নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কুম্ভকৰ্ণ নিদ্ৰাত গহপুৰৰ জলসম্পদ বিভাগঃ মানচিত্ৰৰ পৰা হেৰাই যোৱাৰ শংকা অসম-অৰুণাচল সীমান্তবৰ্তী বালুবাৰী অঞ্চল

নিয়মীয়া বাৰ্তা,  ৬ ডিচেম্বৰঃ  গহপুৰ মহকুমাত যোৱা বাৰিষাতে বলিয়া বানে বান্ধ ভাঙি সাধাৰণ ৰাইজৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি কৰা গহপুৰ নগৰৰ মাজেৰে বৈ যোৱা চত্ৰং, কুকুৰজান চেঁচাকে ধৰি বহুকেইখন নদীৰ ভগ্ন মাথাউৰী আজিও উন্মুক্ত অৱস্থাত।গহপূৰ নগৰ এলেকাৰ তথা পৌৰসভা কাৰ্যালয়ৰ পৰা প্ৰায় এক কিলোমিটাৰ দূৰৈ ১৫ নং ৰিষ্ট্ৰীয় ঘাই পথৰ কাষৰ বিলতীয়া গাঁও-বড়িগাঁও তিনিআলি সমীপৰ এটা চুবুৰিৰ ৰাইজ আজিও কুকুজান নদীৰ ভগ্ন মাথাউৰীৰ ওপৰতে থকা বাঁহৰ চচালিৰে যাতায়াত ব্যৱস্থা অব্যাহত ৰাখিব লগাত পৰিছে। য’ত নেকি খুদ সোলেঙীগুৰি গাঁও পঞ্চায়তৰ সভাপতিৰ ঘৰ।ইয়াৰ উপৰিও নগৰখনৰ মধ্য চত্ৰং-ধেনুধৰা সংযোগী যোৱা বাৰিষাৰ কেইবালানি চত্ৰংৰ বলিয়া বানে যাতায়াতৰ অনুপযুক্ত কৰা সমগ্ৰ প্ৰায় এক কিলোমিটাৰ পথ আজিও তথৈবচ। আনহাতে ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা সোলেঙী ৰজাবাৰী হৈ সমগ্ৰ সোণাপুৰ-ৰঙাজান অঞ্চললৈ ভগ্ন কালৰ্ভাটেৰে পদে-পদে এক বিপদশংকুল যাত্ৰা আজিও অব্যাহত। এয়া হৈছে ৭৮ নং গহপুৰ বিধান সভা সমষ্টি উন্ময়নৰ ফোপোলা স্বৰূপৰ নামমাত্ৰ উপমা মাথোন।

উল্লেখ্য যে, গহপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হেমন্ত নেওগ আৰু সভাপতি পল্লৱ তাঁতিয়ে কাকতলৈ প্ৰেৰন কৰা এক বিজ্ঞপ্তিৰ জৰিয়তে স্থানীয় প্ৰশাসন, স্থানীয় জন প্ৰতিনিধি আৰু সংশ্লিষ্ট বিভাগক সময় থাকোতেই স্বৰ জমিন তদন্ত কৰি কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়। ইয়াৰ উপৰিও ছাত্ৰ সংগঠনটিয়ে বিজ্ঞপ্তিখনৰ জৰিয়তে অসম-অৰুনাচল সীমান্তবৰ্তী চত্ৰং নৈৰ দাঁতি কাষৰীয়া মৰিকাঠনী, চত্ৰং বৰবালীৰ পৰা বালুবাৰী লৈকে এটা বৃহত্ত্বৰ অঞ্চল গহপুৰ মহকুমাৰ মানচিত্ৰৰ পৰা নোহোৱাহৈ জোৱাৰ শংকা প্ৰকাশ কৰিছে। কায়নু সম্প্ৰতি অৰুনাচল পাহাৰৰ পৰা বৈ অহা খঢ়শ্ৰুতা নৈখনে যোৱা বাৰিষা কালতে যিটো হাৰত গঢ়াই যাতায়তী পথ আৰু নৈ একাকাৰ কৰি পেলাইছিল তাৰ মেৰামতিৰ কাম কৰাৰ দূৰৰে কথা আজিকোপতি উক্ত অঞ্চলৰ ৰাইজৰ অদুৰ ভবিষ্যতে কি অৱস্থা হ’ব ইয়াৰ বুজ ল’বলৈ গহপুৰ জল সম্পদ বিভাগৰ বিয়াগোম বিষয়া সকলে কণমানো সময় নাপালে। যদিহে সময় থাকোতেই খৰালি হ’লে শুই-বহি খোৱা জল সম্পদ  বিভাগটোৱে এই খহনীয়াৰৰ প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ নকৰে পৰবৰ্তী সময়ত ছাত্ৰ সংগঠনটিয়ে আন কাৰ্যসূচী গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে।

বিপুল কুমাৰ দিহিঙীয়া

You might also like