নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণাৰিত চাঞ্চল্যকৰ ঘটনাঃ আৰক্ষী জোৱানে গুলীয়াই হত্যা কৰিলে সতীৰ্থ আৰক্ষী জোৱানক

নিয়মীয়া বাৰ্তা, ৬ডিচেম্বৰ: পুৱাই সংঘটিত হোৱা এক চাঞ্চল্যকৰ ঘটনাই জোঁকাৰি যায় সমগ্র চৰাইদেউ জিলা । এক সামান্য কথাত তৰ্কা-তৰ্কিৰ পাছতেই এজন আৰক্ষী জোৱানে গুলীয়াই থকাসৰকা কৰে আন জন সতীৰ্থ আৰক্ষী জোৱানক । আজি পুৱা প্ৰায় ৯.২০ মিনিটত সোণাৰি সদৰ আৰক্ষী থানা চৌহদৰ মুল প্ৰৱেশ দ্বাৰতেই এই লোমহৰ্ষক ঘটনা সংঘটিত হয়। মুল প্ৰৱেশ দ্বাৰত কৰ্তব্যৰত চন্তৰী তথা নৱম অসম আৰক্ষী বেটেলিয়ানৰ জোৱান গকুল বসুমতাৰী (৩২) য়ে “ৰিলিভ” দিবলৈ আহিছিল একেটা বেটেলিয়ানৰ জোৱান দীপক কাকতি (৩৩) ক। কিন্তু বিগত কিছুদিনৰ পৰা দুয়োৰে মাজত চলি থকা সংঘাতৰ বাবে দীপক কাকতিয়ে গকুল বসুমতাৰীৰ মুখামুখি হৈ খঙত জ্বলিপকি উঠে। থানাৰ মুল প্ৰৱেশ দ্বাৰত দিনৰ ভাগৰ চন্তৰীৰ দায়িত্ব লবলৈ অহা বসুমতাৰীক নিজৰ চাৰ্ভিছ “ইনচাৰ্ছ”ৰে দীপক কাকতিয়ে লক্ষ্য কৰি উপৰ্যুপৰি গুলীবৰ্ষণ কৰে। আকস্মিক এই গুলীচালনাত গকুল বসুমতাৰীৰ শৰীৰ গুলীৰে থকাসৰকা হয় আৰু ঠাইতে ঢলি পৰে।

ইফালে, থানা চৌহদত আকস্মিক ভাবে ধাৰাষাৰ গুলীৰ শব্দ হোৱাত এক আতংকময় পৰিবেশৰ সৃষ্টি হয় আৰু লগে লগে কৰ্তব্যৰত আৰক্ষী বিষয়া, আৰক্ষী জোৱান বাহিৰলৈ ওলাই আহে। থানা চৌহদৰ মুল প্ৰৱেশ দ্বাৰৰ মাটিত তেজেৰে লুতুৰি-পুতুৰি হৈ পৰি ৰৈছিল আৰক্ষী জোৱান গকুল বসুমতাৰীৰ নিথৰ দেহ আৰু কাষতে “ইনচাৰ্ছ” ৰাইফল হাতত লৈ থিয় হৈ আছিল দীপক কাকতি। হাতত আগ্নেয়াস্ত্ৰ থকাৰ বাবে দীপকৰ ওচৰলৈ কোনো আগবাঢ়ি অহা নাছিল। অৱশ্যে পাছত দীপক কাকতিয়ে “খতম কৰি দিলো” বুলি কৈ সোণাৰি আৰক্ষীৰ ওচৰত ধৰা দিয়ে।

উল্লেখ্য যে, এই গুলী চালনাৰ ঘটনাত গকুল বসুমতাৰীৰ মুৰৰ লাওখোলা উৰি যোৱাৰ লগতে মুখ, ডিঙি, বাউসী আদিত গুলী সোমায়। ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে ৩ টা গুলীৰ কাৰ্টিজ উদ্ধাৰ কৰে। উল্লেখ্য যে, নিহত গকুল বসুমতাৰীৰ ঘৰ নগাঁওৰ বৰহমপুৰত। আনহাতে, দীপক কাকতিৰ ঘৰ বিশ্বনাথ আলিত। ইতিমধ্যে দীপক কাকতিক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

সোণাৰিৰ পৰা দীপাংকৰ পাল।

You might also like