নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণাৰিত জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ বৈঠকঃ সম্ভাব্য বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ বাবে সাজু চৰাইদেউ জিলা প্ৰশাসন

নিয়মীয়া বাৰ্তা, ২৯ মাৰ্চ: চৰাইদেউ জিলাৰ অতিৰিক্ত উপায়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া জাবেদ আৰমানৰ অধ্যক্ষতাত আজি উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ এখন গুৰুত্বপূৰ্ণ সভাত অনুষ্ঠিত হয়। সভাত জিলাখনৰ সম্ভাব্য বানপানীৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনৰ লগতে বিভিন্ন বিভাগৰ প্ৰস্তুতি সম্পৰ্কে বিস্তৃতভাৱে আলোচনা কৰা হয়। সভাত অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে বানপানীৰ পৰিস্থিতি উদ্ভৱ হলে তেনে পৰিস্থিতিৰ মোকাবিলা কৰাৰ বাবে জিলাখনৰ দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ, ৰাজহ চক্ৰ বিষয়া পৰ্যায়ত, বিভিন্ন চৰকাৰী বিভাগ, আৰক্ষী, অৰ্ধ-সামৰিক বাহিনী আদিৰ তৰফৰ পৰা কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব এই সম্পৰ্কে বুজ লয় । তেওঁ লগতে বানপানীৰ দৰে দুৰ্যোগৰ সময়ত সকলো বিভাগে সু-সমন্বয় ৰক্ষা কৰি দায়িত্ব সহকাৰে তথা তৎপৰতাৰে কাম কৰি যাবলৈ পৰামৰ্শ দিয়ে । অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে বিপদসংকুল অৱস্থাত থকা মথাউৰী আৰু বান্ধ সমূহৰ বিষয়ে বিস্তৃত বুজ লৈ জলসম্পদ বিভাগক এই সমূহ মেৰামতিৰ বাবে তৎকালীন ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় । তেওঁ লগতে বানপানীৰ সময়ত আশ্ৰয় শিৱিৰ স্থাপন কৰা আৰু আশ্ৰয় শিৱিৰ সমূহৰ বাবে পৰ্যাপ্ত ব্যৱস্থা মজুত ৰাখিবলৈ নির্দেশ দিয়ে। তেওঁ অন্যান্য আনুষংগিক বিষয়ৰ লগতে আশ্ৰয় শিবিৰ সমূহত ক’ভিড-১৯ প্ৰতিৰোধ মূলক ব্যৱস্থাৱলী, শিশুৰ বিনোদনৰ বাবে কক্ষ মজুতকৰণ ইত্যাদি বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ স্বাস্থ্য বিভাগক তৎকালীন সঁহাৰি দল সাজু ৰাখিবলৈ তথা আশ্ৰয় শিবিৰ সমূহত আবাসী সকলৰ নিয়মীয়া স্বাস্থ্য পৰীক্ষণ তথা চিকিৎসা সেৱা প্ৰদানৰ দিশত প্ৰয়োজনীয় ব্যৱস্থা সাজু ৰাখিবলৈ কয়। জিলাখনৰ পশুপালন আৰু পশু চিকিৎসা বিভাগক পোহনীয়া জীৱ-জন্তুৰ বিভাগীয়ভাৱে জৰীপ চলাই বানপানীৰ সময়ত জীৱ-জন্তু সমূহক সুৰক্ষিত তথা ওখ স্থানত স্থানান্তৰিত কৰিবলৈ আৰু পৰ্যাপ্ত পশুখাদ্য যোগান আৰু মজুতকৰণ সুনিশ্চিত কৰিবলৈ কয়। তেওঁ সংশ্লিষ্ট সকলো বিভাগকে নিজ নিজ দায়িত্ব সুচাৰুৰূপে পালন কৰিবলৈ আহ্বান জনায়। অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে তেওঁৰ বক্তব্যত বানপানী, ধুমুহা আদিৰ প্ৰাকৃতিক দুৰ্যোগৰ বাবে হোৱা ক্ষয়-ক্ষতি সম্পৰ্কে অৱগত কৰিবলৈ বা জৰুৰী সেৱা লাভ কৰাৰ বাবে জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ নিয়ন্ত্ৰণ কক্ষত (টেলিফোন নম্বৰ- ০৩৭৭২-২৫৫১২৩ আৰু মোবাইল নম্বৰ- ৬০০২৬-৭০৫০১) -ত যোগাযোগ কৰিব পাৰিব বুলি অৱগত কৰে। সভাত জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ জিলা প্রকল্প বিষয়া বিজয়লক্ষ্মী গগৈয়ে বানপানীৰ সময়ত প্ৰতিদিনে বিগত ২৪ ঘণ্টাত হোৱা ক্ষয়-ক্ষতি সম্পৰ্কীয় তথ্য দিনৰ ১১:০০ বজাৰ ভিতৰত জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ নিয়ন্ত্ৰণ কক্ষত অৱগত কৰিবলৈ কয় যাতে সেই তথ্য অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণক অৱগত কৰাৰ উদ্দেশ্যে FRIMS (Flood Reporting and Information Management System) -ৰ পৰ্টেলত সময়মতে আপলোড কৰিব পাৰি। জিলা প্রকল্প বিষয়া গৰাকীয়ে এই সন্দৰ্ভত ক্ষেত্ৰ বিষয়া সকলকো যোগাযোগ কৰিব পাৰিব বুলি উল্লেখ কৰে। তেওঁ মাহমৰা ৰাজহ চক্ৰৰ বাবে ক্ষেত্ৰ বিষয়া বিকাশ কুমাৰ দাসক ৯৮৬৪০-৯৯৯২৮ মোবাইল নম্বৰত, সোণাৰি ৰাজহ চক্ৰৰ বাবে ক্ষেত্ৰ বিষয়া ধ্ৰুৱ গগৈক ৭০০২৪-০৭৬০৩ মোবাইল নম্বৰত আৰু সাপেখাতি ৰাজহ চক্ৰৰ বাবে ক্ষেত্ৰ বিষয়া নৱ জ্যোতি গগৈক ৭৮৯৬৬-৯৫২৪৯ মোবাইল নম্বৰত যোগাযোগ কৰিব পাৰিব বুলি সদৰি কৰে। তেওঁ লগতে সম্ভাব্য বানপানীৰ পৰিস্থিতিৰ সৈতে মোকবিলা কৰাৰ বাবে জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অন্তৰ্গত কাৰিকৰী সা-সুবিধা, উদ্ধাৰ আৰু সাহাৰ্যৰ বাবে মজুত থকা নাও আদিৰ সবিশেষ অৱগত কৰে। আজিৰ সভাত অতিৰিক্ত আৰক্ষী অধীক্ষক (সুৰক্ষা) ৰাজৰ্ষি চৌধুৰী, ৰাজহ চক্ৰ বিষয়াসকল, আৰক্ষী আৰু অগ্নি নিৰ্বাপন বিভাগৰ প্ৰতিনিধি সকলৰ উপৰি বিভিন্ন চৰকাৰী বিভাগৰ মুৰব্বী বিষয়াসকল উপস্থিত থাকে।
প্ৰেৰক দীপাংকৰ পাল

You might also like