নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কা-বিৰোধী আন্দোলনৰ পৰিৱেশ বৰ্তমান অসমত নাই : দিলীপ শইকীয়াঃ ৰঙিয়াত যুৱ মৰ্চাৰ ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সভা 

নিয়মীয়া বাৰ্তা, ১৮ আগষ্ট : ৰঙিয়াৰ হৰদত্ত-বীৰদত্ত ভৱনত কালিৰ পৰা দুদিনীয়া কাৰ্য্যসূচীৰে আৰম্ভ হোৱা বিজেপিৰ ভগ্নী সংগঠন ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সভা আজি সম্পন্ন হয়। ৰাজ্যৰ প্ৰতিখন জিলাৰ পৰা অহা প্ৰতিনিধি সকলৰ উপস্থিতিত প্ৰথম দিনা সন্ধিয়াৰ ভাগত প্ৰতিনিধি সভা অনুষ্ঠিত হয়। উক্ত সভাত মৰ্চাৰ সাংগঠনিক দিশটো শক্তিশালী কৰা সন্দৰ্ভত কেতবোৰ সিদ্ধান্ত লোৱা হয়। ইয়াৰ বাবে মৰ্চাই প্ৰতিখন জিলাত বুথ বাহিনী গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। বুধ বাহিনীৰ জৰীয়তে মহাবিদ্যালয় পৰ্য্যায়ৰ পৰা মৰ্চাৰ সাংগঠনিক দিশটো শক্তিশালী কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে। দিনৰ ভাগত মৰ্চাৰ ৰাজ্যিক সভাপতি সিদ্ধাংকু অংকুৰ বৰুৱাৰ সভাপতিত্বত কাৰ্য্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। সভাত উপস্থিত থাকে বিজেপিৰ ৰাজ্যিক সভাপতি তথা স্থানীয় বিধায়ক ভৱেশ কলিতা, সাংসদ তথা বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, সাংসদ তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব পবিত্ৰ মাৰ্ঘেৰিটাৰ লগতে মন্ত্ৰী বিমল বৰা। সভাত উপস্থিত থাকি সাংসদ দিলীপ শইকীয়াই সংবাদ মাধ্যমৰ আগত ‘কা’ আন্দোলন সন্দৰ্ভত কয় যে বৰ্তমান সময়ত অসমৰ মানুহে অন্তৰৰ পৰা আন্দোলন নিবিচাৰে। স্বাধীনোত্তৰ কালত হোৱা বিভিন্ন আন্দোলনৰ ফলশ্ৰুতিত বহু লোকৰ মৃত্যু হ’ল, বহু পংগু হ’ল। আন্দোলনৰ দ্বাৰা ৰাজ্যখনৰ বহু ক্ষতি হ’ল। সেইবাবে এতিয়া ৰাজ্যৰ ৯৯ শতাংশ লোকেই ‘কা’ আন্দোলনক সমৰ্থন নকৰে। ‘কা’ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে স্পষ্টতাৰে বুজাই দিয়াৰ পিছত ইয়াৰ বিৰোধিতা কৰাৰ কোনো বাস্তৱিকতা নাই বুলি সাংসদ শইকীয়াই দোহাৰে। ইফালে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই লোকসভা নিৰ্বাচনত বিজেপিয়ে অসমকে ধৰি উত্তৰ পূৱৰ আটাইকেইখন ৰাজ্যতে ভাল ফল দেখুৱাব বুলি উল্লেখ কৰে। এই ক্ষেত্ৰত সভাপতি কলিতাই বিশেষকৈ দলটোৰ যুৱ মৰ্চাৰ কৰ্ম কৰ্তা সকলক অধিক কষ্ট কৰিবলৈ আহ্বান জনায়। ইফালে পুৱাৰ ভাগত মৰ্চাৰ ফালৰ পৰা এখন সংবাদ মেলৰ আয়োজন কৰে। মৰ্চাৰ ৰাজ্যিক সভাপতি সিদ্ধাংকু অংকুৰ বৰুৱাই সংবাদ মেলখনত সম্বোধন কৰি কয় যে আজি যি গৰাকী ব্যক্তি যুৱ মৰ্চাৰ কৰ্মকৰ্তা কাইলৈ ভাৰতীয় জনতা পাৰ্টিৰ নেতা, সেই বাবে আমি প্ৰতিজন যুৱমৰ্চাৰ নেতাক সঠিক নেতা হিচাপে গঢ় দিবলৈ চেষ্টা অব্যহত ৰাখিছো ‌বুলি দোহাৰে।

প্ৰেৰক ফাৰুক হুছেইন

You might also like