰ পৰাও অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত এই ড° ভুপেন হাজৰিকা সেতুত ৰাইজে পোহৰৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক দাবী জনাইছিল স্থানীয় ৰাইজে। কিন্তু চৰকাৰে ৰাইজৰ এই দাবীক সহাৰি জনাব কোন দিনা? সেইয়া হৈ পৰিছিল ৰাইজৰ বাবে লাখটকীয়া প্ৰশ্ন! যাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন সময়ত সাধাৰণ ৰাইজৰ লগতে বিভিন্ন দল সংগঠনে দলঙত পোহৰৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক দাবী উত্থাপন কৰি আহিছিল। বিশেষকৈ “নিয়মীয়া বাৰ্তা” কাকতত এই বিষয়ে ইতিমধ্যে কেইবাৰো সবিস্তাৰে ধৰাবাহিক সংবাদ পৰিবেশন হোৱাৰ পাছত এই সকলো দাবী তথা জল্পনা-কল্পনা অন্তত পেলাই অৱশেষত হৈ উঠে দেশৰ মানচিত্ৰত সৰ্বাটোতকৈ দীঘল দলং বুলি চিহ্নিত হোৱা এই ড° ভুপেন হাজৰিকা সেতুত পোহৰ অৰ্থাৎ “ছলাৰ লাইট”ৰ ব্যৱস্থা। চৰকাৰৰ ৫২ কোটি ব্যয় সাপেক্ষে বিগত বৰ্ষৰ পৰা “আছাম চাপ্লাই চিণ্ডিকেট” নামৰ গুৱাহাটীৰ এটা ঠিকাদৰি প্ৰতিষ্ঠানৰ দ্বাৰা এই ড° ভূপেন হাজৰিকা সেতুত ছলাই লাইট সংযোগ কৰোৱাই। আৰু অৱশেষত যোৱা ৪ চেপ্তেম্বৰ তাৰিখৰ সন্ধিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ দ্বাৰা আনুষ্ঠানিক শুভ উদ্ধোধন কৰি সমগ্ৰ দলং খন পোহৰেৰে আলোকিত কৰি তুলে। কিন্তু উক্ত চলাৰ লাইট প্ৰকল্পৰ লাইট প্ৰকল্পৰ শুভ-উদ্ধোধনৰ দুটামান অতিক্ৰম কৰিছিলহে মাত্ৰ। দলঙৰ বিভিন্ন স্থানত সম্প্ৰতি বহুত লাইট বিকল হৈ পৰা বিষয়টোয়ে এতিয়া বিশেষ চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে। তথ্য অনুসৰি মুঠ ৯.১৫ কি মি’ৰ দলং খনৰ সম্প্ৰতি মুঠ ১৪ টকা লাইট বিকল হৈ পৰাছে। অভিযোগ উত্থাপন হৈছে প্ৰায় ৫২ কোটি টকাৰ ব্যয় সাপেক্ষে দলঙত চলাৰ লাইট সংযোগ তথা আলোকিকৰণ ঠিক আৱন্তন পোৱা ঠিকাদাৰী প্ৰতিষ্ঠা “আচাম চাপ্লাই চিণ্ডিকিট”কে আৰম্ভী অৱস্থাৰে পৰা চৰম মইমতালি আৰু নিম্ন মানদণ্ডৰ সামগ্ৰীৰে লাইট সংযোগৰ কাম অব্যাহত ৰাখিছিল। যাৰ পৰিপ্ৰেক্ষিতত উদ্বোধনৰ মাত্ৰ দুমাহা পাছতেই ক্ৰমাৎ বিকল হৈ পৰিছে লাইট সমূহ। ৰাইজে অতি শিঘ্ৰেই ঠিকাদাৰী প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰ তথা ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক দাবী জনাইছে।

প্ৰেৰক ঋতুপৰ্ণ সোনোৱাল

You might also like