নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৮ সাহিত্যিকলৈ চলিত বর্ষৰ সাহিত্য বঁটা, ১০গৰাকীলৈ সাহিত্যিক পেন্সন

ৰাজ্যৰ সাহিত্য ক্ষেত্রলৈ অনবদ্য বৰঙণি আগবঢ়োৱা মুঠ ২৮গৰাকী বিশিষ্ট সাহিত্যিকলৈ আগবঢ়োৱা হৈছে চলিত বর্ষৰ সাহিত্যিক পেন্সন আৰু বঁটা৷

ৰাজ্য চৰকাৰে এক নির্দেশনাৰ জৰিয়তে জাৰি কৰা অনুসৰি ১৮গৰাকী বিশিষ্ট সাহিত্যিকলৈ আগবঢ়োৱা হ’ব সাহিত্য বঁটা আৰু ১০গৰাকীলৈ আগবঢ়োৱা হ’ব সাহিত্যিক পেন্সন৷

সাহিত্য বঁটাপ্রাপক ১৮গৰাকী বিশিষ্ট সাহিত্যিক হৈছে ক্রমে কামৰূপ মহানগৰ জিলাৰ ফণীন্দ্র কুমাৰ দেৱচৌধুৰী, ড০ সূর্যকান্ত হাজৰিকা, ড০ পূর্ণ ভট্টাচার্য, ছজল পাল, উর্মিলা চক্রৱর্তী, বৰপেটাৰ কিশোৰী মোহন দাস, বিশ্বনাথৰ পূর্ণ কুমাৰ শর্মা, ডিব্রুগড়ৰ অর্পণা কোঁৱৰ, হাইলাকান্দিৰ আশুতোষ দাস, কার্বি আংলঙৰ ভবেন চন্দ্র কোচ, কোকৰাঝাৰৰ সাৰদা প্রসাদ মুছাহাৰী, নগাঁৱৰ গুৰমাইল সিং, শিৱসাগৰৰ ফণী কৈৰী, শোণিতপুৰৰ ড০ যতীন বৰুৱা, শ্রীভূমিৰ সুভাষ চন্দ্র সিন্হা, তামুলপুৰৰ বৰুৱাকান্ত ব্রহ্ম, তিনিচুকীয়াৰ গিৰীশ সন্দিকৈ আৰু গোলাঘাটৰ সুৱর্ণ শইকীয়া৷

একেদৰে সাহিত্যিক পেন্সনপ্রাপক ১০গৰাকী বিশিষ্ট সাহিত্যিক হৈছে ক্রমে কামৰূপ মহানগৰ জিলাৰ দিলীপ চন্দন শর্মা, শান্তনু কৌশিক বৰুৱা, মিহিৰ দেউৰী, ৰঞ্জিত হাজৰিকা, বিশ্বনাথৰ গুঞ্জন কুমাৰ ফুকন, লখিমপুৰৰ শশীধৰ দেউৰী, নলবাৰীৰ কমল কুমাৰ জৈন, তামুলপুৰৰ সোণবৰ বৰুৱা, তিনিচুকীয়াৰ যতীন মৰাণ আৰু কার্বি আংলঙৰ থানেশ্বৰ গয়াৰী৷

ডিজিটেল ডেস্ক, ৬ ডিচেম্বৰ

You might also like