নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আন্তঃজিলা উশ্বু প্ৰতিযোগিতাৰ বাবে কামৰূপ জিলা দল গঠন

নিয়মীয়া বাৰ্তা, ২৮ এপ্ৰিল : কামৰূপ জিলাৰ পলাশবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত বাগানত ২৭ তাৰিখৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত হোৱা ১৭সংখ্যক কামৰূপ জিলা ভিত্তিক উশ্বু প্ৰতিযোগিতাৰ আজি সামৰণি পৰে। বৰদুৱাৰ উশ্বু একাডেমীৰ উদ্যোগত বাগান জাৰাপাতা খেলপথাৰ প্ৰাঙ্গনত ২৭, ২৮ তাৰিখে দুদিনীয়াকৈ অনুষ্ঠিত হৈছিল ১৭সংখ্যক কামৰূপ জিলা (গ্ৰাম্য) উশ্বু প্ৰতিযোগিতাখন। উশ্বু প্ৰতিযোগিতাখনত কামৰূপ গ্ৰাম্য জিলাৰ বিভিন্ন অঞ্চলৰ ৭টা ক্লাৱে অংশগ্ৰহন কৰিছিল। উশ্বু প্ৰতিযোগিতাখনত মুখ্য খেল পৰিচালক হিচাপে ৰাকচেং মাৰাক, মুখ্য খেল বিচাৰক হিচাপে ৰাতুল শইকীয়া, সহঃ খেল পৰিচালক হিচাপে গোপী সিং লামা আৰু পৰ্যবেক্ষক হিচাপে অংশগ্ৰহণ কৰিছিল শীখা দাসে। ১৭সংখ্যক কামৰূপ জিলা উশ্বু প্ৰতিযোগিতাখনত বিচাৰকে ২৫গৰাকী ছাত্ৰ-ছাত্ৰীক জুনিয়ৰ, ছাব-জুনিয়ৰ আৰু ছিনিয়ৰ শ্ৰেণীত নিৰ্বাচিত কৰিছে। উল্লেখ্য যে নিৰ্বাচিত আটাইকেইগৰাকী ছাত্ৰ-ছাত্ৰীক আগন্তুক আন্ত:জিলা প্ৰতিযোগিতাত কামৰূপ (গ্ৰাম্য) জিলাৰ পৰা প্ৰতিনিধিত্ব কৰিবলৈ দিয়া হব বুলি জানিবলৈ দিয়ে কামৰূপ জিলা উশ্বু সন্থাই।

প্ৰেৰক প্ৰীতম বায়ন

You might also like