নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

The Indian Awaz : গুৱাহাটীত সামৰণি পৰিল ইণ্ডিয়ান আৱাজ এৱাৰ্ড ২০২২ৰ

নিয়মীয়া বাৰ্তা, ১৯আগষ্টঃ আজাদী কা অমৃত মহোৎসৱৰ অংশ হিচাপে দ্য ইণ্ডিয়ান আৱাজে ইণ্ডিয়ান আৱাজ ফাউণ্ডেচনৰ সহযোগত স্বাধীনতাৰ ৭৫ বছৰ গৌৰৱ উদযাপন কল্পে দ্য ইণ্ডিয়ান আৱাজ এৱাৰ্ড ২০২২ আয়োজন কৰে।
দ্য ইণ্ডিয়ান আৱাজে (TIA) ১৫ আগষ্টত গুৱাহাটীৰ হোটেল পেলাচিঅ’ত তেওঁলোকৰ পঞ্চম সংস্কৰণৰ TIA Awards 2022 প্ৰদান কৰে।

এই অনুষ্ঠানত গুৱাহাটী টাইমছ মিডিয়াৰ প্ৰতিষ্ঠাপক তথা সম্পাদক শ্বাহনৱাজ আমিৰক ‘বছৰৰ যুৱ উদ্যোগী’ সন্মানেৰে সন্মানিত কৰে দ্য ইণ্ডিয়ান আৱাজে। লগতে ‘উইলিং-ৱে ৱেলনেছ চ’চাইটি’ৰ স্বত্বাধিকাৰী সমাৰ ভৰদ্বাজে ‘ছ’চিয়েল এণ্টাৰপ্ৰেনিয়ৰ অফ দা ইয়েৰ’ বঁটা লাভ কৰে।

আনহাতে ই এছ ডেণ্টেল কেয়াৰৰ স্বত্বাধিকাৰী ডাঃ আদিল লিংডোই ‘গুৱাহাটীৰ শ্ৰেষ্ঠ ডেণ্টেল ক্লিনিক ষ্টাৰ্ট-আপ’ বঁটা, চেভেন চেন্স কমিউনিকেচনৰ স্বত্বাধিকাৰী শুভাংকৰ বেনাৰ্জীয়ে ‘বছৰৰ শ্ৰেষ্ঠ জনসংযোগ এজেন্সী’ বঁটা লাভ কৰে।

লেখক বঁটা, বৰাক বঁটা আৰু ব্যৱসায়িক বঁটা শীৰ্ষক মুঠ ৩টা শিতানত প্ৰদান কৰা বঁটা  লাভ কৰাসকলৰ ভিতৰত আছে ক্ৰমে মুম্বাইৰ লেখক কেটন ভগত, মণিপুৰৰ এটা ষ্টাৰ্টআপ ব্ৰেণ্ড পিকাদ্ৰো, অসমৰ পৰা ব্ৰহ্মপুত্ৰ ফেবলছৰ প্ৰতিষ্ঠাপক ধ্ৰুবজ্যোতি ডেকাই।

উল্লেখ্য, দ্য ইণ্ডিয়ান আৱাজৰ এই বঁটা প্ৰদান অনুষ্ঠানটো হৈছে এনে এক মঞ্চ য’ত তেওঁলোকে লেখক, ষ্টাৰ্টআপ, উদ্যোগী আৰু সামাজিক আদি বিভিন্ন দিশৰ সমাজৰ কল্যাণ আৰু উন্নয়নত অৰিহণা যোগোৱা ভাৰতীয়সকলক স্বীকৃতি প্ৰদানৰ বাবে কাম কৰে। অনুষ্ঠানত টিআইএৰ প্ৰতিষ্ঠাপক নাজিম আহমেদো উপস্থিত থাকে।

 

You might also like