নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাক্সাৰ জালাহত ২০২২-২৩ বৰ্ষৰ বিনামূলীয়া পাঠ্যপুথি বিতৰণৰ শুভ উদ্বোধন

নিয়মীয়া বাৰ্তা, ২৯ মাৰ্চ : অসম চৰকাৰৰ শিক্ষা বিভাগে নতুন শিক্ষা বৰ্ষৰ বাবে বিদ্যালয়সমূহত বিনামূলীয়া পাঠ্যপুথি বিতৰণৰ কৰি থকাৰ সময়তেই আজি বাক্সা জিলাৰ অঞ্চলীস্থিত জালাহ প্ৰাথমিক শিক্ষা খণ্ডৰ কাৰ্যালয়ত বিদ্যালয়ৰ ছাত্র ছাত্ৰীৰ বাবে বিনামূলীয়া পাঠ্যপুথি বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। জালাহ প্ৰাথমিক শিক্ষা খণ্ডৰ শিক্ষা বিষয়া স্বৰজ মহিলাৰীয়ে ৰঙা ফিটা কাটি কিতাপৰ গুদাম উদ্বোধন কৰাৰ পিছত অনুষ্ঠিত বিদ্যলয় সমূহলৈ ছাত্ৰ ছাত্ৰীৰ বাবে প্ৰদান কৰা বিনামূলীয়া পাঠ্যপুথি বিতৰণৰ শুভাৰম্ভ কৰা হয়। অঞ্চলী চৰকাৰী মজলীয়া বিদ্যালয়, ১৩৫/১ নং জালাহ প্ৰাথমিক বিদ্যালয়, ১৫৫২ নং খাগ্ৰাবাৰী প্ৰাথমিক বিদ্যালয়,দলাজানী প্ৰাথমিক বিদ্যালয় আৰু ডাঙৰীগাঁৱ এম ই স্কুলকে ধৰি পাঁচখন বিদ্যালয়লৈ আনুষ্ঠানিক ভাবে বিনামূলীয়া পাঠ্যপুথি বিতৰণৰ শুভ উদ্বোধন অনুষ্ঠানত অসম সমগ্র শিক্ষা অভিযান মিছনৰ বাক্সা জিলাৰ আঁচনি বিষয়া মৃঞ্জু দাস, এম আই এছ জ্যোতিৰ্ময় ভূঞা, খণ্ড সমল ব্যক্তি উমানন্দ বড়ো, গাণনিক বিষয়া হেমাংগ ৰয়, ৰাণা চৌধুৰী, কল্যাণ গোস্বামী, বনজিৎ শৰ্মা,সমল ব্যক্তি ভূদেব গোস্বামী, অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক নৰেশ্বৰ দাস , প্ৰাথমিক বিদ্যালয় শিক্ষক সন্থাৰ বানেশ্বৰ বড়ো, চাপাগুৰি ককলাবাৰী আঞ্চলিক ছাত্র সন্থাৰ সভাপতি দ্বিপজ্যোতি দাস,এম ই সন্থাৰ শিক্ষক হিৰণ্য দাস, মণ্ডল সমল কেন্দ্ৰৰ হংস দাস, সত্যজিৎ উজিৰ, বিপিন বসুমতাৰী,ইনোসেন বসুমতাৰীকে আদি কৰি কেবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্রহণ কৰে।

প্ৰেৰক দিগন্ত দাস

You might also like