নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাইলটে ইচ্ছাকৃতভাৱে ইন্ধনৰ ছুইচ বন্ধ কৰাৰ ফলতে আহমেদাবাদৰ ভয়ংকৰ বিমান দুর্ঘটনা

🔹 ইটালীৰ দৈনিক কাকত ‘কোৰিৱেৰ ডেলা ছেৰা’ৰ বিস্ফোৰক দাবী

নিউজ ডেস্ক, ১৩ ফেব্রুৱাৰী : যোৱা বছৰ জুন মাহত আহমেদাবাদত এয়াৰ ইণ্ডিয়াৰ যিখন বিমান ভাঙি পৰিছিল সেয়া কোনো দুর্ঘটনা নাছিল৷ ইচ্ছাকৃতভাৱে বিমানৰ ইন্ধনৰ ছুইচ বন্ধ কৰি দিছিল পাইলটে৷ ইটালীৰ দৈনিক কাকত ‘কোৰিৱেৰ ডেলা ছেৰা’ৰ এক প্রতিবেদনত এই বিস্ফোৰক দাবী কৰা হৈছে৷ এই পর্যন্ত উৰণ নিয়ন্ত্রক সংস্থা ডিজিচিএই দুর্ঘটনাটোক লৈ চৰকাৰীভাৱে কোনো চূড়ান্ত প্রতিবেদন প্রকাশ কৰা নাই বাবে এতিয়াই সিদ্ধান্ত এটাত উপনীত হোৱাটো সঠিক নহয় বুলি মত প্রকাশ কৰিছে বিশেষজ্ঞসকলে৷

ইটালীৰ বাতৰিকাকতখনে তেওঁলোকৰ প্রতিবেদনত দুটা সূত্রৰ উদ্ধৃতি দি দাবী কৰিছে যে যান্ত্রিক ত্রুটিৰ ফলত নহয় আহমেদাবাদত এয়াৰ ইণ্ডিয়াৰ বিমান দুর্ঘটনাগ্রস্ত হৈছিল পাইলটৰ নিজা পদক্ষেপৰ ফলত৷ ইচ্ছাকৃতভাৱে পাইলটজনে বিমানখনৰ ইন্ধনৰ ছুইচ বন্ধ কৰি দিছিল৷ ইয়াৰ ফলতে বিমানখন ক্রমশঃ তললৈ নামি আহে আৰু ভাঙি পৰে৷ এনে বিশ্বাস ভাৰতীয় তদন্তকাৰীসকলৰ৷ এই দুর্ঘটনাটোৰ বাবে পাইলট ইন কমাণ্ড কেপ্টেইন সুমিত ছাভাৰৱালক প্রাথমিকভাৱে দায়ী কৰা হৈছে এই প্রতিবেদনত৷

জানিব পৰা মতে, ইটালীৰ কাকতখনে এই সন্দর্ভত চূড়ান্ত এক প্রতিবেদন প্রকাশ কৰিব৷ বিমান দুর্ঘটনাৰ পৰা হাত সাৰিবলৈ এইক্ষেত্রত পাইলটসকলৰ মানসিক স্বাস্থ্য মূল্যায়ন আৰু পর্যবেক্ষণৰ পৰামর্শও দিব বুলি সূত্রৰ খবৰত প্রকাশ৷

উল্লেখ্য যে যোৱা বছৰ ১২ জুনত আহমেদাবাদৰ পৰা লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়াৰ এখন ব’য়িং ৭৮৭–৮ বিমান আকাশলৈ উৰা মৰাৰ কেইছেকেণ্ডমানৰ পিছতে মেঘানি নগৰৰ বি জে মেডিকেল কলেজৰ কেণ্টিনৰ ওপৰত ভাঙি পৰে৷ এই দুর্ঘটনাৰ ফলত মৃত্যু হয় দুই শতাধিক লোকৰ৷ তাৎপর্যপূর্ণভাৱে আহমেদাবাদৰ এই বিমান দুর্ঘটনাটোৰ যি প্রাথমিক তদন্তৰ প্রতিবেদন এয়াৰক্রাফ্ট এক্সিডেণ্ট ইনভেষ্টিগেচন ব্যুৰ’ৱে দিছে তাত দুর্ঘটনাটোৰ বাবে পাইলটৰ ওপৰতে দায় জাপি দিয়া হৈছে৷

প্রতিবেদনখনত কোৱা হৈছে যে আহমেদাবাদ দুর্ঘটনাৰ প্রাক্মুহূর্তত বিমানখন যেতিয়া ওপৰলৈ উঠাৰ বাবে গতি লাভ কৰিছিল তেতিয়াই দুটা ইঞ্জিনৰ ইন্ধন ‘কাট অফ’ মোডলৈ গুচি যায়৷ ইঞ্জিনলৈ ইন্ধনৰ সৰবৰাহ বন্ধ হৈ যায়৷ ইঞ্জিন বন্ধৰ ঠিক আগে আগে এজন পাইলটে লগৰজনক কয়- ‘ইঞ্জিন বন্ধ কৰিলে কিয়? পাইলটজনে উত্তৰ দিয়ে, ‘মই একোৱেই বন্ধ কৰা নাই৷’ পাইলট সংগঠনে দাবী কৰে যে তেওঁলোক এই প্রতিবেদনত সন্তুষ্ট নহয়৷ প্রাথমিক তদন্তৰ প্রতিবেদনত বহু তথ্য গোপন কৰা হৈছে৷ ইন্ধনৰ ছুইচত সমস্যা আৰু যান্ত্রিক ত্রুটিৰ ঘটনাসমূহ এৰাই চলা হৈছে৷ সেইবাবে আদালতৰ নিৰীক্ষণত নিৰপেক্ষভাৱে দুর্ঘটনাটোৰ তদন্ত হওক বুলি তেওঁলোকে দাবী কৰে৷

You might also like